বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
হে মোৰ
আলোক পথৰ যাত্ৰী
কোৱা চোন
কোন পথে আগুৱাই গৈছা তুমি।
তোমাৰ সেই
অপেক্ষাত আজি মই
আলোকৰ পথে পথে ফুৰিছোঁ ঘূৰি
এজন ভিক্ষাৰী হৈ।
দিবা নে আহি
মৰমখিনি ঢালি মোৰ বুকুৰ মাজত
আজি কৰিছোঁ হাহাকাৰ
আলোক পথত অশ্ৰু নিগৰাই চিঞৰি চিঞৰি।
আহিবা নে তুমি
আলোক পথে মৰম বিচাৰি বিচাৰি
মই তোমাৰ বাবেই আজি আছোঁ অপেক্ষা কৰি
বুকুত এসাগৰ মৰমৰ টোপোলা বান্ধি।
হে মোৰ
আলোক পথৰ যাত্ৰী
কোৱা চোন
কোন পথে আগুৱাই গৈছা তুমি।
ঘৰ:-কাকী
জিলা:-হোজাই লংকা
১৯/১০/২০২১