Type Here to Get Search Results !

শিলাকুটি নিপুণতাৰে

 জুৰি ৰাজখোৱা গগৈ


শিলাকুটিৰ নিপুণতাৰে  
এফালৰ পৰা আমি খোদিত কৰি গৈছোঁ নিজক
ভাঁজ দিছোঁ আৱেগ ,অনুভূতি আৰু চিন্তাক ।
 
আমিবোৰ এতিয়া শিলালিপিত খোদিত কৰা 
একো একোজন সুনিপুণ শিলাকুটি  
প্ৰাচীন শিলালিপিত খোদিত  
একো একোটা শব্দৰ দৰেই
 আমিবোৰ এতিয়া   দুৰ্বোধ্য ৷
 
কোনে পঢ়িব পাৰে 
ক্ষয়প্ৰাপ্ত আখৰৰ দুৰ্বোধ্য ভাষা 
স্বনিৰ্মিত আমাৰ শিলালিপিবোৰত এতিয়া
হাজাৰ বছৰীয়া শেলুৱৈৰ পিছল তৰপ ;

যি তৰপ ভেদি আমাক চুব নোৱাৰে
ৰৌদ্ৰস্নাত দুপৰীয়াৰ উমাল স্পৰ্শই
পিছল শেলুৱৈত এচাৰ খাই উফৰি পৰে
আমাৰ সভ্যতা 
চুচুক চামাক কৰি আঁতৰি যায়
বৈ আহিব খোজা বতাহৰ স্ৰোত ৷

 আমিবোৰ যে  নিপুণ  শিলাকুটি 
 সেয়ে আমি শিলত খাজ কাটি 
 খোদিত কৰিব পাৰোঁ মগজু 
 দুৰ্বোধ্য লিপিৰে শিলত লিখিব পাৰোঁ   
 নিজক ।

মৰাণহাট ঊষাপুৰ
জিলা-চৰাইদেউ
পোৱা -মৰাণহাট