চিন্ময় ডেকা
বাৰিষাৰ আৱৰণে
বৰষুণৰ ঢল নমাই আনে,
প্ৰকৃতিৰ অফুৰন্ত শোভাবৰ্ষণ
বৰ্ষা ঋতুতেই যেন পোখা মেলে।
ন-ন আটকধুনীয়া সেউজীয়াৰ কঠীয়াই,
ওলোট-পালত মাটিৰ স্পৰ্শত প্ৰাণ পাই উঠে
শাওণৰ পথাৰৰ,
কেঁচা মাটিৰ গোন্ধত
হয়, অনাকাংক্ষিত নতুনত্ব।
সজীৱ হৈ উঠে শইচ-সোনোৱালী সপোনৰ আশা
মাথোঁন ব্যষ্টিনিৰ পাৰ ভাঙি,
হাল,কোৰ সাঁৰথি কৰি
কৃৰ্ষকে আলফুলকৈ মাটি চহ কৰে।
পৰিস্ফুৰ্ত হয়;
মাথোঁন ধাননি খেতিৰ ন-ন উদ্বিগ্নতা,
বাৰিষা কালত এৰি অহা প্ৰতিটোপাল বৰষুণৰ ঢলে
প্ৰকৃতিৰ বুকুলৈ কঢ়িয়াই আনে,
অনাবিল সুখৰ হাঁহি।
তাতেই পাওঁ জীৱনৰ জীয়াৰ থকাৰ,
একোটি অন্নৰ সৌহাৰ্দ্যপূর্ণ উৎপাদনৰ পৰিমাণৰ প্ৰতিচ্ছবি।
সময়ৰ সীৰলুত আশাৰ ৰেঙণি,
জানোঁছা উভৈনদী হৈ পৰে, শইচৰ পথাৰৰ সোণগুটি
শাওণৰ পথাৰৰ মাদকতাত
কেঁচা মাটিৰ সুবাসত মতলীয়া হৈ,
কৃৰ্ষক, ৰোৱণী, ডেকা-গাভৰুৰ মন উৰুঙা হয়!
কিয়নো, সময়ৰ ব্যৱধানত
পাওঁ শাওণৰ পথাৰৰ পৰাই অন্ন দুমুঠি,
সেয়ে, কৃৰ্ষক বাৰিষাৰ নিবিড় সম্পৰ্ক বোৰ যুগ যুগৰ সমন্ধত্মক।
টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩