Type Here to Get Search Results !

ঐ পাহাৰীয়া খৰলা জনী

 প্ৰসেনজিৎ খলাৰ বৰদলৈ


আহিবানে ভৈয়ামলৈ নামি,
সাজোঁনে কাচোনে সাজি।
মাঘৰ বিহুত আমাৰ ভৈয়ামলৈ,
জোন বিল মেলা চাবলৈ।

তোমাৰ দেহত মেৰিয়ালী নানা ৰঙে বোৱা
কাছ্যং ,ফাছকাই আৰু নাৰা,
তুমিয়ে মোৰ বুকুৰ বাখৰ তৰা।
ঐ পাহাৰীয়া খৰলা জনী,
তুমি দেখিবলৈ সঁচাই বৰ ধুনীয়া অ।

তুমি ভৈয়ামলৈ নামি আহিলে
ঐ পাহাৰীয়া খৰলা জনী,
মোৰ মনত এনে যেন লাগে।
পাহাৰৰ পৰা জিৰি জিৰিকৈ বৈ অহা,
তুমি মহাদেৱৰ জঁটাৰ গঙ্গাহে।

কাণৰ লুটিত জিলিকিছে তোমাৰ
পুৱাৰ সোণালী বৰণৰ পোহৰত
ছন্যানে কাইদং আৰু ৰূফানে কাইদং
আকৌ পিন্ধিলা চাপল, চিংলি,ল
তোমাৰ এই সুন্দৰ ডিঙিৰ গলত।

ঐ পাহাৰীয়া খৰলা জনী
খোজে প্ৰতি তোমাৰ পাহাৰৰ নিজৰা বৈ,
তোমাৰ কোমল দুভৰি খোজত।
আৰু যৌৱনে মোক আমনি কৰিছে,
মিঠা তোমাৰ অমিয়া মাতৰ সুৰত।

দেহত তোমাৰ এইয়া কি বৰণ সানিছাঁ
ভাল পাওঁ মই তোমাৰ দেহৰ সাঁজৰ বৰণ,
ৰঙা হালধীয়া আৰু সেউজীয়াৰে  ভৰা।
তুমিয়ে প্ৰকৃতিৰ ৰাণী আৰু জলকুৱৰী,
ঐ পাহাৰীয়া খৰলা জনী

জিলা- হোজাই লংকা
ঘৰ- কাকী, জানুৱাৰী- ১৩/০৯/২০২১

বিদ্রোঃ- খৰলা মানে-ছোৱালী।
কাছ্যং, ফাচকাই,নাৰা-তিৱা মহিলা সকলে পৰিধান কৰা বস্ত্ৰ,(কাপোৰ)।
ছন্যানে কাইডং,ৰূপানে কাইডং মানে,- সোণ ৰূপৰে গঢ়া কাণত পিন্ধা কাণ ফুলি। চাপল, চিংলি ল মহিলা সকলে ডিঙিত পিন্ধা মণি।