Type Here to Get Search Results !

শৰৎ

পবিত্ৰ প্ৰজ্ঞান


আহি পালে শৰৎ ঋতু
ফুলি উঠিল মোৰ চোতালৰ মূৰত থকা শেৱালি জোপা ।
সন্ধিয়া ফুলি উঠা শেৱালি জোপাই চাৰিও ফালে সুবাস বিলাই দিলে আৰু  আৱেগিক কৰি তুলিলে মোৰ মনটো।
আজি যেন মই নিসংগ !
অনুভৱ কৰিছো মোৰ কাষত তুমি নথকা।
বাৰে বাৰে মনলৈ আহিছে তোমাৰ প্ৰতিছবি,,,,
কাষত বিচাৰিছোঁ তোমাক মই আজি।

শৰৎ আহিল শেৱালি ফুলিল
আহিল আকৌ দূৰ্গা পূজা,,,,
মনত পৰে নে বাৰু তোমাৰ 
একেলগে আমি পূজা চোৱাৰ দিনৰ কথা,,,
বহুত সুখী হৈছিলোঁ আমি
সপোন ৰচিছিলোঁ ,,,
প্ৰতি পল প্ৰতি মুহূৰ্ত কাষত থকাৰ,,,,
জীৱন ৰ শেষ দিনটোলৈকে,,,,
এজনে আনজনৰ সুখ দুখৰ লগৰী হৈ থকাৰ,,,
আমাৰ সপোন নিমিষতে 
ভাঙি থৈ গল এজাক কাল ধুমুহাই,,,,
আজি মই নিসংগ ,,,,
তুমি বাৰু মোক মনত পেলোৱা নে ?
মনত পৰি হৃদয় খন কঁপি উঠে নে,,,,
আজি তুমি মনত নেপেলাবা মোক 
তুমি তোমাৰ জীৱনটো আগুৱাই নিয়া তোমাৰ জীৱন বাটত মই আজি লগ দিব নোৱাৰিলোঁ,,,, 
তোমাৰ সপোন আজি আৰু মই নহয়।।


ৰজাপুল
শিৱসাগৰ, নাজিৰা