আলোকপাত- সুৰভি বৰ পাত্ৰ গোহাঁই
ড০ কুঞ্জলতা গগৈৰ "এজাক জোনাকী নামে" এখন সুন্দৰ কাব্যসংকলন। উপহাৰহিচাপে পোৱা কাব্যসংকলন খন কেইবাবাৰো পঢ়িলোঁ। পঢ়ি কি অনুভৱ হ'ল, দুশাৰীমান লিখাৰ মানসেৰে আগবাঢ়িছোঁ। ভিন্ন স্বাদেৰে ভৰপুৰ কবিতাবোৰে পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস। সহজ সৰল শব্দশৈলীৰ ব্যৱহাৰে কাব্যসংকলনখন সকলো পাঠকৰে বোধগম্য হোৱাকৈ বৰ্ণনা কৰিছে কবি কুঞ্জলতা গগৈয়ে।
ড০ কুঞ্জলতা গগৈ অসম চিকিৎসা মহাবিদ্যালয় (ডিব্ৰুগড়) ৰ নাৰ্চিং পাঠ্যক্ৰমৰ এগৰাকী প্ৰবক্তা। তাৰোপৰি সংগীত, পেইন্টিং আৰু কাব্য চৰ্চা একেলগে আগবঢ়াই নিয়া এগৰাকী সফল মহিলা।
"এজাক জোনাকী নামে" কাব্য সংকলন খনৰ বেটুপাত অলংকৰণ - তৰালী দেৱীৰ। মুদ্ৰক-অন্বেষণ পাব্লিকেশ্বন, ৰাজগড়, গুৱাহাটী - ৭, অক্ষৰ বিন্যাস - প্ৰশান্ত শৰ্মা।
কাব্যসংকলন তেখেতৰ অতি মৰমৰ সন্তান দেৱৰাজ আৰু দীপাংগনাৰ হাতত অৰ্পণ কৰিছে।
প্ৰায় চল্লিশ উৰ্ধৰ কবিতাৰে সমৃদ্ধ কাব্যসংকলন খনত মানৱতা, প্ৰকৃতি,জীৱনবোধ, দেশপ্ৰেম আৰু মাটিৰ গোন্ধ থকা কবিৰ কাব্যিক ঝংকাৰে পাঠকৰ হৃদয়ত মৃদু কম্পনে জোকাৰি যায়। প্ৰতিটো কবিতাৰে
চিত্ৰকল্পৰ ব্যৱহাৰ কাব্যিক আবেদনে পাঠকৰ মন চুই যায়। এবাৰতে যেন শেষ নহয় পঢ়াৰ হাবিয়াস। পুনঃ পুনঃ কাব্যিকতাৰ মনোজগতত সোমাই কাব্যৰস পান কৰি তৃপ্তি লভিব পাৰি কবি কুঞ্জলতা গগৈৰ কবিতাত।
কাব্যসংকনখনৰ "এজাক জোনাকী নামে" (পৃষ্ঠা নং ২৮) নামৰ কবিতাটোৰ জৰিয়তে প্ৰেমৰ এখন ইতিবাচক ছবি অংকণ কৰিছে। আন্তৰিকতাৰে অনুভৱৰ দলিছাত পাৰি দিছে প্ৰেমানুভূতিৰে ভৰপূৰ টোপ টোপ নিয়ৰৰ মুকুতা। জোনাকীক পোহৰৰ প্ৰতীক হিচাপে চিত্ৰকল্প অংকণ কৰি স্বৰ্গীয় প্ৰেমৰ গভীৰতাৰ কথা প্ৰকাশ কৰিছে মন মন্দিৰৰ উন্মুক্ত পৰ্দা খুলি। সেই কথা কবিতাটো হৃদয়ংগম কৰিলেই অনুধাৱন কৰিব পাৰি।
" তুমি আহিলেই / মোৰ চোতাললে, /মৃদু মলয়া বলে, /তুমি হাঁহিলে মোৰ কাননত, /গোলাপ তগৰ ফুলে।
কবিয়ে প্ৰেমৰ পবিত্ৰ মন্দিৰৰ দুৱাৰ খুলি আকৌ কৈছে," তুমি কাষত থাকিলে /, এন্ধাৰৰ সিপাৰৰ পৰা /, মোৰ পদূলিলৈ /তিৰবিৰাই তিৰবিৰাই /এজাক জোনাকী নামে /উজ্বলাই মোৰ হিয়াৰ কুঠৰী /কোনেও নজনাকে ।
ড০ কুঞ্জলতা গগৈয়ে জীৱনবোধৰ ওপৰত লিখা কাব্যিক অনুভৱে সহজে পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে। জীৱন যাত্ৰাৰ পথটো সিমান মসৃণ নহয় ।কেতিয়াবা আকাশলংঘী আকাংক্ষাৰে জীৱন ভৰি পৰে যদিও কেতিয়াবা যেন জীৱনৰ ৰংবোৰ হেৰাই যায় কালৰ কূটিল চক্ৰত। প্ৰাপ্তিৰ প্ৰাচুৰ্য্যৰে মন ভৰি পৰিলেও, পাই হেৰুৱাৰ বেদনাত জৰ্জৰিত হয় দেহ, মন । কল্পনাবিলাসী মনে দুচকুত আঁকি থোৱা সপোনবোৰ হেৰাই যায় সময়ৰ চাকনৈয়াত। সেই কথা "ৰং নামৰ কবিতাটো পঢ়িলেই (পৃষ্ঠা নং ২১) বুজিব পাৰি।" জীৱনৰ ৰংবোৰ / কেনিবা হেৰাই গ'ল /দুচকুত অঁকা সপোনবোৰ /ধূসৰ গধূলি হ'ল। /তুমি আহিবা বুলি /খুলি থোৱা জপনাখন /খোলাতেই ৰ'ল। হয়তো নাহে আৰু কেতিয়াও ঘূৰি /সেই সেউজীয়া সময় / যি পাৰ হৈ গ'ল তীব্ৰ বেগেৰে /জীৱন নদীৰ তীৰত মাথোঁ গ'ল ৰৈ /পোৱা নোপোৱাৰ হিচাপৰ আঁকবাক/আৰু বেদনাৰে ভৰা কিছু পল। "
জীৱন বাটত লগপোৱা সুমধুৰ ক্ষণবোৰ ক'ৰবাত যেন হেৰাই গ'ল। পোহৰ আঁতৰি ধূসৰিত গধূলিৰে আৱৰি ধৰিলে কবিৰ অনুভৱৰ চোতাল। হৃদয়ৰ দুৱাৰ খুলি সেউজ সময়ৰ সংকেত ধ্বনি বাজি নুঠে
কোনো দিনে। পোহৰ সন্ধানী কবিয়ে পোহৰৰ পৰিবৰ্তে দেখা পাইছে ধূসৰিত প্ৰতিচ্ছবি। য'ত বিজড়িত হৈ আছে জীৱনৰ পোৱা নোপোৱাৰ হিচাপ, ঘাত প্ৰতিঘাতৰ বেদনাগধুৰ পল। সেই কথা কবিতাটোৰ জৰিয়তে কবিয়ে পৰিস্ফুট কৰি তুলিছে ।
ঠিক তেনেদৰে কবিৰ কেইবাটাও কবিতাত স্বদেশ প্ৰেমৰ ভাৱ বিদ্যমান। দেশমাতৃৰ দুখত কবি হৃদয় ম্ৰিয়মান। লাচিত, কনকলতা আদি বীৰ বীৰাংগনাৰ ত্যাগৰ বিনিময়ত স্বাধীনতাৰ জয়গান গোৱা দেশমাতৃয়ে সময়ে সময়ে পৰাধীন দেশৰ নাগৰিকৰ দৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হয়। সেইবাবেই কবিয়ে "আই তোৰ দুখত" নামৰ কবিতা(পৃষ্ঠা নং ২৩)ৰ যোগেদি মনৰ অনুভৱ ব্যক্ত কৰিছে। "আই তই দুখ নকৰিবি, /তোৰ বৰপুত্ৰ হঁতে দিয়া দুখবোৰ পাহৰি যাবি /, তোৰ নামত দিয়া মিছা প্ৰতিশ্ৰুতিবোৰে, /আভুৱা ভাৰি সকলোৰে মন মুহিলে, /ক্ষমতাৰ মোহত অন্ধ হৈ দেশ পালিলে। / কবিয়ে মনত পুঞ্জীভূত হৈ থকা বেদনাবোৰ উজাৰি দিছে কাব্যিকতাত।" আই তই হতাশ নহ'বি/তোৰ বুকুত এতিয়াও আছে /, জয়মতী, কনকলতা আৰু মূলাগাভৰুৰ দৰে জী, /আছে লাচিত, পিয়লীৰ দৰে পো।
বহুত ভাল লাগিল কবি কুঞ্জলতা গগৈৰ কাব্যসংকনখন হৃদয়ংগম কৰি। শেষত প্ৰিয় কবি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি
সামৰণি মাৰিলোঁ।