Type Here to Get Search Results !

মৈদা, ৰিফাইন তেল আৰু বেকিং নিদিয়াকৈ অতি সহজে কোমোৰাৰ খুৰমা বনাও আহক

 ভাৰতী পাটৰ বৰগোহাঁই


 আমি খাদ্য হিচাপে খোৱা গোটা পাচলিবোৰ ভিতৰত এবিধ ডাঙৰ পাচলি হ’ল কোমোৰা। অসমীয়াৰ থলুৱা খাদ্য সম্ভাৰৰ তালিকাত এই কোমোৰাৰ এক বিশেষ স্থান আছে। আগৰ দিনত প্ৰত্যেক ঘৰ অসমীয়া মানুহে ঘৰৰ মুধচত, ছালত কোমোৰা বগাবলৈ দিয়ে আৰু পূৰঠ কোমোৰা বোৰ জুইশালত নাইবা চাংঘৰত এবছৰলৈকে সংৰক্ষণ কৰি খাবৰ বাবে থৈ দিয়ে । কোমোৰ সাধাৰণতে মাংস - মাছ, দাইল আৰু ভাজি কৰি খাব পাৰি।আজি কালি অৱশ্যে বহুতে কোমোৰাৰ পৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদু মিঠাইও প্ৰস্তুত কৰে। যদিও  হাঁহ মাংস আৰু মাছৰ লগত কোমোৰা খাবলৈ বৰ তৃপ্তি হয়। 

   
     যিহেতু এতিয়া কোমোৰা লগাৰ সময় আমাৰ ঘৰতো পিছতিয়াকৈ লগা কোমোৰা কেইটামান  আছিল । কোমোৰাৰ তৰকাৰী খায় খায় এই কেইদিন আমনি লাগি গৈছিল সেয়েহে মই কালি সন্ধিয়া চাহ কাপৰ লগত খাবৰ বাবে  অলপ পৃথকৈ কোমোৰাৰ খুৰমাকে বনালো। প্ৰথমবাৰ চেষ্টা কৰিছো তাকো  মৈদা, ৰিফাইন তেল আৰু বেকিং পাউডাৰ নিদিয়াকৈ বনাবলৈ। সেয়েহে খাবলৈ বা কেনেকুৱা হ'ব বুলি ভাবিছিলো যদিও খাবলৈ ভবাৰ দৰে বেয়া নালাগিল আৰু লগতে খুৰমা খিনি খুব মচমচীয়াও হৈছিল । তেন্তে আহক চোন মই কোমাৰৰ খুৰমা বিধনো কেনেকৈ বনালো তাৰ বিষয়ে জানো। আপোনালোকে যদিহে মোৰ ৰেচেপিৰ ভিডিঅ'টো চাব বিচাৰে তেন্তে লিংকটো ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব🔴 https://youtu.be/oLwPLTm9_Ho

উপকৰণ - কোমোৰাৰ এই খুৰমা বনাবলৈ মোক প্ৰয়োজন হৈছিল -
* কোমোৰা এটুকুৰা,
* চেনী আধা কাপ,
* অকণমান গাখীৰ,
* ঘি আৰু
* ইলাছী দুটা।

খুৰমা বনোৱা প্ৰণালীটো চাবৰ বাবে লিংকটো ক্লিক কৰক🔴 https://youtu.be/oLwPLTm9_Ho


প্ৰণালী - প্ৰথমে কোমোৰা এটুকুৰা বাকলি আৰু গুটিবোৰ গুচাই ভালদৰে ধুই কাটি ললো। আপোনালোকে নিজৰ পছন্দ অনুসৰি কাটি ল'ব। যিহেতু কোমোৰা খিনি ৰ'দত শুকোৱাই লব লাগিব সেয়েহে কোমোৰা খিনি বেছি ডাঙৰ আৰু বেছি সৰুও নকৰিব। তাৰপিছত ৰ'দত ৮-৯ ঘন্টা মান শুকোৱাই ল'ব। এতিয়া খুৰমা খিনি বনাবৰ বাবে এখন কেৰাহীত এচামুচ মান ঘি দি কোমোৰাৰ খিনি লৰাই লৰাই ৰঙচোৱা হোৱাকৈ ভাজি থাকিব। যিহেতু কোমোৰা খিনি শুকাই আছে সেয়েহে বৰ বেছি দেৰি ভাজিব নালাগে। যেতিয়া কোমোৰা খিনি ৰঙচোৱা হব'বলৈ ধৰিব তেতিয়া আধা কাপ চেনী দি ল'ব। চেনী খিনি গলিবলৈ আৰম্ভ কৰিলে অকণমান গাখীৰ দি গোটেই খিনি ভালদৰে মিলাই চেনী আৰু 
গাখীৰ খিনি শুকাই নোযোৱালৈকে কম জুইত ভাজি থাকিব। যেতিয়াই চেনী আৰু গাখীৰ খিনি শুকাই কোমোৰাৰ খুৰমা খিনি এডোখৰ এডোখৰ হ'ব তেতিয়া কেৰাহীৰ পৰা নমাই দি চাহৰ লগত পৰিবেশন কৰিব। এনেদৰে বনাই থৈ দিব আৰু আলহী আহিলে খাবলৈ দিব চোন খায় খুব ভাল পাব। খুৰমা বনোৱা প্ৰণালীটো চাবৰ বাবে লিংকটো ক্লিক কৰি চাব পাব https://youtu.be/oLwPLTm9_Ho


       যিহেতু কোমোৰাত এণ্টি-অক্সিডেণ্ট,প্ৰচুৰ পৰিমাণে ভিটামিন-বি , চি , কে , আইৰণ , কেলছিয়াম , ফাইবাৰ , মেগনেছিয়াম , জিংক , পটাছিয়াম  আদি উপাদান পোৱা যায় ।  কোমোৰাত এণ্টি-অক্সিডেণ্ট গুণ  আছে বাবে কোমোৰাই আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কোমোৰাই  আমাৰ শৰীৰত তেজৰ অপকাৰী কলেষ্টৰল আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।কোমোৰাই হজম শক্তিও বঢ়ায়। ঠিক সেইদৰে কোমোৰাৰ ৰসে লিভাৰ , কিডনি , হৃদযন্ত্ৰ  আদি সুস্থ ৰখাত সহায় কৰি ৰখাত সহায় কৰে। কোমোৰাই প্ৰস্ৰাৱ জনিত সমস্যা প্ৰতিৰোধ কৰে। তদুপৰি আভোক , বদহজম , কোষ্ঠকাঠিন্যতাৰ সমস্যা আদি দূৰ কৰে । সেয়েহে আমি  ইমানবোৰ গুণৰ অধিকাৰী এই কোমোৰা  নিয়মিয়াকৈ খোৱা উচিত। যদিও আজি কালি আমাৰ কিছুমান ল'ৰা - ছোৱালীৱে কোমোৰা খাবলৈ অনিহা প্ৰকাশ কৰে। ‌গতিকে আপোনালোকেও মোৰ দৰে এদিন কোমোৰাৰ এই খুৰমা বনাই খায় চাব আৰু সিহঁতকো বনাই খোৱাবচোন, সিহঁতে খায় খুব ভাল পাব। আপোনালোকে বাৰু কোমোৰাৰ এই ৰেচেপি কেনে পালে জনাবচোন আৰু মই বনোৱা কোমোৰাৰ কেইটামান টেষ্টি ৰেচেপিৰ লিংক তলত দিছো, লিংককেইটা ক্লিক কৰি ভিডিঅ' কেইটা চাব পাৰিব। ধন্যবাদ। ‌


🟡কোমোৰাৰ লাৰু https://youtu.be/pZst2U9B6HM

🟡পাপৰ, মাছৰ আৰু কোমোৰাৰ তৰকাৰী https://youtu.be/owUoKyshvMg

🟡কোমোৰাৰ খুৰমা https://youtu.be/oLwPLTm9_Ho