Type Here to Get Search Results !

ৰোগ প্ৰতিৰোধ ভাণ্ডাৰঃ প্ৰকৃতি

 ৰঞ্জিত চুতীয়া


   ইংৰাজীত এষাৰ কথা আছে - "Prevention is better than cure."
                       দেহত কোনো ৰোগে দেখা দিয়াৰ পাছত তাক উপশম বা নিৰাময় কৰিবলৈ চেষ্টা কৰাতকৈ সেই ৰোগ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাটোহে উত্তম আৰু বুদ্ধিয়কৰ কাম। অৰ্থাৎ -"আয়ুৰ্বেদ প্ৰয়োজনং ব্যধ্যূপস্হষ্টাসাং ব্যাধি পতি মোক্ষঃ স্বাস্হস্য যস্য ৰক্ষণশ্চ" -সৰু-বৰ বিভিন্ন ধৰণৰ ৰোগ আমি ব্যৱহাৰ কৰা খাদ্যৰ দ্বাৰা সহজে প্ৰতিৰোধ কৰিব পৰা ক্ষমতা প্ৰকৃতিয়ে দিছে।কেৱল মাত্ৰ আমি সেইবিলাক খাদ্য নিয়মিত খাব লাগে। ডাঃ এ.এন চৌধুৰীৰ মতে-  "Nature manufacturers all the medicine that man requires."  -- অৰ্থাৎ মানৱৰ প্ৰয়োজনীয় সকলো প্ৰকাৰৰ ঔষধ প্ৰকৃতিয়ে নিজে তৈয়াৰ কৰে। চাৰ উইলিয়াম অচলাৰ মতে - "Nature is physician." -- প্ৰকৃতিয়েই হ'ল চিকিৎসক। আমাৰ সাধাৰণতে হোৱা ৰোগসমূহ সহজে নিৰাময় আৰু প্ৰতিৰোধ কৰিব পৰা ঔষধি গুণ থকা, আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ 'উদ্ভিদ প্ৰকৃতিৰ বুকুতেই পোৱা যায়। মাত্ৰ তাক আমি নিয়মীয়াকৈ ব্যৱহাৰ কৰিলেই হ'ল।
                       বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানটো আমূল পৰিবৰ্তন সাধন হৈছে। কিন্তু সাম্প্ৰতিক সময়তো আমাৰ সমাজ ব্যৱস্হাত আয়ুৰ্বেদ শাস্ত্ৰৰ দিহা-পৰামৰ্শ, বনৌষধিৰে ৰোগ নিৰাময়, বিভিন্ন উদ্ভিদৰ উপকাৰৰ দ্বাৰা আকৰ্ষিত হোৱা দেখা গৈছে। বৰ্তমান সময়তো বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত বনৌষধিৰ ব্যৱহাৰ, পৰম্পৰা অটুট আছে। আমাৰ চাৰিওফালে থকা বনৌষধি উদ্ভিদবোৰ গোটাই লৈ মানৱ জাতিৰ কল্যাণৰ হেতু ব্যৱহাৰ কৰা অতি সহজ। বনৌষধি ঔষধত কোনো পাশ্বক্ৰিয়া নাই। তদুপৰি কম কষ্টত, কম খৰচত ইয়াক ব্যৱহাৰ কৰিব পাৰি। আধুনিক চিকিৎসা পদ্ধতি উন্নতমানৰ হ'লেও সৰ্বসাধাৰণ মানুহৰ বাবে এইটো সহজ লভ্য নহয়।
                 অসমৰ হাবি-বননি আৰু বাৰীৰ চুকতে থকা অলেখ বনলতা, পাত আৰু ইটো-সিটো বস্তুৰেই তাহানি কালৰে পৰা আমাৰ অসমীয়া সমাজত বিভিন্ন ৰোগ ব্যাধিৰ পৰা নিৰাময় কৰি অহা হৈছে। এনে থলুৱা চিকিৎসা পদ্ধতি সকলো সমাজতে দেখিবলৈ পোৱা যায়। শ শ বছৰৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে সমাজৰ সৰ্বসাধাৰণ মানুহে এইবোৰ থলুৱা চিকিৎসা আৰু নিদান গ্ৰহণ কৰি আহিছে। তাৰ সুফলো লাভ কৰিছে। প্ৰাচীন কালত গছ-গছনিৰ ঔষধেৰে ৰোগ নিৰাময় হ'লেও বৰ্তমান সমাজ ব্যৱস্হাত ই ঘূণে ধৰিছে। বৰ্তমান আমাৰ সমাজত খাদ্যাভাসৰ পৰিবৰ্তন ঘটিছে।
                 অসমৰ সুযোগ্য সন্তান, আয়ুৰ্বেদচাৰ্য ড° গুণাৰাম খনিকৰ দেৱে কৈছিল - "মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ-গছনিৰ সৃষ্টি কৰিছে। আমি প্ৰকৃতিৰ বস্তু গ্ৰহণ নকৰি তাৰ পৰা তৈয়াৰ কৰা ঔষধ ব্যৱহাৰ কৰিছোঁ। বন-পাতৰ দ্বাৰা তৈয়াৰী ঔষধ মানুহে খাবই, খাই থাকিব। বাকী ভেষজ বিদ্যাৰ উপৰি আয়ুৰ্বেদ আৰু হোমিও চিকিৎসা বিদ্যাৰ ওপৰত সম্প্ৰতি ভাৰতৰ মানৱ সম্পদ উন্নয়ণ দপ্তৰে গুৰুত্ব দিয়া দেখা গৈছে।"
                 আমাৰ শৰীৰটো হ'ল ৰোগৰ ভঁড়াল। দেহা থাকিলে বেমাৰ হ'বই। আমি নিৰোগী হৈ থাকিবলৈ কিছুমান নিয়ম মানি খাদ্য গ্ৰহণ কৰাটো অতি আৱশ্যেক। স্হান আৰু কাল বিশেষে প্ৰকৃতিত উৎপাদিত ফল-মূল, শাক-পাচলি আমি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে। 'প্ৰকৃতিবিৰুদ্ধ ভোজন' কৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে থিতাপি ল'ব পাৰে। প্ৰকৃতিবিৰুদ্ধ ভোজন মানে যি বস্তু প্ৰকৃতিয়ে আমাক ওচৰতে দিয়া নাই সেইবোৰ বস্তু ভোজন কৰাকে বুজায়। উদাৰণ স্বৰূপে, অসমত প্ৰকৃতিয়ে আপেল, আঙুৰ আদি ফলৰ খেতি হ'বলৈ দিয়া নাই। ইয়াৰ খেতি কৰিব বিচাৰিলেও আজিলৈকে সুফল  পোৱা দেখা নাই। অৰ্থাৎ আপেল, আঙুৰৰ খেতিৰ বাবে অসমৰ জলবাযু উপযুক্ত নহয়। যদি জলবাযুৰ বাবে সক্ষম নহয়, তেনেহ'লে ই আমাৰ শৰীৰৰ বাবেও ভাল হ'ব বুলি ক'ব নোৱাৰি। কাশ্মীৰ, হিমাচল প্ৰদেশ আদি ঠাইত আপেলৰ খেতি হয় কাৰণ তাৰ জলবায়ু ঠাণ্ডা। ঠাণ্ডা ঠাইত মানুহৰ  constipation হোৱাৰ সম্ভাৱনা বেছি থাকে। সেইবাবে তাৰ মানুহে নিতৌ এটাকৈ আপেল খালে শৌচ খোলা হয়। আনহাতে অসমৰ জলবায়ু গৰম হোৱাৰ বাবে ইয়াৰ মানুহৰ শৌচ ঢিলা হোৱাৰ সমস্যা বেছি। গতিকে প্ৰকৃতিয়ে আমাক ভীমকল দিছে কাৰণ ভীমকল খালে শৌচ টান হয়।
                সেইদৰে আহাৰ-শাওন মাহত প্ৰকৃতিয়ে আমাৰ পৰা শাক জাতীয় শস্যবোৰ নোহোৱা কৰি দিছে বা খেতি কৰিলেও ভালদৰে নহ'ব। এই সময়ছোৱাত প্ৰকৃতিত খেতি কৰিব বাবে প্ৰকৃতিয়ে মাটিৰ তলৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ বাহিৰ কৰি দিয়ে, যিবোৰ শাক জাতীয় শস্যৰ বাবে উপযোগী নহয়। গতিকে সেই সময়ত আমি তেনে খাদ্য খালে শৰীৰত বেমাৰ হোৱাটো নিশ্চিত।
                  Health is wealth -- স্বাস্হ্যই সুখ-সম্পদৰ প্ৰধান আহিলা। শৰীৰ অবিহনে আমাৰ দেহৰ একোৱেই অস্তিত্ব নাথাকে। শৰীৰ নষ্ট হ'লে আমাৰ সকলো ধ্বংস হয়। যি গৰাকী লোকে দৈনিক সুখ লাভৰ ইচ্ছা কৰে, দীৰ্ঘ জীৱন পাবলৈ বাঞ্চা কৰে তেওঁ শৰীৰটো সুষ্ঠ সৱল কৰি ৰাখিবলৈ প্ৰকৃতিয়ে নিদিষ্ট সময়ত প্ৰদান কৰা খাদ্য গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ।