ভাৰতী পাতৰ বৰগোহাঁই
ফুল আমাৰ সকলোৰে প্ৰিয়। ইয়াৰ মূলতেই হৈছে ফুলৰ বৰণ, আকৃতি আৰু সুগন্ধ । ফুলে আমাৰ মনোজগতত প্ৰশান্তি যোগোৱাৰ লগতে উৎফুল্লিত কৰে আৰু যদিহে সেই ফুল সুগন্ধী হয়, তেতিয়া উভয়ৰে মাত্ৰা বহুগুণে বৃদ্ধি পোৱাটো সম্ভৱ হয় ।শেৱালিও হৈছে তেনে এবিধ ফুল যাৰ মৃদু স্নিগ্ধ সুবাসে মোহময়ী শাৰদী নিশাবোৰক আৰু অধিক মাদকীয় কৰি তোলে । অৱশ্যে ইয়াৰ প্ৰকৃত আমেজ ফুল নাইবা গছজোপাৰ অলপ ওচৰলৈ অহা ব্যক্তিয়েহে লাভ কৰে । শেৱালি ফুল একোপাহ আকাৰত তেনেই সৰু, যদিও ইয়াৰ বগা পাহিৰ লগত সংযুক্ত নিম্নাংশৰ ৰঙা ৰঙে ফুল একোপাহক অধিক আকৰ্ষণীয় কৰি তোলে।
সৌন্দৰ্য্যৰ ফালৰ পৰা শেৱালি ফুল যেনেকৈ মনোমোহা, ঠিক তেনেদৰে আমাৰ স্বাস্থ্য ৰক্ষা আৰু বিভিন্ন ৰোগৰ চিকিৎসাতো ইয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে । সেয়েহে হয়তো অতীজৰে পৰা আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগত থলুৱা ব্যঞ্জনৰ তালিকাত শেৱালি ফুলৰ বিভিন্ন ব্যঞ্জনে বিশেষ স্হান দশল কৰি আহিছে, যেনে শেৱালি ফুলৰ বৰ বা পকৰি,খাৰ দি বনোৱা শেৱালি ফুল, শুকান শেৱালি ফুলৰ ভাজি আদি । যিহেতু এতিয়া শেৱালি ফুলৰ বতৰ সেয়েহে ময়ো আজি আপোনালোকৰ মাজলৈ শেৱালি ফুলৰ এটা টেষ্টি ৰেচেপি আগবঢ়াবলৈ লৈছো। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লগতে শেষৰ ফালে শেৱালি ফুলৰ উপকাৰিতাও দুই এটা উল্লেখ কৰিম। গতিকে লিখনিটো শেষলৈকে পঢ়িব বুলি আশা কৰিলোঁ।
মোৰ এই শেৱালী ফুলৰ ৰেচেপিটোৰ বাবে প্ৰয়োজন হ'ব -

উপকৰণ-
* শেৱালি ফুল,
* পিঠাগুৰি,
* মাছ,
* কল খাৰ,
* জালুক,
* জলকীয়া,
* আদা - নহৰু,

প্ৰণালী -
প্ৰথমে এখন কেৰাহীত মাছ কেইজনী মান তেলত ভাজি লব আৰু লগতে আন এখন কেৰাহীত কেইপাহ মান শেৱালি ফুল তেল নিদিয়াকৈ ভাজিব । তাৰপিছত আদা - নহৰু অলপ পেষ্ট বনায় লব আৰু লগতে জালুকৰ গুড়ি, হালধী অকমানো এগিলাচ মান পানীৰ লগত ভালদৰে মিলাই শেৱালি ফুল খিনত দি দিব। যদিহে অলপ বেছি জ্বলা খায় তেন্তে এটা বা দুটা জলকীয়াও লগতে দি উতলিবলৈ দিব। যেতিয়া উতলিবলৈ ধৰিব তেতিয়া দুচামুচ পিঠা গুৰি অকণমান পানী দি ভাল দৰে মিলাই তৰকাৰী খিনত দি দিব আৰু লগে লগেই কল খাৰ দুচামুচ আৰু সোঁৱাদ অনুসৰি নিমখো অকণমান দি দিব। এতিয়া গোটেই তৰকাৰী খিনি ভালদৰে উতলিবলৈ ধৰিলে ভাজি থোৱা মাছ খিনি দি আকৌ ভালদৰে গোটেই তৰকাৰী খিনি কিছু সময় মিলাই জুইৰ পৰা নমাই দিব আৰু গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব। এনেদৰে ৰান্ধিলে খাবলৈ বহুত টেষ্টি আৰু স্বাস্থ্যকৰ হয়। যদিহে আজিলৈকে এনেদৰে খোৱা নায়, তেন্তে এদিন মোৰ দৰে ৰান্ধি খাওঁক, এবাৰ খায় পালেই আপোনাৰে বাৰে বাৰে খায় থাকিবলৈ মন যাব।
বি:দ্ৰ : ৰেচেপিটো বনোৱাৰ আগতে লিংকটো ক্লিক কৰি মোৰ Youtube ৰ ভিডিঅ'টো এবাৰ হলেওঁ চায় লব তেতিয়া খায় বেয়া লগাৰ কোনো কথাই নাহিব ।
https://youtu.be/ITWw63nxPFw 


শেৱালি ফুল কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতিয়েই নহয়,ঔষধ হিচাপেও এই ফুলৰ এক বিশেষ মহত্ব আছে । আয়ুৰ্বেদ শাস্ত্রত জ্বৰ, কাহ, গাঁঠিৰ বিষ আদি বিভিন্ন ৰোগৰ চিকিৎসাত শেৱালি গছৰ ফুল, পাত আদিৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। শেৱালি ফুল সাধাৰণতে তিতা সোৱাদৰ হয় বাবে কৃমি পেলুৰ সমস্যা,কাহ-চৰ্দি, কফ, লিভাৰৰ বিভিন্ন সমস্যা, উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগত মহৌষধ। তদুপৰি পৰম্পৰাগত বনৌষধি চিকিৎসাতো ইয়াৰ ব্যৱহাৰ হোৱা দেখা যায়।
গতিকে শেৱালি ফুল থাকোতেই ইমান উপকাৰী শেৱালি ফুল মোৰ দৰে এদিন বনায় খাব চোন। যদিহে ৰেচেপি বনায় তেন্তে বনোৱা আগত https://youtu.be/ITWw63nxPFw
এই লিংকটো ক্লিক কৰি ভিডিঅ'টো এবাৰ চাই ল'ব। তেতিয়া ৰেচেপি বনাবলৈ সুবিধা হ'ব আৰু যদিহে ভিডিঅ'টো ভাল পায় তেন্তে মোৰ Bharati’s kitchen নামৰ Youtube Channel টো Subscribe কৰি দিব যাতে মই দিয়া টেষ্টি ৰেচেপিৰ ভিডিঅ'বোৰ পায় নতুন নতুন সোঁৱাদ সকলোতকৈ আগ ল'ব পাৰে। ধন্যবাদ।

মোৰ কেইটামান প্ৰিয় ৰেচেপিৰ লিংক তলত আগবঢ়ালোঁ আশা কৰোঁ তোমালোকে ভাল পাব -




