Type Here to Get Search Results !

ককাৰ কীৰ্তি

  জয়শ্ৰী দেবী


      ককা-আইতা আৰু নাতি নাতিনীৰ কেনে মধুৰ সম্পৰ্ক। আজৰি সময়ত কাষত বহি ভূতৰ গল্প শুনা, লুডু খেলা, কাগজৰ টুকুৰাত চোৰ-পুলিচ লেখি খেলা, কেতিয়াবা আইতাৰ সৈতে বিয়া-সবাহ আদিলৈ যোৱাৰ মজাই বেলেগ। আমাৰ এজন ককা আছিল। তেখেতৰ ৰঙিয়াল স্বভাৱৰ কাৰনে আমাৰ খুব প্ৰিয় আছিল। ককাৰ এটা ডাঙৰ গুন আছিল, কিবা এটা কথা শুধিলে তাৰ উত্তৰটো ধুনীয়াকৈ ছন্দ মিলাই দিছিল।
      ককাই বতৰৰ আগজাননী দিছিল। কেতিয়াবা আকাশলৈ চাই কয়-“ আজি বৰষুণ দিব, ক’লা ডাৱৰবোৰ পূবলৈ গৈ আছে”। কেতিয়াবা কয়-“ আজি ধুমুহা-বতাহ আহিব, পশ্চিমফালে আকাশখন ৰঙা হৈ আহিব”। ককাৰ ভবিষ্যতবাণী কিন্তু প্ৰায়েই ফলিয়াইছিল। আমাৰ দেশত সঘনে হৈ থকা প্ৰাকৃতিক দূৰ্যোগৰ কাৰনে ককা খুব সচেতন আছিল। কেতিয়াবা এনে কিছুমান ঘটনাই হাঁহিৰ খোৰাক জোগাইছিল।
       ব্ৰহ্মপুত্ৰ নদীৰ মঠাউৰিটো ককাহঁতৰ ঘৰৰ কাষতে। এবাৰ খুব বানপানী হৈ মঠাউৰীৰ ওচৰ পাইছিল। ৰাতি ন’টা মান বজাত ককাই খুব চিঞৰ-বাখৰ লগালে। আমাক ক’লে-“ দুৱাৰ-খিৰিকি বন্ধ কৰি ঘৰৰ ভিতৰত সোমাই থাক, বাঘ আহিছে”। আমিও তাকে কৰিলো। অলপ পিছত ককাহতৰ লগুৱাটোৱে দুৱাৰত ঢকিয়াই ক’লে-“ বাঘ নহয়, বানপানীত উটি অহা ম’হ হে”।
       এদিন ৰাতি দুটা মান বজাত ককাই “ভূমিকম্প আহিছে, সকলোৱে চোতাললৈ ওলাই আহ” বুলি ধুম-ধাম দুৱাৰ খুলি চোতাল পালে। আমিও টোপনীয়াই টোপনীয়াই চোতাল পালোহি। অলপ পিছত ভিতৰৰপৰা আইতাই মাতিলে-“ ভূমিকম্প নহয় অ’, চিলিঙত পাৰ কেইটাই যুদ্ধ কৰি আছে, শুই থাকহি”।
        ককাই ধুমুহা-বতাহ আহিলে ঘৰৰ সৰুকেইটাক টানি-টুনি বিছনাৰ তলত সুমুৱাই দিছিল আৰু লেম্প এটা কাষত থৈ দিছিল। কেতিয়াবা কোনোবাটোৱে সোমাব নুখুজিলে, মাৰ খাই কান্দিলে ককাই কৈছিল-“ মনেমনে বহি থাক যদি চাৰি অনা পইচা দিম”। লগেলগে কান্দোন বন্ধ হৈছিল।
      এদিন ককাই কিবা কামত দূৰলৈ যাবলগীয়া হ’ল, দুদিন পিছত ঘুৰি আহিব। ৰাতিপুৱাৰ বাচতে গ’ল। আবেলি চাৰিটা মান বজাতে উভতি আহি ঘৰ পোৱা দেখি সকলো আচৰিত হ’ল। আইতাই সুধিলে-“ কি হ’ল, দুদিন পিছত আহিব লগা মানুহ দেখোন একেদিনাই আহি পালেহি”। ককাই উত্তৰ দিলে-“ কি কৰিম, আজি বহুত ডাঙৰ ধুমুহা-বতাহ আহিব, সেয়ে গুচি আহিলো”।

বঙাইগাওঁ