Type Here to Get Search Results !

তোমাৰ বাবে মই আজি বহু সুখী

 প্ৰসেনজিৎ খলাৰ বৰদলৈ


তুমি সুখীনে?
সুখী হ'বলৈ এখন সঁচা হৃদয়
আৰু এখন মুক্ত নীলা আকাশ লাগে 
য'ত মুক্ত মনে অকলে অকলে
ডেউকা মেলি উৰি ফুৰিব পাৰে দূৰ দিগন্তত।

সুখী হ'বলৈ 
এখনি সৰু সৰু পথাৰ লাগে 
আৰু লাগে শুকুলা মেঘে লাগি থকা নীলা পাহাৰ
সেউজীয়াৰ স'তে য'ত বাৰ্তালাপ কৰিব পাৰি
অকলে অকলে বহি নিজানত।

আজি মই সুখী
মই সুখী হ'ব পৰাকৈ মোৰ আপোন জনৰ 
বুকুত  এখনি  মুক্ত  নীলা  বৰণৰ  আকাশ আছে
য'ত মই উন্মুক্ত হৈ পাখি মেলোঁ 
আৰু উৰি ফুৰো মোৰ সপোনৰ স'তে ৰাতি ৰাতি।

চপৰা-চপৰা ডাৱৰৰ স'তে 
কথা পাতিবলৈ মোক মৰম বিলাই দিয়ে
পুৱা শুই উঠা মোৰ দলিছাখনতে
আকাশৰ তৰা ফুলবোৰক দুহাতত লৈ 
তেতিয়া মই মন খুলি হাহোঁ তেওঁৰ আনন্দত জানা।

আপোন জনৰ বুকুত গজা
সেইজীয়াৰ মাজত নিজকে হেৰুৱাই পেলাও
মোৰ আপোন জনৰ বুকুত এখনি 
সাগৰ-মহাসাগৰ আছে যৰ পৰা মোক বুকুত
মৰমবোৰ উপচাই উপচাই দিয়ে।

আপোনজনৰ বুকুত গজা 
সেউজীয়াখিনিৰে লুটুৰি- পুটুৰি হৈ মই ভোগ কৰোঁ
মোৰ এই মানৱ জীৱনৰ পৰম স্বাদ
এই আকাশ আৰু পথেৰে এদিন সুখী হোৱাৰ ঠিকনা এটি মই বিচাৰি লৈছিলোঁ


ঘৰ:- কাকী
     জিলা:- হোজাই লংকা
    ০৯আগষ্ট:-০৮/২০২১