সম্পাদকীয়
যি কোনো পৰিৱেশত টিকি থাকিবলৈ এনে দুটা স্থিতি গ্ৰহণ কৰিবই লগীয়া হয়-
১) পৰিৱেশটো যদি আপোনাৰ অনুকূলে আছে ভালেই কথা, পৰিৱেশটো যদিহে নিজৰ গ্ৰহণযোগ্য নহয় তেতিয়া হলে আপুনি নিজৰ সামৰ্থ্য অনুসৰি পৰিৱেশটো সলনি কৰি ল'ব লাগিব।
২) যদিহে পৰিৱেশটো গ্ৰহণীয় নহয় আৰু ইয়াক সলনি কৰিব পৰা সামৰ্থ নেথাকে তেতিয়া হলে গতানুগতিকতাৰ পৰিৱেশৰ মাজত নিজক মিলাই দিবলৈ চেষ্টা কৰিব লাগিব।
উক্ত দুয়োটাৰ এটাও কৰিবলৈ যদি মনে মানি নলয় তেতিয়া অন্তদ্বন্দত সময় পাৰ কৰিব লাগিব।
এতিয়া সিদ্ধান্ত মাথো নিজৰ, কোনটো স্থিতি গ্ৰহণ কৰিব।
সামৰ্থনুসৰী সলনি কৰি ল'ব নে পৰিৱেশৰ সৈতে একাত্ম হ'বলৈ যত্নপৰ হ'ব নে অন্তদ্বন্দতে সময় পাৰ কৰিব ??
শেষত কও , মানুহৰ প্ৰতি জীৱনৰ মূল্য আছে সময়ৰ মূল্য। সময়ৰ অপচয় নিজৰো হোৱাটো নিবিচাৰো আনৰো হোৱা নিবিচাৰো।