অংকিতা কলিতা
গাঁৱলীয়া জোনটো নোলোৱা বহুদিনেই হ'ল।
নিৰ্জন আন্ধাৰত শ্ৰুত জিলীৰ মাত।
তাতোকৈ স্পষ্ট ইকৰাৰ ফাঁকেৰে সৰকা
বিপদ কালৰ একক কণ্ঠ,
ফুটপাথৰ ফটা নিহালিৰ তলৰ
দাৰিদ্ৰ্যৰ সকৰুণ স্বৰৰ সৈতে সাদৃশ্য।
তুমি নেদেখা, নুশুনা, নুবুজা!
কি চকু, কি কাণ
কি মুখ, কি হৃদয়
কি নগৰ, কি গাওঁ
এতিয়া সহানুভূতিত তলাবন্ধ।
(ছিঃ মনুষ্যত্বৰ এয়া কি নিৰ্মমতা!!)
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা