Type Here to Get Search Results !

প্ৰতিডাৰউইনিজীম

 অৰ্পণ


শ্মশান হব ধৰা চহৰৰ কোলাত
ওৰে নিশাজুৰি কিহৰ কোলাহল ?
সৌজাক দেখোন দানৱ মানৱৰ পোছাকত
হাতত যেন দাউ-দাউকৈ জলি উঠা স্বধংসী নৰকাগ্নি।

কাৰোবাৰ কাতৰ কান্দোনৰ প্ৰতিধ্বনি কৰ্ণপটত
শুনিছেনে আপুনিও! সুদূৰত বাৰে বাৰে আমনি কৰা
আকৌ মানুহৰ মঙহেৰেই মানুহৰ ভোজ দেখি
চিৎকাৰ কৰি উঠিছে মানুহ গঢ়া ভগৱান !

শান্তিৰ দাবীৰে উত্তাল ৰাজপথত শ্মশানৰ প্ৰশস্তিবাৰ্তা
মনুষ্যত্বক জীৱন্তে তুলি দিয়া হৈছে চিতাৰ কোলাত
যুদ্ধজয়ী উলাহেৰে কিৰিলিয়াইছে নিলাজ সভ্যতাই ;

পৰাজিত শ্ৰেষ্ঠতাই চাইছে সৃষ্টিৰ মুখলৈ,
এজাক বৰষুণ হব, শান্ত হব বনৰীয়া অভ্যুত্থান।।

                                             ✍️
গেলেকী, শিৱসাগৰ