Type Here to Get Search Results !

মই যুদ্ধক্ষেত্ৰই কৈছো

কাশ্যপ গগৈ,


 


 নীলিমাৰ নীলা চাদৰখন ভেদি বিকট শব্দ কৰি এখন দুখনকৈ আহিছিল মৃত্যুৰ যান |

নিৰপৰাধী মানুহবোৰে আইৰ আঁচলত লুকাইছিল |
এৰা,  সিহঁতৰ আছে নো কি !
আছে মাথোঁ কষ্ট কৰি গোটোৱা দুটকা পইচাৰ এটকা আনক দিব পৰা  এটা বিশাল মন |
কিছুমানে বসুমতীৰ বুকুত আশ্ৰয় লৈছিল |
কেৰাচিন শেষ হৈ যোৱা চাকিবোৰে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে এন্ধাৰৰ লগত সংগ্ৰাম কৰিছিল |
মাকৰ লগ এৰি নিদিয়া দেৱশিশুবোৰে বাৰু কি বুজিছিল ?
তথাপি সিহঁতৰ চকুত এক নিৰ্দিষ্ট ভয় |
পৃথিৱীখনেই নেদেখিলে ভালকৈ |
প্ৰকৃতিৰ স্বাৰ্থহীন ভালপোৱাবোৰ সিহঁতে চোৱাটো প্ৰয়োজনীয় আছিল |
তেনেতে এটি বুকু কপোঁৱা আৰ্তনাদ |
ৰঙা নদীএখন বৈ আহিছিল |
ধূলিৰ ডাৱৰে আৱৰি ধৰিছিল |
ক'ৰবাৰ পৰা শগুণএজাক উৰি আহিছিল |
সপোনৰ মৃত্যু হৈছিল |
বৰ্তমানৰ সংজ্ঞা হেৰাইছিল |
ভবিষ্যত কঁপি উঠিছিল |
আইৰ আঁচল ফাটি গৈছিল |
এইবোৰেই মোৰ বেদনা |
কৈছো শুনা কাণপাতি |  অবৰ্ণনীয় যুদ্ধক্ষেত্ৰৰ মই বৰ্ণনা দিছো |

বাউলী মৈদাম, নাজিৰা