Type Here to Get Search Results !

কাব্য সংকলনঃ-হৃদয়ৰ বৰ্ণ মালা কবিঃ--দ্বীপেন হাজৰিকা

 আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই 


"হৃদয়ৰ বৰ্ণমালা" সুলেখক  দ্বীপেন হাজৰিকা দেৱৰ প্ৰথম খন  কাব্য সংকলন। ছ'ছিয়েল মিডিয়াৰ  জনপ্ৰিয় কবি দ্বীপেন হাজৰিকা  যোৰহাটৰ স্থায়ী বাসিন্দা । বিভিন্ন বাতৰিকাকত, আলোচনীত আদিত তেখেতৰ কবিতা প্ৰকাশ হৈ আহিছে । বহু কবিতাৰ প্ৰতিযোগিতাত স্থান দখল কৰিবলৈ সক্ষম হৈছে। 
" হৃদয়ৰ বৰ্ণমালা" কাব্য সংকলন খনৰ প্ৰকাশ কাল ২৭জুলাই  ২০১৯ চন । বেটুপাত পৰিকল্পনা - - প্ৰজ্ঞা প্ৰিয়দৰ্শনী  বৰা । মূদ্ৰণ- কল্যাণী প্ৰিন্টাৰ্চ, বি. বি. হল  বজাৰ, যোৰহাট । গ্ৰন্থস্বত্ব - লেখকৰ নিজৰ । মূল্য-১০০টকা । কাব্য সংকলন খন তেখেতৰ চিৰ নমস্য  পিতৃ-মাতৃৰ স্মৃতিত অৰ্পণ কৰিছে  । 
কাব্য সংকলন খনত মুঠ আঠচল্লিশটা ভিন্ন স্বাদৰ কবিতাৰে সমৃদ্ধ । "অনুভৱ মাধুৰ্য্য ", আত্মঘাতী অসমীয়া অ' , মুখাৰ ভিতৰৰ মুখা, যুগৰ শংকা, ব'হাগৰ বিননি, প্ৰিয়ালৈ শুভেচ্ছা, বীভৎস, ফাগুন মানেই, হাঁহিৰ সমদল, শব্দ প্ৰিয়া, কাৰাৰুদ্ধ আশা, এনেকৈয়ে, মৌন চুক্তি, বৰ্ণিল, গোপন বুলনি আদি কৰি  কবিতাসমূহত আশা, হতাশা, প্ৰেম বিৰহ, স্বাভিমান, স্বদেশপ্ৰেম আদি ভাবৰ উন্মেষ ঘটোৱা তত্বগধূৰ কবিতাবোৰে পাঠকৰ হৃদয় চুই যায় । 
  কবি  হাজৰিকা দেৱৰ কাব্য সংকলন খনৰ কিছু কবিতা হৃদয়ংগম কৰিলেই গম পোৱা যায়, কবিয়ে সুকোমল 
শব্দৰ গাঁথনিৰে সজাই তুলিছে কবিতাবোৰ, যিবোৰ সকলো  পাঠকৰে সহজেই বোধগম্য হব বুলি  ধাৰণা হয় । কবিতাবোৰ অনুধাৱন কৰি অনুমান কৰিব পাৰি কবিৰ অনুভৱৰ বিশালতাৰ বিষয়ে । প্ৰতিটো কবিতাৰ মননশীল 
শব্দমালাৰে সজাই তুলিছে , য'ত কিঞ্চিত মানো জটিলতা নাই । কেতিয়াবা প্ৰেমৰ উন্মেষেৰে অনুভৱৰ দলিছাত পাৰি  দিছে সুবিশাল হৃদয়ৰ মৰম আকলুৱা নিয়ৰৰ কণিকা । কেতিয়াবা আকৌ বাস্তৱ জীৱনত সন্মুখীন হোৱা দূৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ অগনি জ্বলি উঠিছে কবিৰ অনুভৱৰ বাগিছাত । কাব্য সংকলন খনৰ "ৰণ দুন্দুভি" নামৰ কবিতাটোৰ (পৃষ্ঠা নং ১৬) অভ্যন্তৰলৈ সোমাই গ'লেই  সেই কথা উপলব্ধি কৰিব পাৰোঁ ।  "বোলো শুনিছনে   ?/, ৰণ দুন্দুভি বাজিছে, / অসম আৰু অসমীয়া  জাগিছে, / দ্বিতীয় শৰাইঘাটলৈ আহ্বান জনাইছে /আহ ঐ আহ ওলাই আহ /শুন হেৰৌ ৰণুৱা বনুৱা /, আছে যত খাটি অসমীয়া /, বোলো শুনিছনে  /, দেশ বিক্ৰী কৰিবলৈ ওলাইছে /, বিদেশীক বৰপিৰা পাৰিছে /ৰূপহী জননীক বিক্ৰী কৰিব খুজিছে / শুনচোন শুন /লাচিত চিলাৰায়ে কান্দিছে /হেংদাং কিয় নলয় সুধিছে /মূলা জয়মতীয়ে বিনাইছে । কবিৰ হৃদয়ত জাগি উঠা স্বদেশ প্ৰেমৰ অনুভুতিৰ বহিঃপ্ৰকাশ ঘটিছে  এই কবিতাটোৰ মাজেদি । 
প্ৰতিটো কবিতাই সহজ সৰল ভাষাত পাঠকৰ বাবে অলপো জটিলতা নথকাকৈ প্ৰকাশ কৰিছে কাব্যিক চিত্ৰপট । ক্ষোভৰ বিপৰীতে  প্ৰেমৰ অনুভুতিৰে জীপাল কৰা  কবিতাও  কাব্য সংকলন খনত পোৱা যায়  । কবিৰ অনুভৱৰ নদীয়েদি বৈ যোৱা প্ৰেমৰ কুলু কুলু নদীখনে  পাঠকৰ মনত তোলপাৰ লগায়  এটা কবিতা পঢ়াৰ পাছত আনটো পঢ়িবলৈ । কাব্য সংকলন খনৰ "ফাগুন মানেই" নামৰ কবিতাটো.(পৃষ্ঠা নং ৩০)  পঢ়িলেই সেই কথা পৰিস্ফুট হৈ পৰে । "ফাগুন মানেই জানো তুমি নহয়, / বহাগ মানেই জানো প্ৰিয়া মিলনৰ ঋতু নহয়, /জানানে প্ৰিয়া  /, মোৰ হেঁপাহ বোৰক একাশৰীয়া কৰি /তোমাৰ  হেঁপাহ বোৰক হিয়াত সাৱটি লৈছোঁ /জানোছা শুনিবলৈ পাওঁ /তোমাৰ ওঁঠৰ নিচুকনি গীত/ভয়াৰ্ত মাতাল নিশাত/কিয় বাৰু মই নজনাকৈয়ে /মোৰ মন বননিত তোমাৰ /দুভৰিৰ নূপুৰ বাজে  । আকৌ কবিয়ে হৃদয়ৰ আকুলতাৰে কৈছে, "তোমাকে সুধিছোঁ প্ৰিয়া /বলীয়া নদীৰ ঢৌৱে/পাৰিবনে উটুৱাই নিব আমাৰ /হৃদয় সম্বন্ধৰ পাৰৰ সত্তা/ অথবা নিলাজ ফাগুনৰ /ঈৰ্ষাৰ জুইয়ে পাৰিবনে নুমাব/আমাৰ নিভাঁজ প্ৰেমৰ শলিতা । 
 এইদৰেই চালে দেখা যায় কবি হাজৰিকা দেৱৰ কাব্যসংকলনত সন্নিৱিষ্ট কবিতাসমূহৰ গভীৰতা । বহুত ভাল লাগিল কাব্য সংকলন খন হৃদয়ংগম কৰি। এজন পাঠক হিচাপে কাব্য সংকলন খনৰ আলোকপাত কৰিলোঁ। অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থী। শেষত প্ৰিয় কবিৰ কাপেৰে নিত্য নতুন সৃষ্টি অব্যাহত থাকক  তাকেই কামনা কৰি ইমানতে সামৰণি মাৰিলোঁ।