Type Here to Get Search Results !

অসমীয়া সংস্কৃতিৰ লোক-আভৰণত মুছলমাসকলৰ অৱদান

 ৰঞ্জিত চুতীয়া


                সাজ-পাৰ আৰু অংলকাৰে একোটা জাতিৰ স্বকীয় সংস্কৃতিৰ পৰিচয় বহন কৰে। পৃথিৱীৰ প্ৰত্যেকটো সু-সভ্য জাতিৰে জাতীয় সাজ-পাৰৰ মাজত সেই জাতিৰ নিজা নিজা বৈশিষ্ট্য ফুটি উঠে। পিন্ধাৰ ধৰণ, বোৱাৰ ধৰণ আদিৰ পৰা জনগোষ্ঠীটোৰ জাতীয় ৰীতিৰ সম্যক পৰিচয় পোৱা যায়।
                     অসমলৈ মুছলমানসকল আগমন হোৱাৰ লগে লগে ইয়াৰ থলুৱালোকৰ সৈতে নিকট সম্বন্ধ স্হাপন হৈছিল। নতুনকৈ অসমলৈ অহা জাতিটোৰ লগত অসমীয়া সংস্কৃতিৰ মিলন ঘটিছিল। তেতিয়াৰ পৰা অসমীয়া সাংস্কৃতিক জীৱনত নতুন নতুন কিছুমান সামগ্ৰী লোক-শিল্প, লোক-কলা, লোক স্হাপত্য, লোক -আভৰণ, লোক-ৰন্ধন প্ৰণালীৰ প্ৰচলন হ'ল আৰু ই অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল।
               অসমীয়া সংস্কৃতিৰ লোক-আভৰণ অৰ্থাৎ সাজ-পাৰ আৰু আ-অলংকাৰৰ ক্ষেত্ৰত মুছলমানসকলৰ প্ৰভাৱ বিদ্যমান। মুছলমানসকলৰ সাজ-পাৰ আৰু আ-অলংকাৰৰ কলা-কৌশল, নিৰ্মাণ আৰু আকাৰ-আকৃতিৰ আৰ্হিত অসমীয়া সাজ-পাৰ আৰু আ-অলংকাৰ তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। মোগল ৰজাঘৰীয়া নানা সামগ্ৰী অৰ্থাৎ সাজ-পোছাক আৰু আ-অলংকাৰ আহি ৰাজকাৰেঙতো প্ৰচলন হৈছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্বকালত অসমীয়া সাংস্কৃতিক জীৱনত মুছলমানসকলৰ প্ৰভাৱ সম্প্ৰসাৰি হয় আৰু ৰজাই দেশ গঢ়িবলৈ বিশেষ পাৰদৰ্শিতা থকা লোক ভাটীৰ পৰা অসমলৈ নিগাজিকৈ আনিলে। ইয়াৰ ভিতৰত আঠটা মুছলমান পৰিয়াল আছিল - ফাৰ্চী কটীয়া, আখৰ কটীয়া, শিল কটীয়া, গুণা কটীয়া, খনিকৰ, নেগেৰীয়া, দৰ্জী আৰু জোলা। এই সকল বেলেগ বেলেগ কামত জড়িত আছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই মুছলমানসকলৰ 'পাগ-জামা' পিন্ধি অসমৰ পুৰণিকলীয়া ৰাজপোছাকৰ পৰিৱৰ্তন সাধিলে। তাৰোপৰি ডা-ডাঙৰীয়াসকলকো পাগ-জামা উপহাৰ দিছিল। এই পাগ-জামা আহোম ৰজাঘৰেদি প্ৰৱেশ কৰি আহি সত্ৰ-সভাৰ নটুৱা-ভাৱৰীয়াসকলৰ গাতো জিলিকিল। মুছলমান দৰ্জীসকলেই অসমীয়া সৰ্বসাধাৰণ প্ৰজাক চৌগা-চাপকন, কুৰ্তা-পায়জামা চিলাই দিয়াত এইবোৰ অসমীয়া সাজ-পোছাক ৰূপে অসমত বিয়পি পৰিল। ইয়াৰ প্ৰামাণিক সাক্ষ্য হিচাপে মহাপুৰুষ শংকৰদেৱৰ প্ৰায় সমসাময়িক চান্দসাই দৰ্জীৰ কথা উল্লেখ কৰিব পাৰি। তেওঁ গুৰুজনাৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ শংকৰদেৱৰ পৰম ভকত হৈছিল।
                       অষ্টাদশ শতিকাত মোগল বাদশ্বাহৰ ঘৰৰ পৰা আহোম স্বৰ্গদেৱৰ ঘৰলৈ অহা বখিয়া, আস্তান, আস্তিন, ৰেফু, অঙ্গস্তান আদি অসমীয়া সমাজত প্ৰচলন হয়। অসমীয়া শিপিনীৰ ৰিহা কাপোৰত এই সময়তছোৱাত গুণাৰ বনকৰা আৰ্হি সলনি হয়। ৰজাঘৰীয়া জোলোতাঁতীৰ কাপোৰৰ চানেকি চাই ডা-ডাঙৰীয়াৰ ঘৰতো কাপোৰ ব'বলৈ আৰম্ভ কৰে। উল্লেখ্য যে এই শতিকাৰ আগৰলৈকে মুছলমান তিৰোতাই গুণাৰ বনকৰা কাপোৰ বৈ অৰ্থ উপাৰ্জন কৰিছিল।
                     কেৱল মুছলমানৰ জৰিয়তেই যে সাজ-পাৰ আৰু আ-অলংকাৰ অসমীয়া সংস্কৃতিলৈ আহিল তেনে নহয়; আহোম ৰজা প্ৰতাপ সিংহৰ দিনত সোণাৰি জয়হৰি আৰু নৰহৰি নামৰ অসমীয়া মুদৈয়ে ঢাকাৰ নৱাবৰ অনুমতি লৈ অসমৰ বাহিৰত বেপাৰ-বাণিজ্য কৰিবলৈ গৈছিল।তেওঁলোকৰ জৰিয়তেও মুছলমান সামগ্ৰী আমাৰ অসমলৈ আমদানি হৈছিল।বৰ্তমান অসমীয়া সমাজত ব্যৱহাৰ হোৱা নাকফুল, ডিঙিত পিন্ধা গলপতা, ভৰিৰ পায়ল ইত্যাদি প্ৰচলন ইছলামীয় সমাজৰ পৰাই আহি অসমীয়া সংস্কৃতিৰ আ-অলংকাৰৰ স্বকীয় ৰূপ পৰিগ্ৰহন কৰিছে।

                                       ৰজাঢাপ, সোণাৰি
                                      পোঃ আঃ- সোণাৰি
                                      জিলাঃ- চৰাইদেউ
                            মোবাই নংঃ-৬০০০৫৭১৪৫২