মালবিকা শৰ্মা, ভুবনেশ্বৰ
এই পৃথিবীখনত বিভিন্ন ধৰনৰ প্ৰাণী আছে... ঘৰচীয়া, বনৰীয়া, হিংস্ৰ, শান্ত, বিষ থকা, বিষ নথকা, কুৎসিত, সুন্দৰ ইত্যাদি ইত্যাদি। পিছে ভালদৰে চাবলৈ গ’লে এই জগতৰ আটাইতকৈ অদ্ভূত প্ৰাণী হৈছে মানুহখিনি। এই জগতত কিমান ধৰনৰ যে আচৰিত প্ৰকৃতিৰে গঠন হয় এই মানুহ নামৰ প্ৰাণীখিনি।
এচাম মানুহ আছে যিসকলে সদায় নিজক লৈয়ে ব্যস্ত, বেলেগৰ কথা বুজিবলৈ সময় নাই, সময় থাকিলেও আগ্ৰহ নাই। এনে চামৰ পৰা কোনো ধৰনৰ আশা কৰিব নোৱাৰি আৰু সেইদৰে এইচাম মানুহৰ পৰা কোনো ধৰনৰ বিপদো নহয়।
আৰু এচাম মানুহ আছে যিসকলে নিজৰ ভাল বেয়াৰ কথা চিন্তা নকৰি বেলেগক সাহায্য কৰিবলৈ আগবাঢ়ি আহে। আনৰ দুখত দুখী আৰু সুখত সুখী হোৱা এইচাম মানুহৰ বাবেই এতিয়াও সমাজত বিশ্বাস, আন্তৰিকতা, দয়া, সহৃদয়তাৰ দৰে শব্দবোৰ বাচি আছে।
আন এচাম মানুহে সদায় নিজৰ কামৰ পৰিবৰ্তে আন মানুহৰ কাম-কাজৰ ওপৰত চকু ৰাখি ভাল পায় আৰু সুবিধা বুজি বেলেগৰ সমালোচনা আৰু কুৎসা ৰচনাৰে এক ধৰনৰ সন্তুষ্টি লাভ কৰে। এইচাম মানুহৰ পৰা অলপ আতৰত থাকিব পাৰিলে ভাল আৰু ওচৰত আহিলেও এটা দুটা সৌজন্যতামূলক কথাৰ বাহিৰে আন সম্পৰ্ক নৰখাই মংগলজনক।
পিছে আটাইতকৈ অসুবিধা হৈছে শেষৰ চাম মানুহৰপৰা। এইচাম মানুহ ভালত খুৱ ভাল আৰু বেয়াত খুৱ বেয়া। ভালত সনা-পিটিকা, এদিন দেখা নোহোৱাকৈ বা ফোন নকৰাকৈ থাকিবই নোৱাৰে। কিন্তু কিবা প্ৰকাৰে যদি সম্পৰ্কত অলপ অসুবিধা আহি যায় তেনেহ’লে আৰু মৰিলেই নে বাচি আছে এবাৰো খবৰ এটাও নলয়। এইচাম মানুহৰ সাংঘাটিক অহং ভাৱ। নিজে গণ্ডগোল আৰম্ভ কৰিলেও সদায় বিচাৰে বেলেগেই আহি ভুল হোৱা বুলি কোৱাটো। বয়সত ডাঙৰ হ’লেতো আৰু কথাই নাই, সাত খুন মাফ। এনে ধৰনৰ মানুহচামে নিজৰ দোষ কেতিয়াও স্বীকাৰ নকৰে। এনে ধৰনৰ মানুহৰ পৰাই সম্পৰ্কত খুৱ বেছি অশান্তিৰ সৃষ্টি হয়। সেয়ে যিমান সোনকালে এইচামৰ প্ৰকৃত ৰূপটো আগত আহে সিমান সোনকালে নিজকে আত্মসন্মানৰ সৈতে আতৰাই লৈ যোৱাটো বিশেষ প্ৰয়োজন।
বন্ধুসকল, আপোনালোকে কি ভাৱে বাৰু এই বিষয়ে??