Type Here to Get Search Results !

সপোনৰ শেষত◆◆◆◆◆(4)

 ৰূপম দত্ত




তাই আহিছিল, ঠিক গধূলি সময়ত। পল্টন বজাৰৰ ফালে মই ৰৈ আছিলোঁ। হাঁহি এটা মাৰি তাই মোৰ ফালে আগবাঢ়ি আহিছিল। আমি দুয়ো অভাৰ ব্ৰীজৰ মাজত ৰৈ আছিলোঁ, বহু দেৰি। সেইদিনা তাই সেউজীয়া ৰঙৰ এযোৰ চেলুৱাৰ পিন্ধি আহিছিল। পিন্ধনে মানুহৰ ৰূপত অলংকাৰৰ কাম কৰে। তাইক ধুনীয়া লাগিছিল। তাই নিজকে ধুনীয়াকৈ ৰাখিব জানিছিল।

অজস্ৰ মানুহৰ আহযাহ ব্ৰীজৰ ওপৰেৰে। আমি ব্যস্ত কথা পতাত। তাই কৈছিল, তাইৰ ঘৰৰ কথা। দেউতাকে মাকৰ ওপৰত কৰা অত্যাচাৰৰ বিষয়ে। দেউতাকৰ পতন চৰিত্ৰৰ কথা। শুনি মোৰ ভাল লগা নাছিল। ভাল-বেয়া, পোৱা-নোপোৱা, সুখ-দুখৰ সমষ্টিয়েই হ'ল জীৱন। নিজৰ বেয়াখিনি আনক কৈ আনৰ মনটো কেতিয়াও দুখী কৰিব নালাগে। এনে ধৰণৰ ঋণাত্মক কথাই জীৱনটোক পিছুৱাই আনে। মই কৈছিলোঁ, এনে কথা আকৌ কাৰো আগত নক'বলৈ। তাই মানি লৈছিল। 
" মোৰ কামৰ সময় হ'ল, গণেশগুৰিলৈ যাব লাগিব। পাছত লগ পাম আকৌ।"
তাই ভিৰৰ মাজত মিলি গৈছিল। তাইৰ জীৱনৰ কথাবোৰে মোৰ অন্তৰখন গধুৰ কৰি থৈ গ'ল।
মাজে মাজে এনেকৈয়ে আমি লগ পাইছিলোঁ। বহু সময় কথা পাতিছিলো। তাইৰ জীৱনৰ বহু ৰহস্য মোৰ আগত ব্যক্ত কৰিছিল। আচৰিত ইমানো জটিল এক জীৱন তাইৰ। তাইৰ প্ৰতি মোৰ মৰম বাঢ়ি গৈছিল। সেই মৰম কেনেকুৱা আছিল বুজাবলৈ টান। কোনো দিনেই মনলৈ পাপ অহা নাছিল। বা তাইক পোৱাৰ হাবিয়াস জগা নাছিল। তাই মোৰ সকলো কথাই মন দি শুনিছিল, প্ৰতিটো কথাৰ উত্তৰ দি গৈছিল। প্ৰায়ে কাজিয়াও লাগিছিল।  মোৰ বহুত চিন্তা বা ভাৱনা তাইৰ সৈতে মিলা নাছিল। এদিন তাই কৈছিল....
" এজনী ছোৱালী হৈ তুমি এটা কাহিনী লিখা। ইমানদিনে তোমাক বুজি পালোঁ। তুমি নিজকে এজনী ছোৱালী বনাই, সকলো ভাৱ লিখি যোৱা তাইৰ।"
মই আচৰিত হৈ পৰিছিলোঁ। লিখাৰ কথা কিয় ক'লে বুজি নাপালোঁ। এবাৰ কিবা এক গল্প প্ৰতিযোগিতা হৈছিল। তেতিয়া মই দ্বাদশত আছিলোঁ। মই এটা গল্প লিখিছিলোঁ, মোৰ ছাঁটো মোৰ পৰা হেৰাই গৈছিল, আৰু সেই ছাঁটোক বিচাৰি মই চলাথ কৰিছিলোঁ, অৱশেষত বিচাৰি পাইছিলোঁ। সি আহি মোৰ শৰীৰত লাগিছিল পুনৰাই। এইটো শ্ৰেষ্ঠ গল্পৰ পুৰস্কাৰ পৰিছিল। এই কথা মই মমীক কৈছিলোঁ। হয়তো সেই বাবেই তাই মোক লিখাৰ কথা কৈছিল।
" ছোৱালীৰ অনুভৱ মই কেনেকৈ লিখিম ? তোমাৰ ভুল হৈছে। মই লেখক নহয়। এজন লেখক বিচাৰি আনিম  তোমালৈ। তেওঁক ক'বা।"
গহীনহৈ মোৰ ফালে তাই চাইছিল। মই হাঁহিছিলোঁ যদিও তাইৰ পৰিৱৰ্তন নাহিল। 
" মই ধেমালি কৰা নাই। কৈ থৈছোঁ, বাকী তুমি জানিবা।"
সেইদিনা সিমানতেই আমাৰ কথা শেষ হৈছিল।
এনেধৰণৰ বহু কথা হৈছিল, যিবোৰে মোৰ হৃদয়ত সাঁচ বহুৱাই গৈছিল। মমীয়ে বহু কথাই কৈছিল, যিবোৰৰ এক গভীৰ অৰ্থ আছিল। তাই জীৱনটোক বুজি পাইছিল, উপলব্ধি কৰিব পাৰিছিল। এটা এটা গভীৰ জীৱনৰ তত্ব তাই মোক কৈছিল। ইমান সাধাৰণ ছোৱালী এজনীৰ জ্ঞান দেখি মই হতবাক হৈছিলোঁ।
" চাবা , কেতিয়াবা মই মোৰ কথাকেই লিখি দিম। কিন্তু আৰম্ভ ক'ৰ পৰা কৰিম ভাবিকে নাপাওঁ। শুনা, এদিন তুমি লিখিবা মোৰ কথা। যেতিয়াই আৰম্ভ কৰিবা, মোৰ আৰু বহুত কথাই তোমাক জনাম। মই সঁচাকৈয়ে এটা কাহিনী হৈ জীয়াই আছোঁ, জানা।"
মই মৌন হৈ পৰোঁ। মমীৰ যান্ত্ৰণা মোৰ বাবে অসহনীয় হৈ পৰিছিল। দৰিদ্ৰতা, নিম্নমানৰ পৰিয়ালৰ যান্ত্ৰণা, দেখনীয়াৰ গাভৰু হোৱাৰ যান্ত্ৰণা। দৰিদ্ৰতাত দেখনীয়াৰ হোৱাটো এক পাপ, মমীৰ মতে। মই অকল শুনি থাকোঁ, অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ, নিজকে মমীৰ ঠাইত ৰাখি।
নোৱাৰোঁ মই সেই অনুভৱ গঠন কৰিব। আচৰিত জীৱন, আচৰিত মানুহ , আচৰিত ভগৱান।
সেই বয়সতে শিকিছিলোঁ বা অনুধাৱন কৰিছিলোঁ, ভগৱানে কোনো মানুহকে সম্পূৰ্ণকৈ সকলো নিদিয়ে। সকলোকে কিবা নহয় কিবা এটাৰ পৰা বঞ্চিত কৰি ৰাখে। সেইয়া ভগৱানৰ ইচ্ছা, যেতিয়াই আমি কিবা এটা নাপাওঁ, বা কিবা এটাৰ পৰা বঞ্চিত হওঁ , তেতিয়াই ভগৱান বা ধৰ্মক বিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিওঁ। ভগৱানেও জানে যে 
" বিচৰা সকলোবোৰ পোৱা হ'লে ভগৱান বা ধর্মৰ সৃষ্টি কেতিয়াও নহ'ল হেঁতেন।"
মই এইটোকে বিশ্বাস কৰিবলৈ লৈছিলোঁ। লাহে লাহে মমীৰ সংগই মোৰ চিন্তা-ধাৰা সলনি কৰি পেলাইছিল। জীৱনৰ বিশেষ এটা বিষয়ক মই ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। নিজকে চিনি পাবলৈ চেষ্টা কৰিছিলোঁ। নিজকে সময় দিবলৈ আৰম্ভ কৰিছিলোঁ। নিজক ভাল পোৱা হৈ আহিছিলোঁ। 
দিনবোৰ পাৰ হৈ আছিল। মমীক মোৰ জীৱনৰ এক গভীৰ বন্ধু বনাই পেলাইছিলোঁ। মোৰ বুকুৰ ভিতৰত উঠা প্ৰতিটো প্ৰশ্নবোধকৰ উত্তৰ তাই দিছিল। আচৰিত তাই।
আকৌ সময়বোৰ আগবাঢ়িছিল , আমিও নদীৰ দুই পাৰৰ দৰে এক ব্যৱধানত আগবাঢ়িছিলোঁ। এটা দিন আহিছিল আমাৰ মাজলৈ, হয়তো সেয়াই আছিল মোৰ জীৱনৰ এক পাহৰিব নোৱাৰা ক্ষণ।
সেইদিনা মই আৰু লগৰ ধ্ৰুবই গণেশগুৰিত সদায় বহা ঠাইতে বহি আছিলোঁ, গধূলি। মমীৰ লগৰ মঞ্জুও আহিছিল সেইদিনা। চাহ দুকাপ আনি আমাক দিছিল। মঞ্জুক চিনাকি কৰাই দিছিল, ধ্ৰুৱৰ সৈতে। নানান কথা চলি আছিল। নাইটছুপাৰবোৰ আহিছে, গৈছে। ব্যস্ততাভৰা গণেশগুৰি। কথা পাতি পাতি আমি ফুটপাথৰ ওপৰত খোজ দি আছিলোঁ। তেনেতে চাৰি-পাঁচজন মান পুলিচে আমাক ঘেৰি ধৰিলে।  একেসময়তে মোৰ আৰু ধ্ৰুৱৰ শৰীৰত দুটা বেতৰ কোব পৰিল। আমি কিবা বুজি পোৱাৰ আগতেই টানি টানি পুলিচৰ গাড়ীখনত উঠাই দিলে। পুলিচ থানাত আমাক টানি টানি সোমোৱাই লৈ গ'ল। এখন বেঞ্চত আমাক বহিবলৈ দিলে। কিছু সময়ৰ পাছত এজন উচ্চ মানৰ পুলিচ আহিল। এটা এটা চৰ আমাৰ গালত পৰিল। 
" কিমান দিনৰ পৰা এইবোৰ চলাই আছ'?"

মই একো বুজি পোৱা নাছিলোঁ। মৌনতা আমাৰ বাবে হৈ পৰিছিল অত্যাচাৰৰ কাৰণ। কিমান মাৰিছে হিচাপ পাহৰি গৈছিলোঁ। 
" কি কৰিলো আমি ? মাৰিছে কিয় ?"

অশ্লীল কিছুমান শব্দই বুকু ভেদী গৈছিল। মা-দেউতাৰ মুখ দুখন চকুৰ আগত ভাহি আহিছিল। এটাই মনলৈ আহিছিল, এইবোৰ মাহতে গম পালে কি হ'ব ?
এক ঘণ্টামানৰ পাছত মমী আহি থানাত সোমাইছিল। আমি বহি থকা বেঞ্চৰ কাষৰ ৰূমটো আছিল , আমাক অত্যাচাৰ কৰা সেই পুলিছজনৰ । তাই মোক দেখি বুজি পাইছিল কি ঘটি গ'ল মোৰ আৰু ধ্ৰুৱৰ ওপৰত। তাইৰ চকুত এক কাতৰ চাৱনি। শৰীৰৰ ভাষাই বুজাই দিছিল, কিমান অসহায় তাই। মোৰ চুলি খিনিৰ মাজৰে আঙুলীবোৰ বুলাই তাই, সেই অফিচাৰজনৰ ৰূমত সোমাল। 

" কিমান দিনৰ কাষ্টমাৰ ৰে এই হাৰামিকেইটা ?"
"ছাৰ, মনে মনে কওঁক। এইয়া মোৰ কাষ্টমাৰ নহয়। মোৰ বন্ধু। বহুত ভাল ল'ৰা। এৰি দিয়ক।"
" ভাল ল'ৰা ?  তোৰ বন্ধু ?"

লাহে লাহে সকলোবোৰ পৰিষ্কাৰ হৈ পৰিছিল। কিয় থানালৈ আহিলোঁ, কিয় মাৰ খালোঁ। মোৰ সংযম শক্তি হেৰাই গৈছিল। বুকুত যেন হাতুৰীৰ প্ৰচণ্ড কোব। 

" এইকেইদিন বজাৰ বেয়া , এইয়া যি আছে দিছোঁ আপোনাক। যাবলৈ দিয়ক ইহঁতক।"
" কৈ দিবি, আকৌ ইয়াত দেখিলে চিধাই চালান দিম। হাৰামি চব, মাক-বাপেকে পঢ়িবলৈ পঠাইছে, ইয়াত আহি এইবোৰ কৰিছে।"
প্ৰতিটো কথাৰ মাজত অশ্লীল শব্দবোৰে মোক কঠোৰ কৰি গৈ আছিল। বেতৰ কোবত হাতৰ তলুৱা ফুলি উঠিছিল। এক বেদনাদায়ক বিষয়ে মোক কোঙা কৰি আনিছিল।

" ঐ , জহৰা হত.......সোমাই আহ ।"
পুলিছজনৰ কৰ্কশ মাতে আমাক চুব নোৱাৰিলে। ভয় আঁতৰি গৈছিল। উঠি সেই ৰূমটোলৈ সোমাই যাবলৈ অন্তৰে অনুমতি দিয়া নাছিল। আচলতে মই ভাবি পাৰ পোৱা নাছিলোঁ, মমীক চাম কেনেকৈ ?
তাই কি কৰে সেয়া মোৰ বাবে বৰ ডাঙৰ কথা নাছিল। যিটো তাই মোক জনাবলৈ বিচৰা নাছিল কাহানিও, সেইয়া মই গম পোৱা বুলি জানি তাইৰ কি অৱস্থা হ'ব, বা তাই মোলৈ চাব নোৱাৰা যিটো পৰিস্থিতি হ'ব সেইয়া মই বিচৰা নাছিলোঁ।

" ঐ, কুকুৰৰ জাত......ছাৰে মাতি আছে শুনা নাই ? যা, ভিতৰলৈ।"
এজন হাবিলদাৰে মোৰ কান্ধত ধৰি ঠেলি দিলে। আমি সোমাই গ'লো। মমীৰ চাৱনি বেলেগত। 

" আৰু এই জেগাত দেখিম, জীৱনৰ বাবে সোমোৱাই দিম। চহী কৰ।"
কেইবাবাৰো ধৰিবলৈ লৈও কলমটো ধৰিব নোৱাৰিলোঁ। ফুলি যোৱা আঙুলি চাপ খাই নাহে।
মমী আৰু পুলিছজনে দেখি আছিল। 

" ঐ, ছোৱালী টিপ চহী মৰাই দে। বুঢ়া আঙুলি।"
মমী আগবাঢ়ি আহি, মোৰ হাতত ধৰি , ষ্টাম্পপেদত মোৰ হাতৰ বুঢ়া আঙুলিৰ চাপ সেই উকা এখন কাগজত দি দিলে। ধ্ৰুৱৰো একেই। বিষেৰে জৰ্জৰিত এক কোঙা শৰীৰ লৈ আমি থানাৰ পৰা ওলাই আহিলোঁ।

আগলৈ.......