Type Here to Get Search Results !

নাজিৰাৰ এখন প্ৰাচীন সত্ৰ শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰমহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ যোগেদি সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ

 দীপজ্যোতি বৰগোহাঞি


সৌমাৰ খণ্ডত পৰবৰ্তী সময়ৰ অসমত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন স্থানত সত্ৰ আৰু নাম ঘৰ সমুহ প্ৰতিস্থা কৰা হৈছিল ৷পৰবৰ্ত্তী সময়ত বহু সত্ই আহোম স্বৰ্গদেউ সকলৰ ভিতৰত কেইবাজনৰো ৰাজ আনুগত্য পাইছিল ৷ইয়াৰ ব্যতিক্ৰম নহয় নাজিৰা মহকুমাৰ শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰ ৷এই সত্ৰ মহাপুৰুষ শংকৰদেৱৰ পৰবৰ্তী সময়ৰ আদি পুৰুষ "কৃষ্ণ দেৱে "ৰমানন্দ দেৱৰ আজ্ঞাত প্ৰথমে বৰবাম অঞ্চলত সত্ৰ প্ৰতিষ্ঠা কৰিছিল ৷শ্ৰীকৃষ্ণদেৱৰ তিনিজন পুত্ৰ ক্ৰমে সূদৰ্শন দেবক নিজৰ লগত ৰাখি মধ্যম পুত্ৰ বিজয়ানন্দক নাজিৰাৰ বুধবাৰে সত্ৰ আৰু সৰু পুত্ৰ উদালদেৱক কাটনীপাৰ সত্ৰ প্ৰতিস্থা কৰিবলৈ আজ্ঞা দিছিল ৷সত্ৰৰ চৰিত পুথিত উল্লেখ আছে যে "শ্ৰীকৃষ্ণ দেৱে "সাতমান ভগীয়া ভকত  লগত লৈ নামঘৰত নাম প্ৰসঙ্গ  ভকত সকল অন্তৰ্ধান হয় ৷শ্ৰীকৃষ্ণদেৱৰ তিনিজন পুত্ৰৰ সুদৰ্শনদেৱ ;বিজয়া নন্দ ;আৰু সুনন্দ ৷যি জন পুৰুষে "নৃসিংহ "যাত্ৰা নাট লিখিলে তেখেত ৰামদেৱৰ পৰা শৰণ ভজন ভক্তি ধৰ্ম গ্ৰহণ কৰি এমাহৰ আধা দশাব্দ ধৰ্ম পালন কৰি পুতেক সুদৰ্শনক ধৰ্ম পালন কৰিবলৈ  আজ্ঞা দি ৭৯ বছৰ বয়সত জেঠ মাহৰ কৃষ্ণা চতুদশী তিথিত বৈকুণ্ঠ গামী হয় ৷শ্ৰীশ্ৰী গোপাল আতাৰ আজ্ঞাপৰ  ৰমানন্দ  দেবৰ পৰা ধৰ্মৰ ভাৰ লৈ শ্ৰীশ্ৰীকৃষ্ণদেৱে  এই চলিহা বৰবাম সত্ৰ প্ৰতিস্থা কৰিছিল ৷শ্ৰীকৃষ্ণ দেবৰ বৈকুণ্ঠ প্ৰয়াণৰ পিচত তেখেতৰ জেষ্ঠ পুত্ৰ সুদৰ্শন বৰবাম সত্ৰৰ ধৰ্মাচায্য হয় ।সেই সময়তেই স্বৰ্গদেউ?চ্যুতাফা বা গদাধৰ সিংহৰ ৰাজত্ব কালত তান্ত্ৰিক বাহ্মণৰ চক্ৰান্ত মৰ্মে ১২ জন কাল সংহতিৰ মহন্তক গোসানী পূজা নকৰাৰ বাবে কাল  ভাদ মাহৰ পূৰ্ণিমাৰ ৰাতি   নামৰূপত প্ৰাণ দণ্ড দিছিল  ৷সেই বাৰজন মহন্তৰ মাজত শ্ৰীশ্ৰীচলিহাবাৰেঘৰ সত্ৰৰ সূদৰশনদেৱো আাছিল ৷সুদৰ্শনদেৱে ভকত সহিতে আহোম স্বৰ্গদেউৰ ৰাজচৰাত  উপস্থিত হোৱাত  স্বৰ্গদেউ  গদাধৰ সিংহই সুদৰ্শনদেবক দেৱীপূজা কৰিবলৈ ৰাজ আজ্ঞা দিছিল যদিও তেখেতে ৰাজ আজ্ঞা পালন কৰিব পৰি নাযাব বুলি কৈছিল যাৰ বাবে ৰাজদ্ৰোহ কৰা বুলি সাতজন ভকতৰ সৈতে নামৰূপলৈ লৈ গৈছিল ৷ভাদ মাহৰ পুৰ্ণিমাৰ দিনা অন্য মহন্ত সকলক প্ৰাণদণ্ড দিয়াৰ পাছত সুদৰ্শন দেৱে  মহন্ত সকলক কাঠ সংস্কাৰ কৰিবৰ বাবে কাটোৱালক সময় বিচাৰি ভকত সকলক লগত লৈ চিতহ নিৰ্মাণ কৰি দাহন কাৰ্য  শেষ কৰি পিচদিনা ভকত সকলৰ সৈতে অন্তৰ্ধান হৈছিল ৷যাৰ বাবে আজিও সেই তিথি নামৰূপীয়া তিথি বুলি উদযাপন কৰি আছে শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ শিষ্য সকলে ৷সুদৰ্শনদেবৰ পুত্ৰ শ্ৰীৰামদেৱে ১৫৬৭ শকত জন্ম গ্ৰহণ কৰি পুত্ৰৰ শিক্ষাৰ বাবে কাশীৰ পৰা বিদ্যাৰত্ন নামৰ পণ্ডিত অনাই বিদ্যা শিক্ষা দিয়াইছিল ৷এইজনা শ্ৰীৰামদেবেই আহোম স্বৰ্গদেউ  ৰুদ্ৰসিংহ আৰু শিবসিংহৰ ৰাজচৰাত বহুবাৰ অংকীয়া ভাওনা দেখুওৱাই আনন্দ প্ৰকাশ কৰাৰ লগতে প্ৰশংসা বুটলিছিল ৷তেখেতৰ দিনৰে পৰাই এই সত্ৰত নগা পাহাৰৰ লমাখুনবাওৰ পৰিয়ালক শিষ্যত্ব প্ৰদান কৰি পাহাৰ আৰু ভৈয়ামৰ ঐক্য সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰা হৈছিল ৷ সত্ৰৰ চৰিত পুথিত উল্লেখ আছে যে ;নৰোত্তমে শৰণ লওঁতে কালীয় দমন নাটৰ ভাওনা প্ৰদৰ্শন হৈছিল ৷আৰু তেওঁৰ দিনতে নৰোত্তম ৰজাই দিহিং নদীৰ পুৱ পাৰে টিপামৰ মাজেদি মেৰবিল চলিহা  সত্ৰলৈ আৰু কেন্দুগুৰীৰ আঘোনী বাৰীৰ বালি সত্ৰলৈ যাবলৈ এটি চয়াংৰ আলি নামেৰে আলি বন্ধাই দিছিল ৷নক্তে ভাষাত চয় মানে কৰ ৷সেই আলিয়েদি  প্ৰতি বছৰে তেওঁলোকে কৰ শোধাবলৈ পাত্ৰ মন্ত্ৰী সাতোলা সহিতে সেই আলেয়েদি অহা যোবা কৰিছিল ৷গোপাল আতাৰ আজ্ঞাপৰ কাল সংহতিৰ সত্ৰ সমুহৰ এটি আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য্ হ’ল ---মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম বা এক শৰণ নাম ধৰ্ম  প্ৰচাৰৰ ক্ষেত্ৰত সত্ৰ সমুহে গ্ৰহণ কৰা উদাৰ দৃষ্টি ভংগী ৷সেয়েহে অসমৰ বিভিন্ন জাতি -উপজাতিৰ মাজত বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰ কৰি ধৰ্মীয় আৰু সাংস্কৃতিক ডোলেৰে বৰ অসমৰ ভেটি কৰাত গোপাল আতাৰ পনঁহি সত্ৰ সমুহৰ অৱদান অপৰিসীম ৷কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতি উপজাতিৰ মাজতেই যে   নহয় অকা ;ডফলা ;নগা ;নক্তে ;আদি পাহাৰীয়া জনগোষ্ঠী সমুহৰ  মাজতো এক শৰণ নামধৰ্ম প্ৰচাৰ কৰি সত্ৰ সমুহে পাহাৰীয়া জনগোষ্ঠী সমুহৰ  মাজত সম্প্ৰীতি গঢ়ি তুলিছিল ৷বিশেষকৈ  অতি পাছপৰা সমাজৰ লোক সকলক এই গোপাল পন্হী সত্ৰ সমুহে আকোৱালী লৈছিল জাতি  অজাতিৰ ভেদাভেদ নাৰাখি ব্ৰাহ্মণ ;কায়স্থ ;আহোম ;চুতীয়া :বৰাহী৷;কো্ঁচ ;কছাৰী৷;কলিতা ;মৰাণ মটক ;কৈৱত্ত ;নগা ;নক্তে ;আদি  চাহবনোৱা সকলো সম্প্ৰদায়ৰ লোককে মহাপুৰুষীয়া ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল ইয়াৰ ব্যতিক্ৰম নহয় শ্ৰীশ্ৰেচলিহা বাৰেঘৰ সত্ৰ ৷নক্তে ৰজা লথা খুনবাওক শৰণ দি নাম দিছিল শ্ৰীৰামদেৱে নৰোত্তম ===ইমতে কাৰুণ্য দেখিয়া নগাৰ;৷অতিশয় তুষ্ট ভৈলা ৷৷ কৃষ্ণৰ একান্ত শৰণ কহিয়া নৰোত্তম নাম থৈলা ৷ ৷(সহায় লৈ স্মৃতি গ্ৰন্হ শিষ্য সমাৰোহ ২০০২ বৰ্ষৰ )