Type Here to Get Search Results !

সপোনৰ শেষত◆◆◆(6)

 ৰূপম দত্ত


" লাহে লাহে যোৱা না । কিয় পগলাৰ দৰে চলাইছা?"
স্পীদ কমি আহিল। 
" ভাল লাগে স্পীদত চলাই। তোমাৰ ভয় লাগে ?"
" ভয় লাগে মানে ?"
আকৌ গাড়ী ৰাস্তাৰ শেষত ঘূৰিল। চল্লিছ স্পীদত চলি আছে। মোৰ অতীতৰ সেই বিভৎস সময়বোৰে মোক টিল টিল কৈ ধ্বংস কৰি নি আছে। আচৰিত সময়ত এই টিনা আহি কিবা এক বেলেগ সোৱাদ দিবলৈ আৰম্ভ কৰিছে। টিনাক লগ পোৱাৰ পৰাই মই নতুনকৈ ভাবিবলৈ আৰম্ভ কৰিছোঁ। নিজৰ কথা, জীৱনৰ কথা, মোৰ ভৱিষ্যতৰ কথা।
নানান শব্দৰে মই মোবাইলৰ ন'ট পেদ ভৰাই দিছিলোঁ। নাজানো কি লিখিছোঁ, অন্তৰৰ নিভৃত কোণৰ পৰা ওলাই অহা শব্দবোৰক বাক্যৰ আকাৰ দি অবিৰাম লিখি গৈছিলোঁ কিবা এক কাহিনী।

" বহুত লিখিলা ন' ? লিখা , আৰু লিখা তাতেই তোমাৰ এচাম পঢ়ুৱৈৰ সৃষ্টি হ'ব , এক নতুন ধাৰাৰ সৃষ্টি হ'ব। তাতেই তোমাৰ সকলো সপোন পুৰা হ'ব। তাতেই তুমি জীয়াই থকাৰ আচল অৰ্থ বিচাৰি পাবা। লিখা অকল, লিখি যোৱা তোমাৰ অন্তৰৰ ভাৱ।"
মৌন হৈ শুনি যাওঁ। এক অদ্ভুত শক্তি মনলৈ সোমাই আহে। নিজৰ মৃতপ্ৰায় মনটো আকৌ জীয়াই উঠে, এক নতুন উদ্যম লৈ।
সময়ত তাই মোক ঘৰৰ আগত নমাই দিয়ে। কেইদিনমানৰ পাছত আকৌ আহে, আকৌ মোক লৈ যায় বাইপাছলৈ। গাড়ীৰ স্পীদ আকৌ বাঢ়ি যায়, মই কওঁ প্ৰতিবাদ কৰোঁ, স্পীদ আকৌ কমি আহে। এনেদৰে প্ৰায় এবছৰ পাৰ হৈ গ'ল। 
মোৰো লিখা বাঢ়ি আহিল। ইটোৰ পাছত সিটো খণ্ড মই লিখি গৈছোঁ। প্ৰায় এশ খণ্ড লিখি দিলোঁ। কিন্তু এদিনো মই কি লিখিছোঁ, নিজে পঢ়ি চোৱা নাছিলোঁ। প্ৰতি দিনেই মনলৈ অজস্ৰ ভাৱ আহে, সেইবোৰ লিখি যাওঁ। 
সেইদিনা আবেলি টিনাৰ ফোন আহিল। মই ৰাস্তালৈ ওলাই আহিলোঁ। আকৌ গাড়ী গৈ বাইপাছ পালেহি। 
" ৰূপ, কোৱাচোন, তুমি মোক কি বুলি ভাবা ? "
কিছু সময় মই ৰৈ থাকিলোঁ। এনে প্ৰশ্নৰ উত্তৰ দিবলৈ মই কোনোদিনেই চিন্তা কৰা নাছিলোঁ। মই ভবাই নাছিলোঁ, টিনা মোৰ বাবে কি ?
" এদিনো ভবা নাই ন' মোৰ বিষয়ে ? মই বহুত ভাবো তোমাৰ কথা। সেই যে মোক বেমাৰী অৱস্থাতে ইমান যত্ন কৰি লৈ গৈছিলা। সেইয়া মই পাহৰিব নোৱাৰিম। গোটেই ৰাতি জ্বৰত ভুগি আছিলোঁ, টোপনি অহা নাছিল। অকল তোমাক চাইছিলোঁ, অচিনাকী এজন ড্ৰাইভাৰ, ইমান আপোন কেনেকৈ হৈ পৰিছিলা।"

অতীতক আকৌ টানি আনিলোঁ। সেইয়া কোনো স্বাৰ্থত কৰা নাছিলোঁ। সেইয়া আছিল বাছখনৰ মেইন ড্ৰাইভাৰ হিচাপে মোৰ কৰ্তব্য। টিনাৰ ঠাইত কোনোবা পুৰুষ হোৱা হ'লেও ঠিক একেখিনিকে কৰিলোঁহেঁতেন। মোৰ সেই শুশ্ৰূষাক ইমান গভীৰ ভাৱে বুকুত সোমোৱাই ল'ব বুলি মই এদিনো ভবা নাছিলোঁ।
গাড়ী চলি আছে। এবাৰ টিনাৰ মুখলৈ চালোঁ। এক উজ্জ্বল আভা তাইৰ মুখত বিৰিঙি আছে। এইয়া সদায় দেখি আহিছোঁ। সেই আভাই মোক এক শক্তি দিয়ে, নিজৰ বিফলতাবোৰৰ লগত যুঁজিবলৈ। 
লাহে লাহে অনুভৱ কৰিবলৈ লৈছোঁ, জীৱনত আগুৱাই যাবলৈ এক সংগৰ খুবেই প্ৰয়োজন। সেই লগ হ'ব লাগিব টিনাৰ দৰে। যাৰ ভিতৰত আছে অজস্ৰ শক্তি আৰু উৎসাহ, আনক পৰি থকা দ' কুঁৱাৰ পৰা উলিয়াই আনিবলৈ। টিনাৰ অবিহনে আজিও হয়তো মই সেই মোৰ অপৰিষ্কাৰ ৰূমটোত মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিলোঁহেঁতেন। 
আজিকালি সোনকালে উঠি, ঘৰ চাফা কৰা, বাহিৰ চাফা কৰা, নিজৰ কাপোৰ ধোৱা, লিখা, পঢ়া আদি কামত নিজকে ব্যস্ত ৰাখোঁ। জীৱনটোৱে এক গতি পাইছে। আৰু এই গতিয়েই হ'ল জীৱন যুদ্ধ। এক নিৰ্দিষ্ট ৰুটিনৰ আবেষ্টনীত সুন্দৰকৈ জীৱন চলাই নিয়াকে জীৱন যুদ্ধ বুলি কোৱা হয়।
লাহে লাহে মই মোৰ হেৰাই যোৱা সপোনবোৰ উভতাই আনিব পাৰিছোঁ। মনৰ মাজতেই এক সপোনৰ জন্ম দিছোঁ, কিবা এটা কৰিম, মোৰ বাবে, দহৰ বাবে, সমাজৰ বাবে , এই পৃথিৱীৰ বাবে। এই চিন্তাই মোক নিজকে সুস্হ কৰি ৰাখিবলৈ এক বান্ধোনৰ সৃষ্টি কৰি দিলে। 
লিখাটো মোৰ নিচা হৈ পৰিল। ইমান বছৰে বাছ চলাই যি খিনি সমল গোট খাইছিল, সেইবোৰকে একান্ত ভাৱে লিখি গৈছোঁ। 
সেই লেখাতেই বুকুৰ মাজত লুপ্ত হোৱা কিছুমান চৰিত্ৰ ওলাই আহিল। লিখি থকাৰ মাজে মাজে কেতিয়াবা খুব হাঁহো, কেতিয়াবা কান্দো। সেই লিখাৰ মাজত মই নিজকে একাত্ম কৰি তুলিছিলোঁ। সেই কাহিনী , অকল এটা কাহিনী নাছিল, আছিল মোৰ বুকুৰ সূক্ষ্ম সূক্ষ্ম কোণবোৰত সোমাই থকা মোৰ অনুভূতি।
যেতিয়াই অন্তৰৰ নিভৃত কোণৰ পৰা ভাষাবোৰ ওলাই আহে, ই অন্তৰক আঘাত দিয়ে। এই আঘাত বৰ কোমল, ইয়াৰ অনুভূতি বৰ বেলেগ। 
অন্তৰে অন্তৰৰ লগত কথা পাতে। মই জানো , মই লিখি যোৱা সেই বাক্যবোৰে পঢ়ুৱৈ সকলৰ অন্তৰ চুব। তেওঁলোকেও অনুভৱ কৰিব মোৰ বুকুৰ বতৰা। তেওঁলোকেও কান্দিব, যেতিয়া মই কান্দি কান্দি কিছুমান খণ্ড লিখিছিলোঁ। 
গাড়ীৰ মিটাৰলৈ চালোঁ, এশ ত্ৰিশ......
" কি হয় তোমাৰ ? ইমান স্পীদ কিয় ?"
মোলৈ চাই এটা মিচিকিয়া হাঁহি মাৰি টিনাই কৈছিল....
" তুমি যেতিয়া নিজৰ কথা ভাবি থাকা, মোৰ খুব ভাল লাগে। তোমাক, তোমাৰ নিজৰ কথাবোৰ সোঁৱৰাই দিবৰ  বাবেই মই আহিছিলোঁ। তোমাৰ মাজত মৃত ভাৱনাবোৰ জগাই তুলিবলৈ মই আহিছিলোঁ। এতিয়া তুমি ভাবিব পৰা হ'লা। অতীতক চাব পৰা হ'লা। লাহে লাহে মোৰ দায়িত্ব কমি আহিছে। ভাল লাগিছে জানা। তুমি জিলিকি উঠিবই লাগিব। মোৰ গণনা কেতিয়াও ভুল নহয়।"
কথাবোৰ কৈ আছিল যদিও গাড়ীৰ স্পীদ কমি যোৱা নাছিল। বাৰে বাৰে মোৰ চকু সেই মিটাৰত। এশ চল্লিছ......
সন্মুখত বৃহৎ এক মাটিৰ ঢাপ। ইমান বছৰে গাড়ী চলাই ময়ো অংক জানিছিলোঁ গাড়ীৰ। ৰখাব কেনেকৈ , ইমান ওচৰত সেই মাটিৰ ঢাপ, এশ চল্লিছত গাড়ী দৌৰিছে। 
" টিনা.........."
এক প্ৰচণ্ড শব্দ কৰি গাড়ীখন মাটিৰ ঢাপত খুন্দা মাৰিলে। মোৰ ভৰি দুটা আগলৈ মেলি দি যিমান পাৰোঁ জোৰকৈ ছিটত পিঠিৰে হেঁচা মাৰি ধৰিলোঁ।
নিজে নিজে চকু মুদ খাই আহিল। ছিটবেল্ট লগাই থোৱাৰ বাবে মই চিটিকি নগ'লোঁ। গম পাই আছোঁ, বতাহৰ বহু ওপৰলৈ গাড়ীখন ঘূৰি ঘূৰি উৰি গ'ল। চকু বন্ধ........এক বৃহৎ শব্দ কৰি গাড়ীখন আহি তলত পৰিল। মোৰ চিন্তা শক্তি নাইকিয়া হৈ পৰিল। মই একো গম নোপোৱা হৈ পৰিলোঁ। এটাই ভাৱ শেষ বাৰৰ বাবে আহিছিল, 
"এইয়াই কি মোৰ অন্ত? কিয় টিনা, কিয় ???"

আগলৈ.........