দীনবন্ধু কলিতা
জয়ন্ত আৰু চফিজুলৰ মাজত সৰুকালিতে গঢ়ি উঠিছিল গভীৰ বন্ধুত্ব। আজিও সেই মিতিৰালি অক্ষুন্ন ৰাখিবলৈ দুয়ো চেষ্টাৰ ত্ৰুতি কৰা নাই। দেউতাকহঁতৰ চাকৰিসুত্ৰে দুয়োটা পৰিয়ালে শিৱসাগৰত গৈ থাকিবলগীয়া হৈছিল। একেটা অফিচতে কৰ্মৰত দেউতাকহঁতে ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গুৱাহাটীত সেই সময়তে অলপকৈ মাটি কিনি থৈছিল। চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছতে দেউতাকহঁতে গুৱাহাটীলৈ উভতি আহি সেই কেইডোখৰ মাটিতে ঘৰ সাজি নিগাজিকৈ থাকিবলৈ ল’লে। জয়ন্ত আৰু চফিজুলে হাইস্কুলীয়া শিক্ষা শিৱসাগৰত সম্পন্ন কৰিছিল যদিও কলেজৰ শিক্ষা গুৱাহাটীত আহৰণ কৰিছিল। দুই বন্ধুয়ে গুৱাহাটীতে স্থায়ী চৰকাৰী চাকৰিত মকৰল হোৱাৰ সুবাদতে নিজৰ ঘৰতে থাকি ঘৰ-সংসাৰ চলাই নিবলৈ সুবিধা পাইছে। যদিওবা দুয়োখন ঘৰৰ মাজৰ দূৰত্ব প্ৰায় এক কিলোমিটাৰ মান হ’ব, তথাপিও ঘৰুৱা প্ৰতিটো মাংগলিক কাৰ্যতে ইঘৰ-সিঘৰৰ মাজত আজিও সঘন আহ-যাহ আছে। -চফিজুল শুনিছানে, আমাৰ পুলক যোৱা চাৰিদিন মান আগতে হঠাতে বৰকৈ অসুস্থ হৈ পৰিছিল। যোৱা কেইদিনত সি প্ৰচণ্ড পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈছিল। অসহ্য বেদনাত চটফটাই থকা দৃশ্য চাই থাকিব নোৱাৰিলোঁ। বৰ ভয় লাগিছিল। চৰকাৰী হস্পিতালখন কিছু আঁতৰত হোৱা বাবে লৰালৰিকৈ তাক আমাৰ ওচৰৰে ব্যক্তিগত নাৰ্চিং হ’মখনলৈ লৈ গৈছিলোঁ। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে . তাক হস্পিতালখনতে ভৰ্তি কৰিবলৈ ডাক্তৰে পৰামৰ্শ দিলে। যোৱা দুদিনৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত ডাক্তৰে যিমান পাৰি সোনকালে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি আমাক জনালে।-জয়ন্ত, কেনেকুৱা মানুহ হে তুমি–ল’ৰাটো আজি চাৰিদিন আগতে অসুস্থ হৈছে, তুমি খবৰটো দিবলৈ আজিহে ফ’নটো কৰিছা। ইমান পলমকৈ ফ’ন কৰা বাবে তোমাক মই বৰ বেয়া পাইছোঁ। জয়ন্তৰ ল’ৰাটোৰ অসুস্থতাৰ কথা শুনি চফিজুলে বৰ দুখ পাই তেনেদৰে ক’লে।
-বেয়া নাপাবা ভাই–মুৰটোৱে একেবাৰে কাম নকৰা হৈ গৈছিল জানানে?
-যাহওক, বৰ্তমান সি ঠিকে আছে নহয়?
-ডাক্তৰে কিছু ঔষধ দিছে যদিও মাজে-মাজে বিষটোৱে হেনো উক দি থাকে।
-যিকোনো সহায়ৰ প্ৰয়োজন হ’লে মোক কবলৈ অকনো দ্বিধা বোধ নকৰিবা দেই জয়ন্ত। মই কিছু সময়ৰ ভিতৰতে গৈ আছো ৰ’বা। তাতে তোমাক দেখা কৰিম দিয়া।
কিছু সময় পিছত চফিজুল গৈ নাৰ্চিং হ’মখনত উপস্থিত হ’ল। জয়ন্তই একে ঠাইতে স্থিৰ হৈ থাকিব পৰা নাই–ইফাল-সিফালকৈ ঘুৰি আছে। তেওঁৰ মুখখন শুকাই গৈছে–নানান চিন্তাই যেন ভাগৰুৱা কৰি তুলিছে।
-জয়ন্ত, আমি চকীত বহি অলপ কথা পাতো আহা।
-ব’লা চফিজুল।
-বাবাৰ কি হ’ল কোৱাছোন?
-তাৰ হেনো গলব্লাডাৰত পাথৰ হৈছে। অস্ত্ৰোপচাৰ হেনো একান্ত জৰুৰী–সাধাৰণ ঔষধেৰে বোলে ঠিক কৰিব পৰা নাযাব। কথাখিনি কৈ থাকোতে জয়্ন্তৰ দুধাৰি চকুলো বৈ অহা সময়ত চফিজুলেও নিজৰ চকুপানিৰ শ্ৰোতক বাধা দিবনোৱাৰিলে।
-আজিকালি এই বেমাৰটো বহু উঠি অহা ল’ৰা-ছোৱালীৰ হোৱা প্ৰায়ে শুনিবলৈ পাইছোঁ। বহুতে খাদ্যাভাসৰ বাবে হয় বুলি ক’ব খোজে। অস্ত্ৰোপচাৰ কৰিব লাগিবই যেতিয়া আৰু বেছি চিন্তা
2
কৰি থাকিব নালাগে। ঈশ্বৰক প্ৰাৰ্থনা কৰা যাতে সকলোখিনি সুকলমে হৈ যায়। বাৰু, টকা-পইছা হাতত আছে নহয়?
-আছে, আছে দিয়া। সেইবোৰ লৈ মই বিশেষ চিন্তা কৰা নাই ৰ’বা।
-তেনেহ’লে কি নোইমানকৈ ভাবি আছা? অনৰ্থক কথা ভাবি মনটো দূৰ্বল নকৰিবাছোন।
আমিবোৰ আছো যেতিয়া সকলো ঠিক হৈ যাব দিয়া। তোমালোকে যিহেতু সদায়ে সকলোৰে মংগল কামনা কৰি আহিছা, নিশ্চয় ঈশ্বৰেও তোমালোকৰ বাবাৰ প্ৰতি সুদৃষ্টি প্ৰদান কৰিব–বিশ্বাস ৰাখাছোন।
-তোমালোক আছা যেতিয়া বৰকৈ চিন্তা নকৰোঁ। পিছে এটা চিন্তাহে বৰকৈ আমনি কৰিছে–উৱাদিশ নোপোৱা হৈছোঁ। অসহায়বোধ কৰিছোঁ।
-কি চিন্তা কৰিছা, কোৱাছোন জয়ন্ত?
-অস্ত্ৰোপচাৰৰ সময়ত হেনো তেজৰ প্ৰয়োজন হ’ব। তাৰ তেজৰ গ্ৰুপৰ তেজ বোলে নাৰ্চিং হ’মখনে যোগাৰ কৰিব পৰা নাই। ময়ো বহুতৰ লগত যোগাযোগ কৰিছো যদিও কাৰোপৰা ইতিবাচক সঁহাৰি পোৱা নাই। তেজ যোগাৰ নোহোৱালৈ তাৰ অস্ত্ৰোপচাৰটো কৰিব পৰা নাযাব বুলি আমাক জনাই দিছে। এনেদৰে পেটৰ বিষৰ যন্ত্ৰণাত চটফটাই-কেঁকাই থকা দেখি মোৰ বৰ বেয়া লাগি আছে—মই সহ্য কৰিব নোৱাৰা হৈ পৰিছো, জানানে চফিজুল?
-সেইটো লৈ ইমান চিন্তা কৰিবলগীয়া কিবা আছে বুলি মই নাভাবো। মোৰ আৰু তোমাৰ ল’ৰাৰ তেজৰ গ্ৰুপ যে একে এই কথাটো তুমি নিশ্চয় জানা। মোৰ আৰু তোমালোকৰ বাবাৰ তেজৰ গ্ৰুপ একে হোৱা কথাটো লৈ যে আমি তোমালোকৰ ঘৰত এদিন বহু দেৰিলৈ কথা পাতিছিলোঁ, তোমাৰ মনত নাই নেকি?
-মোৰ সকলো সকলো কথা মনত আছে চফিজুল, কিন্তু....
-আকৌ কিন্তু বুলিবৰ কিবা আছে বুলি মই নাভাবো দেই ভাই!
-তোমাৰ তেজ তাক দিয়াতো জানো ঠিক হ’ব? তোমাৰ আৰু তাৰ ধৰ্মক লৈ মানুহে বা আকৌ কি ভাবে?...
-তুমি এইবোৰ কি আজে-বাজে বলকিছা। তোমাৰ ল’ৰাৰ জীৱন বচোৱাটো ডাঙৰ ধৰ্ম নে কোনে তেজ দিছে তেওঁ পালন কৰা ধৰ্মটো ডাঙৰ?
-তথাপিও....
-নাই, মই যেনেকৈ হ’লেও তেজ দি তাক কষ্টৰ পৰা মুক্ত কৰিমেই–সৰুৰে পৰা কোলাত লৈ তাৰ লগত কিমান ধেমালি কৰিলোঁ, তুমি নাজানা নেকি? তাক মই বহুত ভাল পাও। মই এতিয়াই ডাক্তৰক দেখা কৰি তেজ দান কৰাৰ ব্যৱস্থা
কৰিম।
-দিয়ক, আপুনি অকনো সংকোচ নকৰাকৈ তেজ দান কৰক। যিয়ে যি ভাবে ভাবক–আমাৰ কোনো আপত্তি নাই। চফিজুল আৰু জয়ন্তৰ পত্নীয়ে একেস্বৰে কৈ উঠিল। জয়ন্ত আৰু চফিজুলে কথা পাতি থাকোতে কিছু দুৰৈৰ পৰা চফিজুল আৰু জয়ন্তৰ পত্নীয়ে তেওঁলোকৰ কথোপকথন শুনি আছিল।
পিচদিনাখন সুকলমে অস্ত্ৰোপচাৰ হ’ল–চফিজুলৰ তেজে পুলকৰ জীৱনলৈ আনন্দৰ বন্যা ঘুৰাই আনিলে। এদিন পিচত ঘৰলৈ উভতি অহা পুলকৰ মুখৰ চিনাকী হাঁহিটো দেখিবলৈ পাই সকলো উতফুল্লিত হ’ল।
3
-জয়ন্ত, আমি নিশ্চয় বুজিব পাৰিলোঁ তেজৰ কিমান শক্তি! আমি এক সুন্দৰ জীৱনশৈলী ধাৰণ কৰিবলৈ পালন কৰা ধৰ্মৰ লগত তেজৰ বিশেষ কিবা সম্বন্ধ আছে বুলি মই নাভাৱো। কেৱল মাথো জীৱনদায়িনী শক্তিৰেহে সমৃদ্ধ আমাৰ সকলোৰে ৰঙা তেজ। পুলক ঘৰলৈ উভতি অহা বুলি খবৰ পাই চফিজুলে সপত্নীক জয়ন্তহঁতৰ ঘৰত উপস্থিত হৈ তেনেদৰে ক’লে।
-তুমি একেবাৰে সঠিক কথাকেই কৈছা দেই বন্ধু। তুমি যদি আহি তাক ৰক্ত দান নকৰিলাহেঁতেন, তেনেহ’লে আৰু বা কিমান দিন সি যন্ত্ৰনাত চটফটাই থাকিব লাগিলেহেঁতেন, ভাবিলেই দেখো বৰ ভয় লাগে। তোমাৰ এই অমূল্য দানৰ বাবে আমি সদায়ে তোমাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম–তোমাক অশেষ ধন্যবাদ ভাই।
-জয়ন্ত, সাধাৰণতে ‘ব্লাড বেংক’ৰ পৰা তেজ আনি অসুস্থ ৰোগী সকলক প্ৰদান কৰা হয়। আমি জানো কেতিয়াবা ভাবিছোঁ, এয়া কাৰ শৰীৰৰ পৰা অনা তেজ? হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, দুখীয়া নে ধনী মানুহৰ পৰা গ্ৰহন কৰা ৰঙা তেজ। নিশ্চয় কোনো দিনে ভবা নাই, নহয় জানো? বিপদৰ সময়ত তেনেবোৰ কথা ভবাৰ জানো অৱকাশ থাকে?
-তোমাক সেইবাবে মোৰ বৰ ভাল লাগে–আপোনজনতকৈও বেছি আপোন লাগে। জানানে চফিজুল?
(বিঃদ্ৰঃ লেখাটোৰ নামবোৰ কাল্পনীক)
দীনবন্ধু কলিতা, কটকীপাৰা, গুৱাহাটী; দূৰভাষ:৯৪৩৫৩-৪২৬৪৮;ৰচনাকাল:২০-০৭-২০২১ইং