মালবিকা শৰ্মা, ভুবনেশ্বৰ
নিয়মিত বিৰতিৰে লয়যুক্ত কৰা ধ্বনি প্ৰবাহৰ সৌন্দৰ্য্যকে ছন্দ বুলি কোৱা হয়। ছন্দই কবিতাক অধিক মনোৰম কৰি তোলে। ছন্দ প্ৰধানত দুই প্ৰকাৰৰ হয়-
১)মিত্ৰাক্ষৰ ছন্দ
২)অমিত্ৰাক্ষৰ ছন্দ
ছন্দৰ প্ৰথম শাৰীৰ শেষৰ আখৰৰ লগত দ্বিতীয় শাৰীৰ শেষৰ আখৰৰ মিল থাকিলে তাক মিত্ৰাক্ষৰ ছন্দ বোলা হয়। উদাহৰণস্বৰূপে-

ময়েই তোমাৰ বুকু ভৰা শ্বাস।
ময়েই তোমাৰ দেহৰ সুবাস,
মোৰ বাবেইতো জীৱনৰ আশ্বাস।

সেইদৰে যি ছন্দত এই মিল দেখা নাযায়, তাক অমিত্ৰাক্ষৰ ছন্দ বোলে। উদাহৰণস্বৰূপে-

অন্তৰৰ যিখিনি ইচ্ছা
প্ৰকাশ কৰিব নোৱাৰি,
দুচকুত তাৰেই প্ৰতিফলন দেখিছা।

মাত্ৰা আৰু দৈৰ্ঘ্য অনুসৰি তিনি প্ৰকাৰৰ ছন্দ মাত্ৰাবৃত্ত ছন্দ, যৌগিক ছন্দ আৰু স্বৰবৃত্ত ছন্দৰে কবিতা লিখিব পৰা যায়। স্পন্দিত গদ্য ছন্দৰেও কথা কবিতা লিখিব পাৰি। ইয়াৰ বাহিৰেও এবিধ ছন্দ আছে যাক মুক্তক ছন্দ বুলি কোৱা হয়। আধুনিক কবিতাত মুক্তক ছন্দৰ যথেষ্ট প্ৰয়োগ দেখা যায়। ইয়াৰ উপৰিও আৰু কেইবিধমান ছন্দত কবিতা লিখিব পাৰি। এইবোৰ হ’ল- দীৰ্ঘ মিত্ৰাক্ষৰ, হ্ৰস্ব মিত্ৰাক্ষৰ, পয়াৰ ছন্দ, দুলড়ী ছন্দ আৰু ঝুনা ছন্দ আদি।