মণি হাজৰিকা
ৰুণজুন ৰুণজুন নেপূৰ বজায়
আহিল শৰৎ
শৰতেই আনিলে প্ৰথম কঁহুৱা ফুলক
কঁহুৱাইও হালি - জালি জনালে সম্ভাষণ
এটা দীঘলীয়া অপেক্ষাৰ পৰিল অন্ত ।
চুই চোৱাৰ হেপাঁহৰো কি যে
এক অনাবিল আনন্দ ।
দুবৰি য়ে পাৰিছে দলিচা
তাতেই সৰিছে নিশিৰকণাৰ
টোপ টোপ মণি মুকুতা
শৰৎ মানেই যেন নিৰ্মল আকাশ
স্নিগ্ধ জোনাক
আকাশত সোণালী তৰাই পাতিছে মেলা
কৈ বুজাব নোৱাৰা ভাষা
প্ৰাণ চঞ্চল এজাক ফিৰ্ ফিৰিয়া চেচা বতাহ
চুই যায় প্ৰতিখন অনুভৱী হৃদয়
তুলি যায় প্ৰতি পলে পলে অনুৰনন ।
পদূলিৰ শেৱালি জোপাই
মুঠি মুঠি সুবাস ছটিয়াই
স্নিগ্ধ জোনাকেও অনুভৱী হৃদয়ক
জুমি জুমি চাই ।
জোনাকৰ পোহৰত সাৰ পাই উঠে
হৃদয়ৰ অনুৰাগ
শৰৎ মানেই যেন সৃষ্টিৰ ভঁৰাল
জন্ম হয় আৰু এটি কবিতাৰ ।
এটা ৰাতিয়ে মাগে বিদায়
তলসৰা বকুল , শেৱালিয়ে
অভিমানত মুখ ওফোন্দাই ।।
সোণাৰি