Type Here to Get Search Results !

কয়লা ৰাণী মাৰ্ঘেৰিটা

 জাবেদ আলী


অসমৰ এখন বিখ্যাত চহৰ হ'ল- মাৰ্ঘেৰিটা। এই মাৰ্ঘেৰিটা কয়লা ৰাণী হিচাপে বিশ্ব বিখ্যাত। ১৯৮৯ চনৰ ১৫ আগষ্ট‌ তাৰিখে মাৰ্ঘেৰিটা মহকুমা হিচাপে ঘোষণা কৰা হৈছিল আৰু মহকুমাধিপতি কাৰ্যালয় স্থাপন কৰা হয়, তেতিয়াৰ পৰা এতিয়া লৈকে বহু জন মহকুমাধিপতিয়ে মাৰ্ঘেৰিটাত শাসন কৰিলে, বৰ্তমান এ চি এছ বিষয়া পলাশ ৰাজকুমাৰ আহোমে ( অতিৰিক্ত উপায়ুক্ত) ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 
ৰাজনৈতিক দিশৰ পৰা চাবলৈ গ'লে মাৰ্ঘেৰিটা   অসমৰ ১২৪ নং বিধানসভা সমষ্টি, বৰ্তমান এই বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এজন প্ৰাক্তন বিধায়ক আছিল ইয়াৰ  পৰাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছিল। এই সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈ বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ সংসদ হ'ল। জনসংখ্যাৰ দিশৰপৰা এই মাৰ্ঘেৰিটাত প্ৰায় ২ লাখৰ ওচৰা-ওচৰি লোক বসবাস কৰে। মাৰ্ঘেৰিটাত দুখন চৰকাৰী মহাবিদ্যালয় আছে তাৰে এটা মাৰ্ঘেৰিটা মহাবিদ্যালয় আনটো লিডু মহাবিদ্যালয়। পুৰণি  উচ্চতৰ মাধ্যমিক বিদ্যালয় খন মাৰ্ঘেৰিটা পাৱলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়। মাৰ্ঘেৰিটাৰ আৰক্ষী থানা খন ইংৰাজৰ দিনতে ১৯১৪ চনৰ প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান ১০৭ বছৰ পুৰণি থানা। ইয়াৰ উপৰিও মহকুমা খনত আন কেইবাটাও আৰক্ষী থানা, উপ আৰক্ষী চকী আছে। বিখ্যাত অঞ্চল সমুহৰ ভিতৰত হ'ল- লিডু, লেখাপানী, জাগুন, কেটেটং, পেঙেৰী, বৰধোমচা, কৈলাসপুৰ ইত্যাদি।


এটা সময়ত মাৰ্ঘেৰিটাত বিভিন্ন ধৰণৰ উদ্যোগ আছিল, উদ্যোগ চহৰ মাৰ্ঘেৰিটা বৰ্তমান কেৱল মাৰ্ঘেৰিটা হৈ ৰল। কয়লা উৎপাদনকাৰী মাৰ্ঘেৰিটা যোৱা ২ টা বছৰৰ পৰা বন্ধ হৈ পৰি‌ আছে। যাৰ ফলত এতিয়া নিবনুৱা হিচাপে ঘৰত বহি আছে বহুজন। এটা সময়ৰ উদ্যোগী চহৰ মাৰ্ঘেৰিটা বৰ্তমান নিবনুৱা অঞ্চল হিচাপে ৰল। 

শৈক্ষিক দিশত মাৰ্ঘেৰিটা আগবঢ়া, প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চ মাধ্যমিক বিদ্যালয় মহকুমাটোৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা ও যথেষ্ট। মাৰ্ঘেৰিটাৰ পৰা শিক্ষা গ্ৰহণ কৰি বহুতো ব্যক্তি দেশ- বিদেশত চাকৰি কৰি আছে।  

মাৰ্ঘেৰিটা খন আৰু আগবঢ়া হ'ব লাগে, ইয়াত বিভিন্ন ধৰণৰ উদ্যোগ পুনৰ আৰম্ভ কৰিব লাগে, উচ্চতৰ শিক্ষাৰ বাবে বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান প্ৰয়োজন, নিবনুৱা সংস্থাপনৰ বাবে বিহিত ব্যৱস্থা হ'ব লাগে মাৰ্ঘেৰিটাবাসীৰ আশা। এই আশা পূৰণ হ'ব লাগে বুলি ভাবোঁ।