আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই
"এচেৰেঙা ৰ'দৰ জিলমিল" সুলেখিকা অৰুণা চেতিয়া খাটনিয়াৰ বাইদেউৰ তৃতীয় খন কাব্য সংকলন। তেখেতৰ প্ৰকাশিত পুথিসমূহ হ'ল - - হেৰুৱা বাটৰ ছন্দ বিচাৰি, সূৰুযমুখী, টোপ টোপ নিয়ৰ সৰে, (কবিতা সংকলন) গল্প সংকলন - - মৰতত সৰগ নামে, প্ৰৱন্ধ - বিবিধ গদ্য গুচ্ছ ।অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণা চেতিয়া খাটনিয়াৰ সাপ্তাহিক জনমভূমি, তিনিদিনীয়া অগ্ৰদূত, দিগদৰ্শন, অনন্যা, ছন্দগুচ্ছ, যৌৱন আদি আলোচনীৰ নিয়মীয়া লেখিকা ।
দিগ্ দৰ্শন প্ৰকাশনে প্ৰস্তুত কৰি উলিওৱা "এচেৰেঙা ৰ 'দৰ জিলমিল" কাব্য সংকলন খনত চল্লিশ উৰ্ধৰ ভিন্ন স্বাদৰ কবিতাৰে পৰিপুষ্ট কাব্য সংকলন। বেটুপাত অলংকৰণ - চিত্ৰশিল্পী জুলি বৰুৱাৰ । কাব্য সংকলন খন তেখেতৰ লেখা পঢ়ি ভালপোৱা অনুৰাগী সকলৰ হাতত অৰ্পণ কৰিছে ।কবি অৰুণা বাইদেউৰ কাব্য সংকলন খনৰ কিছু কবিতা হৃদয়ংগম কৰিলেই গম পোৱা যায়, কবিয়ে সুকোমল শব্দৰ গাঁথনিৰে সজাই তুলিছে কবিতাবোৰ, যিবোৰ সকলো পাঠকৰে সহজেই বোধগম্য হব বুলি ধাৰণা হয় । কবিতাবোৰ অনুধাৱন কৰি অনুমান কৰিব পাৰি কবিৰ অনুভৱৰ বিশালতাৰ বিষয়ে । প্ৰতিটো কবিতাৰ মননশীল শব্দমালাৰে সজাই তুলিছে প্ৰেম, মানৱতা, প্ৰকৃতি প্ৰীতিৰ বিষয়ে ।
মানৱতাৰ জয়গান গোৱা কবিয়ে তেওঁৰ কাব্যিকতাৰ যোগেদি প্ৰকাশ কৰিছে মানুহৰ মৰম ভালপোৱাৰ মাজেদি নিজৰ দেশ, নিজৰ জাতিৰ হৃদয়ৰ পৰা হৃদয়লৈ বৈ যোৱা তেজৰ আত্মিক গোন্ধই কেনেকৈ মানুহক মানুহৰ আপোন কৰি তোলে । মানৱীয় গুণৰ অধিকাৰী কবিৰ অনুভৱৰ বাকৰিত সিঁচৰিত হৈ পৰিছে মানৱ প্ৰেম । মানৱ প্ৰেমেৰে মহীয়ান হৈ কবিয়ে সকলোকে স্বদেশ আৰু স্বজাতিৰ হঁকে কাম কৰি যাবলৈ আহ্বান জনাইছে তেওঁৰ কাব্য সংকলনৰ কবিতা "মানুহৰ স'তে মই (পৃষ্ঠা নং ২৭) কবিতাৰ যোগেদি ।" এই খন দেশৰ মানুহ মই / মোৰ সিৰাই সিৰাই প্ৰৱাহিত হয় /আপোন আপোন লগা /সেইবোৰ মানুহৰ গোন্ধ । য'ত থাকে - - /হৃদয়ৰ পৰা হৃদয়ৰ পৰা হৃদয়লৈ /বোৱাব পৰা /কমনীয়তাৰে ভৰা/ সচাঁ মানৱতা / মানৱীয় গুণবোৰ মোৰ বাবে / বৰ প্ৰিয় অ' সিহঁতক মই সুধিব খোজো/আবেগেৰে /তহঁতে বাৰু মানুহ ভাল পাৱনে মানুহ।
ঠিক তেনেদৰে "এতিয়া মানুহ হোৱাৰহে সময় নামৰ কবিতাটো কবিয়ে সাম্প্ৰতিক সময়ৰ মানুহৰ মাজত নিহিত অমানবীয় গুণৰ বিষয়ে উল্লেখ কৰিছে । মানুহে নিজৰ বদগুণৰ বাবেই আজিৰ পৃথিৱীত অত্যাচাৰ, উৎপীড়ন, হত্যা লুণ্ঠন, ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছে । সেয়েহে কবিয়ে মানুহক মানৱীয় গুণেৰে দিন অতিবাহিত কৰিবলৈ তেওঁৰ অনুভৱৰ যোগেদি আহ্বান জনাইছে । সজ কৰ্মৰ যোগেদিহে জীৱন যাত্ৰা অতিক্ৰম কৰিবলৈ কৈছে। নিজৰ কৰ্তব্যক পাহৰি ঈশ্বৰ, আল্লাহ বুলি চিঞৰি থাকিলেই নহ'ব । কৰ্মৰ জৰিয়তেহে জীৱনত সফলতা পায় । (এতিয়া মানুহ হোৱাৰ সময়, পৃষ্ঠা নং ৪৪) উল্লেখ কৰিছে এইদৰে । সজ কৰ্মৰ যোগেদি /নিৰৱে, নিজতে/মাতিলেহে বোলে /ঈশ্বৰ অথবা আল্লা /চাপি আহে কাষলৈ /সকলোৱে বুজি পোৱা ভাল /অহংকাৰ আৰু /ঠগ, প্ৰৱঞ্চনাই /নোখোৱাই চিৰকাল /মিলালেহে মিলিবা /মানুহৰ লগত /তেহে ৰ'ব মানুহৰ জগত । সহজ সৰল ভাষাৰে পাঠকৰ বোধগম্য হোৱাকৈ কবিয়ে অতি সুন্দৰকৈ সজাই তুলিছে কাব্যিক চিত্ৰপট ।
" সমৃদ্ধিৰ সেউজীয়া বাটেদি" (পৃষ্ঠা নং ২৫) কবিতাত কবিয়ে শস্যশ্যামলীমা ধৰণীৰ অপৰূপ সৌন্দৰ্য্য সুধা পান কৰি সৃষ্টিৰ বাট প্ৰশস্ত কৰি তুলিব বিচাৰে । প্ৰকৃতিৰ সৈতে কবিৰ আত্মিক বান্ধোন অনুভৱৰ কৰণিত প্ৰস্ফুটিত কৰি তুলিছে । সেউজীয়াই জীৱন সুন্দৰ কৰি তুলিব পাৰে যেনেকৈ সেউজীয়াই প্ৰকৃতিৰ শোভাবৰ্ধন কৰে । সেইয়া কবিৰ কাব্যিকতাত প্ৰকাশ কৰিছে এইদৰে । "সিহঁতৰ মূলধন, জীৱন বাটৰ /সেই বাটেদিয়ে আগুৱাই যাব সিহঁতে /যি বাট হ'ব /সিহঁত আগুৱাই যাব পৰাকৈ / সমৃদ্ধিৰ সেউজীয়া বাট /, হয়, সিহঁত আগুৱাই যাব এখোজ এখোজকৈ /সমৃদ্ধিৰ সেউজীয়া বাটেদি । এইদৰেই দেখা যায় প্ৰিয় কবিৰ কাব্যিক সাধনাৰ বিষয়ে।
আশাকৰোঁ কবিয়ে অনাগত দিনত নতুন সৃষ্টিৰে কৃষ্টিৰ পথাৰ জীপাল কৰক । সুহৃদ পাঠক সমাজে আদৰি লওক "এচেৰেঙা ৰ'দৰ জিলমিল "। তাৰেই শুভকামনা প্ৰিয় কবিলৈ ।