Type Here to Get Search Results !

সম্পাদকীয়,

 সম্পাদকীয়


ৰাপক বৃত্তিলৈ ৰূপান্তৰ কৰাৰ আনন্দ

আমি দৈনন্দিন বিভিন্ন কামত জড়িত হও কাৰণ আৰ্থিক উপাৰ্জনৰ বাবে কোনোবা নহয় কোনোবা বৃত্তিত কাম আৰু সময় দিব লগা হয়। এনেক্ষেত্ৰত দেখা যায় কোনোবা সময়ত এটা কাম কৰি আমনিদায়ক হয় নতুবা কামটোৰ প্ৰতি আমাৰ ৰাপ নাথাকে তথাপিও উক্ত কামটো নকৰাকৈয়ো থাকিব নোৱাৰো বা নকৰিলে নহ'ব। উপাৰ্জন কৰিব নোৱাৰিম। এই দোমোজাত থাকি অনিচ্ছা স্বতেও কামটোত জড়িত থাকিব লগা হয়।
    সমাজত এনে এচাম ব্যক্তিও আছে যে তেওলোকে নিজৰ ভাল লগা বা ৰাপক বৃত্তিলৈ ৰূপান্তৰ কৰি নিজকে সফল আৰু সুখী মানুহ হিচাবে গঢ়ি তুলিবলৈ সক্ষম হৈছে। তাৰ বাবে কেনেকৈ  এনে ৰূপত নিজকে গঢ়ি তুলিছে তাৰে কিছু পৰ্যালোচনা কৰিব বিচাৰিছো।
১) নিজৰ ৰাপ সমূহ প্ৰথমে চিনাক্তকৰণ কৰিব লাগিব।
২) নিদিষ্ট ৰাপটো বাচি উলিয়াই তাৰ ওপৰত তথ্যভিত্তিক জ্ঞান আয়ত্ব কৰিব লাগিব।
৩) এই ৰাপটোক উপাৰ্জন ক্ষেত্ৰ খনক ভালকৈ খটুৱাই ইয়াৰ পৰা আনৰ চাহিদা পূৰণ কৰি কি ভাৱে সাম্ভাৱ্য উপাৰ্জন কৰিব পাৰি তাৰ সম্যক পৰ্যবেক্ষণ কৰি চাব লাগিব।
৪) বাস্তৱ ক্ষেত্ৰত কৰ্ম দিশেৰে অগ্ৰসৰ হ'ব লাগিব আৰু শৃংখলাবদ্ধ ভাৱে নিৰ্ধাৰিত সময় কামত মনোনিৱেশ কৰিব লাগিব।
৫) আন কামত একেলেথাৰিকৈ লাগি থাকিব নোৱাৰিলেও কিন্ত নিজৰ ৰাপ থকা কামটো একাণপতীয়াকৈ কৰি যাবলৈ নিজৰ মনৰ ভিতৰতে বল পাব। এনেদৰে দেখিব ৰাপক বৃত্তিলৈ ৰূপান্তৰ কৰাত সফল হৈছে।
   এবাৰ যদিহে সফল হ'বলৈ সক্ষম হয় তেতিয়া এই কামটোৰ ফলত নিজৰ আৰ্থিক উপাৰ্জনৰ লগতে বহু আনুষঙ্গিক লাভালাভ হ'ব যেনে- মনৰ মাজত স্বাৱলম্বিতা ভাৱ জাগ্ৰত হ'ব, মনলৈ প্ৰশান্তি আহিব, আমনি নলগাকৈ দীৰ্ঘ সময় কামটোত জড়িত হৈ থাকিব পাৰিব, নিজৰ লগতে আনকো এনেদৰে উপাৰ্জনৰ পথ দেখুৱাব পাৰিব আৰু উপাৰ্জনৰ পৰিমাণ দুগুণে বাঢ়িব।
  আহক সকলোৱে নিজৰ ৰাপক বৃত্তিলৈ ৰূপান্তৰ কৰি নিজৰে লগতে সমাজৰো মঙ্গল সাধিবলৈ যত্নপৰ হও।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়