Type Here to Get Search Results !

মই নন্দিতাই কৈছোঁ

 চিন্ময় ডেকা


মোৰ জীৱনলৈ আহিছিল
অযুত মৰম ভালপোৱাৰ
ছলণাময়ী এজন ব্যক্তি।
প্ৰেমৰ মানৱতাক দিনক দিনে
প্ৰতাৰণাৰ দিশলৈ অগ্রসৰ কৰা,
দস্যু, দানৱ ৰূপী পাষণ্ড ।
কি মোৰ, ভুল? কি মোৰ কপাল?
জানোঁছা পূৰ্বজন্মৰ এয়াই মোৰ পাপৰ ফল
শত্ৰু, মিত্ৰ সকলোকে মই চিনিব পাৰিলোঁ;
এই দুদিনীয়া জীৱনৰ স্বাৰ্থপৰ কেন্দ্ৰীক পৃথিৱীত।
সেই বাবেই মই, নিজক আঁতৰাই আনিছিলো;
শুদ্ধ পথৰ সন্ধানত, নতুনত্বৰ দিশে অগ্ৰসৰত।
হয়টো, আকস্মিকভাৱে আহিব বুলি ভবা নাছিলোঁ তাহানিও
শোকাৱহ ঘটনাৰ মৃত্যু দূত'হৈ;
মোৰ বাবে কিমান জনৰ প্ৰাণৰ আঘাত হ'ল,
সহোদৰ বান্ধৱী কাচমিৰা দত্ত  চিৰ দিনৰ বাবেই ঘূণীয়া হ'ল।
হয়টো ভবাই নাছিলোঁ, এনেদৰেই
জীয়াই-জীয়াই দা'ৰ ঘাপত মানুহ শ্ৰেষ্ঠ জীৱৰ প্ৰান যায় বুলি,
এই কংকৃত সাগৰত, আজীৱন মনত থাকি যাৱ;
মোৰ জীৱনৰ শোকাৱহ অপমৃত্যুৰ অলিখিত কাহিনী।
কোনো পধ্যেই যাতে;
দোষী সাৰি যাব নোৱাৰে, অচিন দেশত কৰিছোঁ মই প্ৰণতি

 টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩