সবিতা বৰুৱা
আমাৰ সকলোৰে পৰিচিত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনটোক আমি গান্ধী জয়ন্তী হিচাপে পালন কৰিআহিছো । এই জনা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত পোৰবন্দৰত ।তেখেতৰ আচল নাম আছিল মোহন দাস কৰমচাঁদ গান্ধী। তেখেতৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী ওৰফে কাবা গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই ।
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনটোক শ্ৰদ্ধা জনাই ম ই তেখেতৰ জীৱনৰ বাল্য কালত ঘটা অতি ষ্মৰণীয় তথা আদশনীয় কেইটা মান ঘটনা থুলমূল কৈ আগবঢ়াবলৈ চেষ্টা কৰিলো ।আশা কৰো আজিৰ নতুন চাম শিশু তথা ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ এই ঘটনা সমূহৰ পৰা বহুপৰিমানে জ্ঞান লাভ কৰিবলৈ সক্ষম হব।
গান্ধীজীয়ে তেখেতৰ শৈশৱৰ কথা "মোৰ সত্যৰ অন্বেষণৰ কাহিনী " ত কৈছে --"পিতৃদেৱ যেতিয়া পোৰবন্দৰ এৰি ৰাজকোটলৈ যায়, তেতিয়া মোৰ বয়স প্রায় সাত বছৰ আছিল যেন পাওঁ ।মোক তাত প্রাইমেৰী স্কুল এখনত ভত্তি কৰি দিয়া হ'ল। সেই বিদ্যালয়ৰ শিক্ষকৰ নাম তথা সকলোবোৰ কথা মোৰ এতিয়াও ভাল কৈ মনত পৰে । ম ই মজলীয়া বিধৰ ছাত্ৰ আছিলো । ম ই বৰ লাজকুৰীয়া স্বভাৱৰ ল'ৰা আছিলো । সেই বাবে লগ সংগ এৰি আঁতৰি থাকিবলৈ ভাল পাইছিলোঁ ।কিতাপেই মোৰ একমাত্ৰ লগৰীয়া আছিল ।ঘণ্টা বজা মাত্ৰে স্কুল পোৱা, আৰু স্কুল ছুটী হোৱা মাত্ৰে ঘৰলৈ ওলোটা, এয়েই মোৰ নিতৌ অভ্যাস আছিল । সচৰাচৰ কাৰো লগত কথা নাপাতো। মোক কোনোবাই জোকায় বুলি মোৰ ভয়ো লাগিছিল ।
হাইস্কুলত ভৰ্তি হোৱাৰ প্রথম বছৰৰ ভিতৰত পৰীক্ষাৰ সময়ত উল্লেখ যোগ্য ঘটনা এটা ঘটিছিল। স্কুল পৰিদশন কৰিবলৈ শিক্ষা বিভাগৰ ইঞ্চপেক্টৰ মিঃ জাইলছ আহিছিল। তেওঁ ছাত্ৰ ছাত্ৰী সকলক পাঁচোটা শব্দ বানান লিখিবলৈ দিছিল । ইয়াৰ ভিতৰত এটা শব্দ আছিল "kettle " ।ইয়াৰ বানান ম ই ভূলকৈ লিখিছিলো ।আমাৰ শিক্ষকজনে বুট জোতাৰ আগেৰে মাটিত লিখি মোক সহায় কৰিছিল ,কিন্ত্ত তেওঁৰ এই সহায় ম ই লোৱা নাছিলো । কাৰণ ম ই ভাবিছিলোঁ যে আমি যাতে লোকৰ নকল নকৰো, তাকে চাবলৈহে শিক্ষকজন আছে। মোৰ বাহিৰে সকলো ছাত্ৰই এই বানানটো শুদ্ধ কৰি লিখিলে । ময়েই মূৰ্খ হ'লো, শিক্ষকজনে পাচত মোৰ এই মূৰ্খামি বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু ম ই নকল কৰা বিদ্যা কেতিয়াও শিকা নাছিলোঁ ।এই ঘটনা হোৱা সত্বেও শিক্ষকজনলৈ মোৰ সন্মান অলপো কমা নাছিল । স্বাভাৱিকতে গুৰুজনৰ দোষলৈ ম ই অন্ধ আছিলো। ইয়াৰ পাছত শিক্ষকজনৰ আন বহুতো দোষ মই গম পাইছিলোঁ। কিন্তু তেওঁ লৈ মোৰ সন্মান অলপো কমা নাছিল । ছাত্ৰ অৱস্থাৰ সময়ৰ আৰু দুটা ঘটনা মোৰ মনত দকৈ সাঁচ বহি আছে । স্বভাৱতে স্কুলৰ পাঠ্যৰ বাহিৰে আন কিতাপ পঢ়া ম ই ভাল পোৱা নাছিলো ।
দৈনিক পাঠ্য পঢ়িব ই লাগিব, কাৰণ পঢ়াক ফাঁকি দিয়া বুলি গালি খোৱা টো মই বৰ ঘিণ কৰিছিলো । কিন্তু হঠাতে পিতাদেৱে কিনা নতুন এখন কিতাপ লৈ মোৰ চকু পৰিল ।কিতাপ খনৰ নাম "শ্ৰৱণৰ পিতৃভক্তি " নাটক ।এই কিতাপ খন বৰ মন দি পঢ়িলোঁ ।এনেতে আমাৰ তালৈ ফুৰি ফুৰা ছবিৱালা এজন আহিল। সি ছবিবিলাকৰ ভিতৰত শ্ৰৱণে অন্ধ মাক বাপেকক তীথলৈ নিয়া ছবিখন দেখুৱালে । কিতাপ খনে আৰু এই ছবিয়ে মোৰ মনত মচিব নোৱাৰাকৈ সাঁচ বহুৱালে । নাটকখনত শ্ৰৱণৰ মৃত্যুত মাক বাপেকৰ খেদ এতিয়াও বেছ পৰিস্কাৰ ৰুপে মোৰ মনত আছে, বিলাপত মোৰ হিয়া পমি গ'ল ।
ইয়াৰ পিছত আৰু এখন নাটক লৈ আন এটা ঘটনা ঘটিছিল । ম ই এই সময়ত নাটকৰ অভিনয় চাবলৈ পিতৃদেৱৰ অনুমতি লৈছিলোঁ। ৰজা হৰিশ্চন্দ্ৰ নাটকৰ হৰিশ্চন্দ্ৰৰ অভিনয়ে মোৰ মন মুহিলে । হৰিশ্চন্দ্ৰৰ কথা বোৰ মোৰ মনলৈ বাৰে বাৰে আহিব ধৰিলে আৰু হৰিশ্চন্দ্ৰৰ ৰচনাবোৰ ম ই সময়ে -অসময়ে গাবলৈ ধৰিলো । " সকলোৱেই কিয় হৰিশ্চন্দ্ৰৰ দৰে সত্যবাদী নহয়? সত্যকেই অনুসৰণ কৰি হৰিশ্চন্দ্ৰৰ দৰে সকলো বিপদকে অগ্ৰাহ্য কৰাম ই শিকিলোঁ। হৰিশ্চন্দ্ৰ উপাখ্যান ম ই সঁচা ঘটনা বুলি বিশ্বাস কৰিছিলোঁ ।আজি মোৰ সাধাৰণ বুদ্ধিৰে বুজি পাইছোঁ যে হৰিশ্চন্দ্ৰ বুলি বুৰঞ্জী মূলক চৰিত্ৰ একো নাছিল। কিন্তু মোৰ কাৰণে হৰিশ্চন্দ্ৰ আৰু শ্ৰৱণ কুমাৰ জীৱন্ত চৰিত্ৰ আৰু এতিয়াও সেই দুখন কিতাপ পঢ়িলে পূৰ্বৰ দৰেই ম ই ভোল যাম । সত্যক লুকাই ৰখাটো আটাইতকৈ ডাঙৰ পাপ। ইয়াৰ প্ৰায়শ্চিত্ত কেনেকৈ কৰিব পাৰি ! সেয়ে তেওঁ আন এদিন আত্মহত্যা কৰিব খুজিছিল। কাৰণ, খুৰাদেৱকক চিগাৰেট হুপি থকা দেখি তেওঁৰো ধোৱাঁ উৰুৱাবলৈ ইচ্ছা হৈছিল । প্ৰথমে খুৰাকে খাই পেলোৱা চিগাৰেটৰ টুকুৰাবোৰ লুকুৱাই ধোঁৱা খাব ধৰিলে ।কিন্তু তাৰে পুণ তৃপ্তি নোহোৱা বাবে চাকৰৰ জেপৰ পৰা প ইচু চুৰি কৰি চিগাৰেট কিনি খাব ধৰিলে। কিন্তু সদায় এনেকৈ পইচা নোপোৱা বাবে এবিধ গছৰ ঠাৰি জ্বলাই চিগাৰেটৰ দৰে ধোঁৱা খাব ধৰিলে ।এই আটাইবোৰ কাম বয়সীয়াল মানুহবোৰৰ চকুৰ আঁৰতহে কৰিব লগা হৈছিল ।এনে পৰাধীনতাৰ বান্ধোনত মোহনৰ মন বৰকৈ উদ্বিগ্ন হৈ উঠিছিল । তেওঁ ভাবিলে ইয়াতকৈ মৃত্যুহে শ্ৰেয় ।সেয়ে তেওঁ ধতুৰা গুটি খাই আত্মহত্যা কৰিবলৈ বিচাৰিলে ,কিন্তু মৰিবলৈ সাহ ন'হল ।
ঠিক সেইদৰে আন এটা ঘটনাই মোহনদাসৰ মনত সাঁচ বহুৱাইছিল ।সেই টো হ'ল -- মোহনদাসৰ ককায়েক আৰু লগৰীয়া বোৰে তেওঁক বুজনি দিছিল যে মাংস খালেহে আমি বলৱান হ'ব পাৰিম আৰু তেতিয়াহে শক্তিশালী ইংৰাজবোৰক নিজৰ দেশৰ পৰা আঁতৰাবলৈ সক্ষম হ'ম। সেই বাবে এদিন তেওঁ নিজৰ পৰম বৈষ্ণৱ পিতৃ মাতৃৰ চকুৰ আঁৰত লগৰীয়া সকলৰ লগত মাংস খাইছিল । কিন্তু সেই দিনা ৰাতি তেওঁ টোপনি অহা নাছিল ।এনে অনুভৱ হৈছিল, যেন সেই ছাগলী টোৱে তেওঁৰ পেটতে বেঁ বেঁ কৰিছে ।গতিকে তেওঁ ভৱিষ্যতে কেতিয়াও মাংস নাখাবলৈ সংকল্প ললে ।তেওঁ জীৱ হিংসাৰ নিচিনা মহাপাপৰ বিষয়ে পিতৃ মাতৃৰ ওচৰত কেতিয়াও গোপণ নকৰে । পূজ্য পিতৃ মাতৃৰ সন্মুখত নিজৰ পাপকমবোৰ প্ৰকাশ কৰি তেখেতৰ পৰা ক্ষমা বিচাৰিব ।তেখেতে যি শাস্তি বিধান কৰে আনন্দৰে তাক মূৰপাতি লব ।ৰাতি পূৱাল ।দেউতাক বিচনাত শুই আছিল। মোহনে তেওঁৰ ওচৰলৈ আহি এখন চিঠি দিলে। দেউতাকে আচৰিত হৈ চালে, চিঠি খন আনৰ নহয়, পুত্র মোহনৰহে ।তেওঁ চিঠিখন পঢ়িব ধৰিলে ।মোহনে চিঠিত মাংসখোৱা, চুৰি কৰা, সকলো কথা বিৱৰি লিখি দেউতাকৰ পৰা ক্ষমা বিচাৰিছিল ।তেখেতৰ ইচ্ছানুসৰি শাস্তি বিহিবলৈও তাত লিখিছিল । চিঠি খন পঢ়ি দেউতাক পুনৰ বিচনাত শুই পৰিল। মোহনক এটা শব্দ ও নকলে । মোহনে আচৰিত হৈ দেখিলে, দেউতাকৰ চকুৰ পৰা চকুলো বব ধৰিছে ।তেখেতে চিঠিখন লাহেকৈ ফালি পেলালে। তেখেতৰ অসীম মৰমে মোহনৰ অন্তৰ যেন গলাই পেলালে ।তেওঁ সেইদিনা যেন সচাঁকৈয়ে সাকাৰ সত্যৰ দশন পালে ।তেওঁ স্পষ্ট ৰুপে বুজিব পাৰিলে যে সত্যতকৈ ডাঙৰ আৰু একো নাই ।সত্যই ঈশ্বৰ । এই সত্যৰ সাধক বালক মোহনদাস শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে পৰিচিত বিশ্ব প্ৰসিদ্ধ মহামানৱ মহাত্মা গান্ধী । ওৰেটো জীৱন দেশৰ শান্তি আৰু মুক্তিৰ বাবে নিজকে উৎচগা কৰা মহামানৱ মহাত্মা গান্ধীৰ জীৱন দশন সঁচা কৈ অতি অতুলনীয় । পৰাধীন ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে তেখেতে, সমগ্ৰ জীৱন সংগ্ৰামৰ মাজেৰে আৰু মানৱ সেৱাৰে অতিবাহিত কৰি অৱশেষত মানুহৰ হাততেই মৃত্যু বৰণ কৰিলে ।
(সহায় লৈ)