জীনামণি বৰগোহাঁই দুৱৰা
দোক্মোকালিতে উঠি সৃষ্টিকৰ্তাক প্ৰণাম কৰি
মানুহজন ওলাই যায় পথাৰলৈ বুলি।
কিযে আমোলমোলীয়া তোমাৰ
মাটিৰ গোন্ধ,পথাৰ।
অধীৰ অপেক্ষাত ৰওঁ বাৰিষা অহালৈ
তোমাৰ উদং বক্ষ জলমগ্ন হ'বলৈ
মোৰ মানুহজনৰ সদাব্যস্ত স্বভাৱ
সোনগুটিৰে তোমাক সজোঁৱাৰ প্ৰয়াস
কৃষিপ্ৰধান দেশৰ মানুহ আমি
খেতি কৰাৰ নিয়ম আছো মানি
ভুৱা আদৰ্শৰে আভুৱা নাভাঁৰো
খেতি কৰাৰ মানসিকতাৰে সকলোকে জিনিছো
পাৰো যদি আদৰ্শৰ বীজ সিঁচিছো
ক্লেদময় তোমাৰ বুকু শস্যৰে সজাঁ ইছো
কৰ্মই ধৰ্ম বুলি খেতিতে ধৰিছো
ধানেৰে মেটমৰা ভঁৰাল সজাঁ ইছো
আমি দুয়ো পৰম সুখী পথাৰ
জীৱনৰ অংগ হিচাবে লগতে আছা যে আমাৰ।