Type Here to Get Search Results !

কৃষ্ণ ভক্তি

 দীপালী শইকীয়া গগৈ



শৰত নিৰ্মল দিনৰ আগমন
জ্যোৎস্নাময় দিন প্ৰতিদিন
ঘোৰ অমাৱস্যাৰ ঘটিল অৱসান
মন যমুনাত স্ফূৰন 
অমল প্ৰেমগাঁথাৰ ,
মধুময় জোনালীৰ নীলিম আভাত
উজ্জ্বলি উঠিছে
যমুনাৰ তীৰত কদম গছত
কৃষ্ণ কানাইৰ মোহন বাঁহীৰ
হৃদয় মন উতলোৱা
পঞ্চম সুৰত ৰাগিনী ,
যাৰ অমিয়াসুৰে
ব্যাকুল আকুল কৰি
তুলিলে ব্ৰজধামৰ ব্ৰজবধূক ৷
কৃষ্ণৰ  বাউলী
ৰাধা কৃষ্ণলীলাৰ আধাৰ
দ্বাপৰ যুগত কৃষ্ণ ভক্তিত
অটল গোপবালক গোপবধূ
যুগে যুগে বন্দিত ৷
বৰ্ত্তমান সময়তো
কৃষ্ণহে আমাৰ পৰম শক্তি 
কৃষ্ণবিনে নাই গতি ৷

আমগুৰি