গীতাঞ্জলি দেৱী
জিঞাৰ পাখিৰে সৰকি আহে এটা শীতল পুৱা
প্ৰতিটো ঋতুৰ দৰে তাৰ ওঁঠতো ওলমি থাকে কবিতাৰ স্তৱক অথবা গানৰ অন্তৰা
মেঘৰ দলঙেদি ৰ'দে কঢ়িয়াই অনা শৰালিৰ হেৰুৱা ঠিকনাত শুনিলোঁ গান
বুজি পালোঁ এই কবিতাৰ ছন্দ
তুমি ক'বানে ? কি সুবাস পালে চঞ্চল হৈ উঠে উশাহ হেৰুৱা কঁহুৱাডৰা ?
কিয় কঁপি উঠে বিৰ দি নোপোৱা সলাজ ধাননি আৰু
বৈৰাগী বীণাৰ ৰাগত কিয় সৰে এটি-দুটি মুকুতা ?
তোমাৰ চেঁচা আঙুলিত আঙুলি থৈ উপলদ্ধিৰ গভীৰত বিচাৰিম তোমাৰ ঠিকনা
আকুলে-বিকুলে সাবটি ধৰিম অত্যাজ্য প্ৰেম এহালিচা
থৰ লাগি শুনো পুৱা-আবেলি সন্ধ্যা অথবা ৰজনী নুপুৰৰ ৰুণ-জুননি
নিয়ৰে ধোৱা একৰণি শেৱালি ফুলেৰে সজাই তুলিম লৰিয়লি বাট
ষোড়শোপচাৰ পূজাৰ বেদীত প্ৰতিমাই প্ৰাণ পাব
শুকুলা শংখৰ নিনাদৰ হাজাৰ স্তুতিত ।