Type Here to Get Search Results !

আহোম সকলৰ পৰম্পৰাগত চকলং পদ্ধতিৰ বিবাহ অনুষ্ঠান

 দীপজ্যোতি বৰ গোহাঞি 


         আহোম সকলে নিজস্ব  ভাষা ;ধৰ্ম ;আৰু সংস্কৃতিবান লোক  আছিল যদিও প্ৰায় সকলো খিনিয়েই আজিৰ তাৰিখত এৰি পেলালে যদিও নিজস্ব বিবাহ পদ্ধতি চকলং এৰি দিয়া নাই আজিও ৷পুৰণি অসমৰ জনজাতি বিলাকৰ মাজত বা বিশেষকৈ কছাৰী বৰাহী আদি জাতি বিলাকৰ মাজত পলুৱাই নিয়া সাধাৰণ অনুষ্ঠান আদিৰ মাজেৰে বিয়া দিয়া নিয়া নিয়ম প্ৰচলিত আছিল বা মুকলিমুৰীয়াকৈ চলিছিল যদিও তাৰ মাজত থাকি আহোম সকলে এক সুকীয়া বিবাহ পদ্ধতি অটুত ৰাখিছিল ৷এইদৰে অটুত ৰখাৰ কাৰণ হ’ল আহোম সকলে যিকোনো  বংশ বা জাতি উপজাতিৰেই কন্যা বা ছোৱালী বিয়া কৰিছিল কিন্ত বিয়া দিবলৈ লওঁতে বংশ বা খেল মান আদি টুকুৰিয়াই টুকুৰিয়াই হিচাব কৰিছিল৷ফলত প্ৰতিঘৰ চমুৱা আহোমেই আনুষ্ঠানিক ভাৱে বিয়া পাতিছিল আৰু পুৰণি কলীয়া বিবাহ  পদ্ধতি জীয়াই ৰখাত সহায় কৰিছিল ৷কোনো কোনো সমভ্ৰান্ত আহোমৰ মাজত আজিও তলে তলে হলৈও এনে বিচাৰ চলি আছে ৷সাতশ বছৰীয়া আহোমৰ ৰাজত্বত মাত্ৰ তিনিগৰাকী কুঁৱৰী বাহিৰলৈ উলিয়াই দিছিল কিন্ত কুৰি গৰাকী মান বাহিৰৰ পৰা আনিছিল ৷চকলং মানেই আহোম ভাষাত বিয়া ৷আদিম সমাজ ব্যৱস্থাৰ ফলস্বৰূপে আৰু ডেকা গাভৰুৰ মনৰ মিলন বিহু আদি উৎসবৰ যোগেদি হোৱা অবাধ প্ৰণয়ৰ উত্তৰ ব্যৱস্থা হিচাপে বহতো গান্ধব্য বিবাহ সম্পন্ন হৈছিল ৷এনে ক্ষেত্ৰত ডেকা গাভৰুৱে মনৰ দৃঢ়তাক মন্ত্ৰ হিচাবে লৈ বিয়া পাতিছিল ৷কোনো ক্ষেত্ৰত ডেকাই আৰু কোনো ক্ষেত্ৰত গাভৰুৱে আগভাগ লৈয়ো দাম্পত্য জীৱনৰ পাতনি মেলিছিল ৷কিন্ত এনেবোৰ বিয়াক পাছত  সামাজিক শাস্তি আৰু সংশোধনীৰে স্বীকৃতি দিছিল সমাজে যদিও কিন্ত ঘৰুৱা ভাষাত "পলুৱাই নিলে ;পলাই গ’ল ;লগ ধৰি গ’ল ;বেৰৰ চুক ফালি নিলে ইত্যাদি ভাষাৰে ইতিকিং কৰিছিল ৷আহোম সকলৰ বংশ পৰম্পৰা আৰু সমন্দ্ধ বিচাৰ অতি সুক্ষ্ম আছিল ৷নিজৰ বংশৰ ভিতৰত কাৰোবাৰ প্ৰণয় হলে তৎক্ষণাত


সমাজচ্যুত কৰা হৈছিল ৷এনেকৈ সমাজৰ পৰা বাদ পৰা মানুহক গৰীয়া পৰা বুলিছিল ৷এনে ব্যক্তিৰ সতি সন্ততিয়ে কাহানিও সমাজত ভাল মান ময্যদা নাপাইছিল ৷তাৰোপৰি  একে চমুৱা খেলৰ  মাজতো বিবাহ নিষিদ্ধ আছিল ৷বুঢ়া গোহাঁই পৰস্পৰ  হন দেওধাই বংশৰ মাজত চৈধ্য ঘৰ বৰগোহাঞি মহন আৰু ৰাজকোঁৱৰ কপলীয়াল সন্দিকৈৰ মাজত বিবাহ নিষিদ্ধ আছিল যিটো আজিও সমভ্ৰান্ত আহোম সকলে মানি আহিছে ৷বুঢ়া গোহাঁই বুঢ়া বৰ গোহাঁইয়ে বৰ গোহাঁইয়ে গোহাঁইয়ে ;চেতিয়াই চ চেতিয়াই ;লাহনে লাহনৰ মাজত বিয়া কৰাব নোবাৰিছিল ৷বুঢ়া গোহাঁইয়ে বুঢ়াগোহাঁইৰ ঘৰৰ ছোৱালী বিয়া কৰালে সেই বংশক পাপঙীয়া ;বৰ গোহাঁইয়ে বৰ গোহাঁই বংশতে বিয়া কৰালে ভেবা "গোহাঁই লাহনে লাহনে লেজু নামেৰে বংশক নামকৰণ কৰিছিল ৷এবাৰ বংশৰ পৰা পদস্খলন হলে পুনৰ মান মৰ্যাদা ঘুৰাই পাবলৈ বহু অসুবিধা হৈছিল আৰু সহজে নাপাইছিল ৷গতিকে চমুৱা বংশৰ মাজত অবৈধ প্ৰণয় আৰু বিবাহ হোৱাটো অতি কঠিন আছিল ৷চকলং প্ৰথা আহোম সকলৰ বিশেষ বৈশিষ্ট্যপুৰ্ণ বৈবাহিক প্ৰথা ৷আহোম পুৰোহিত ;শাস্ত্ৰ;আৰু নিজস্ব ভাষাৰে চকলং অনুষ্ঠিত হয় ৷দৰাৰ ঘৰতকৈ কন্যাৰ ঘৰত বেছি প্ৰাধান্য আৰু মান্যতা প্ৰদান কৰা হৈছিল ৷দৰাৰ ঘৰৰ মানুহে কন্যা খোজা বঢ়া কৰা বিষয়ত আগভাগ লব লগা হৈছিল ৷কাৰোবাৰ ঘৰত চকুত লগা ছোৱালী দেখিলে বা কোনোবা লগা ভগা মানুহে যোৰত জোৰা মিলাই ছোবালী আঙুলিয়াই দেখুৱাইছিল আৰু কন্যা ঘৰৰ মানুহক বু বাজ দি নিৰ্দ্ধাৰিত দিনত সোধনী ভাৰ পেলাইছিল সেই ভাৰত হাঁহ ;কোমোৰা ;পাৰ তামোল পাণ ;  ; চাউল পাত জা -জলপান আছিল ৷উচিত মান সৎকাৰ কৰি সেইদিনাই প্ৰকাশ্যে ছোবালী খোজা বঢ়া কৰে ৷ছোৱালীৰ ঘৰৰ মানুহে মাননি লৈ লৰাৰ বংশৰ মৰ্যদ্যা আদিত যদিহে আসোঁৱাহ নাপায় ৰাইজ খনৰ সন্মুখত কথা চিঙে কোনো নিৰ্দিষ্ট দিনত লৰাৰ ঘৰলৈ যোৱাৰ ৷সেই মতেই কন্যাঘৰৰ জনচেৰেক সমন্ধীয় গাঁৱৰ জ্ঞাতি চুবুৰীয়া লোক দৰাৰ ঘৰ দুৱাৰ চাই আহে ৷সেই দিনাও দৰাঘৰীয়া মানুহে কন্যাঘৰীয়া মানুহখিনিক হাঁহ :পাৰ মাৰি মাছ মঙহৰে সোধ পোছ কৰে ৷ইয়াকে ঘৰ ছাৱনি  খোবা বোলা হয় ৷আহোম সকলৰ মতে আহোম  ৰীতি নীতি মতে  পতা বিয়াৰ অনুষ্ঠানটোৱে হল চকলং বিয়া ৷চকলং কৰিবলৈ তিনিদিন ;পাঁচদিন ;সাতদিন বা ন দিন আগৰ পৰা পানী তুলি নোবাই ধোৱায় ৷চকলং কৰিবলৈ সাতোটা বৰণৰে এখন মৰল সাজে ৷মৰলৰ এশএটা  এশ এখন বন্তি (মাটি চাকি ) জ্বলে ৷সেই চাকিৰ    পুৰ্ণ মৰলৰ আগতে বহি দৰা কন্যা দুয়ো দাম্পত্য জীৱনৰ বাবে মন্ত্ৰ আৰু সংকল্প গ্ৰহণ কৰে ৷পুৰোহিতৰ  তাই ভাষাৰ এশ এপাহ ফুলৰ দুধাৰ মালা ;তিনিখন থুৰীয়া তামোল ;এখন গামোছা ;এটা চাউল থকা দুৰণি ;দুখন মাইহাং ;পৰমান্ন আৰু পঞ্চামৃত ;দুযোৰ লোটা চৰিয়া তিনিডাল খৰিকা আৰু এখন হেংডাং ৷কন্যা সম্প্ৰদানৰ সময়ত কন্যা দাতাই কয় ;যে ;"আজি মোৰ জীক পৰমেশ্বৰক আগত ৰাখি তোমাক দান কৰিলো ৷তুমি সদায় মৰমেৰে ৰাখিবা ৷দৰাই প্ৰত্যুত্তৰত কয় ;মই আপোনাৰ দান সাদৰৰে গ্ৰহণ কৰিলো ৷দৰাই তাৰ পাছতে কন্যাই এখন কাপোৰ দি দৰাক কয় ;"বঙহৰ দেউ ;এইখনি কাপোৰ কৱচ স্বৰুপে পৰিধান  কৰি অজেয় হওক "দৰাই সেই কাপোৰ দৰাই গ্ৰহণ কৰি কয় ;এই বস্ত্ৰৰে ককালত টঙালি বান্ধি শত্ৰুক জয় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হলো আৰু এই হেংডাঙে ৰে দুষ্টক দমন কৰি শিষ্টক পালন কৰি ৰাজ্য আৰু ৰাজ ধৰ্ম ৰক্ষা কৰিবলৈ এই হেংডাং লৈ দৃঢ় প্ৰতিজ্ঞ হলো৷সেই সময়তে দৰা আৰু কন্যাই উভয়ৰে অতি কমেও সাত পুৰুষৰ বুৰঞ্জী কব লাগে ৷বিয়াৰ তিনিদিনৰ দিনা কন্যা ঘৰৰ মানুহে দৰাৰ ঘৰলৈ যায় আৰু পাঁচ দিনৰ দিনা দৰা কন্যা মাকৰ  ঘৰলৈ যায় তাকে ঘৰ উঠিবলৈ যোবা বোলে সেই দৰে ন দিন বা এঘাৰ দিনত পুনৰ কন্যাঘৰৰ আৰু দৰা ঘৰৰ মানুহ অহা যোবা কৰি তাকে দোনোৱা বোলে ৷আহোম সকলৰ লগত একেবাৰে তিৰোতা মানুহ কমকৈ আহিছিল ৷যাৰ বাবে স্বাভাবিকতেই থলুৱা ;মৰাণ ;বৰাহী ;চুতীয়া ;কছাৰী লালুং তিৱা ;ইত্যাদি জনগোষ্ঠী সমুহৰ পৰা তিৰোতা বিয়া কৰাইছিল ৷কোনো কোনো ক্ষেত্ৰত থলুৱা লোকাচাৰেও কন্যা বিয়া কৰোৱাটো অস্বাভাবিক নহয় ৷তথাপি বোঁৱতী সুঁতিৰ থিয় গৰাত আহোম সকলৰ স্বকীয় বৈশিষ্ট্য্  চকলং প্ৰথাক আজিও কালৰ বুকুত হেৰাই যাবলৈ নিদি বহু পৰিয়ালে জীয়াই ৰাখিছে ।

(সহায় লৈ  টাই সংস্কৃতিৰ ৰূপ ৰেখা ড° লীলা গগৈ)