Type Here to Get Search Results !

চুঙা চাই সোপা

 অভিজিত শেনচোৱা



মামাৰ বিয়াৰ বাবে ছোৱালী চাবলৈ ঘৰৰ গাড়ীখনতে মা, দেউতা, মামা, নবৌ আৰু মই ওলালোঁ । কইনাৰ ঘৰতে সকলোবোৰ আয়োজন কৰা হৈছিল । কইনাৰ ঘৰৰ মানুহৰ সৈতে আছিল কইনাৰ খুৰীয়েক, পেহীয়েক আৰু সম্বন্ধীয় এজনী ভনীয়েক আছিল দৰাঘৰৰ আগমনৰ অপেক্ষাত । নিৰ্দিষ্ট সময়ত গৈ আমিবোৰ কইনাঘৰত উপস্থিত হলো । আদৰ সাদৰ কৰি সকলোৱে নি আলপৈচান ধৰিব ধৰিলে আমাক । সময় বাগৰি গৈ থাকিল । চাহ পৰ্বৰ মাজতে আমাৰ পক্ষৰ পৰা নবৌয়ে ধেমালিতে সুধিলে "আমাৰ এতিয়া হবলগীয়া কইনাই বা খানা বনাব জানে নে নাজানে ?  আমাৰ এওঁ হলে ভাল খানা বুলিলে চিটিকাটো লগা বিধৰ।" কইনাঘৰৰ পৰা উত্তৰ দিলে কইনাৰ খুৰীয়েকে - "কেৱল খানা কিয় ! আমাৰ এই ঘৰ সৰা, চোতাল ঝাড়ু দিয়া, কাপোৰ ধুৱাৰ পৰা আদি কৰি সকলো কামতে পাকৈত, ধৰি লওক আপোনালোকৰ কামকৰা বাইজনীৰ ভাত এই মাৰিলে ।"  হয় দিয়ক বুলি কৈ এইবাৰ আমাৰ পিনৰ পৰা দেউতাই কলে "মোৰ খুলশালিও পিছে কম নহয় । অফিচৰ লগতে প্ৰত্যেকদিনে ঘৰৰ কামখিনিও নিয়াৰিকৈ কৰে । সময়ে সময়ে আমাৰ খা-খবৰ কৰে । ঘৰৰ গাড়ী ঘোঁৰা সকলোৰে দায়িত্ব ইয়াৰ ওপৰতে, ধৰি লওক আপোনালোকে দৰা নহয় লগতে নিজৰ ছোৱালীৰ বাবে এজন ড্ৰাইভৰো পাইছে ।" দেউতাৰ চুঙা চাই সোপা দিয়া উত্তৰ শুনি কিছু সময় দুয়ো পক্ষ নিশ্চুপ হৈ ৰল । ঠিক যেন কোনোৱে তাৰ মাজতে "ইটনা চন্নতা কিও হে ভাই" কৈ এই নীৰৱতা ভঙ্গ কৰিব ! ঠিক তেনেতে কইনাৰ দেউতাক অৰ্থাৎ মামাৰ হবলগীয়া শহুৰ দেউতাই গিৰ্জনী পাৰি হাঁহিবলৈ ধৰিলে । এজন দুজনকৈ দুয়োপক্ষৰ সকলোৱে এই হাঁহিত অংশগ্ৰহণ কৰিলে । তাৰ মাজতে কইনাৰ সমন্ধীয় ভনীয়েকে মাত লগালে "পিছে এতিয়া হবলগীয়া ভিনদেউৱে মোক গাড়ীত ফুৰাবলৈ নিব নে নিনিয়ে ?" প্ৰশ্ন শুনি লাজতে মামা ৰঙা-চিঙা পৰিল । তেনেতে মই "ঠিকে আছে কোনোৱে বোৱাৰীৰ নামত কামৱালী দিছে কোনোৱে দৰাৰ নামত ড্ৰাইভাৰ, লাভেই দিয়কচোন" বুলি কৈ মিঠাই এটা হাতত তুলি ললোঁ । পুনৰ হাঁহিৰে ৰূমটো উত্সৱমুখৰ হৈ পৰিল ।।

ঠিকনা- দেউবিল নপমীয়া গাঁও, শিৱসাগৰ