ভূমিত্ৰা দাস
"সি মোৰ নিজৰ ভাই নহয়; নহয় মোৰ নিজৰ ভাই; সি মোৰ একো নহয়। নিজৰ তেজ হোৱা হ'লে সেই তেজ কাঢ়ি আনিলোহেঁতেন। মাৰি পেলালো হয় তাক"।
" মি . বৰুৱা আপুনি পোনে পোনে কথাবোৰ কওক আৰু সঁচা কথা কওক। এনেদৰে অকাই পকাই কথাবোৰ কৈ আমাৰ সময় নষ্ট নকৰিব । প্লীজ মি . বৰুৱা সঁচা কথাটো কৈ দিয়ক আপোনাৰ পত্নীক আপুনি কিয় হত্যা কৰিলে? আপুনিহে আমাক মাতিছিলে আপুনি আপোনাৰ পত্নীক হত্যা কৰা বুলি এতিয়া সকলো খোলোচাকৈ কওক "।
"তাক মাৰি পেলালো হয়।"
"প্লীছ বৰুৱা ....হাৱালদাৰ পানী এগিলাছ আনক"
হাৱালদাৰে পানীগিলাছ আনি বৰুৱাৰ মুখত মাৰি দিয়াৰ লগে লগে তেওঁৰ স্তম্ভিত ঘুৰি আহিল।
নিলয় বৰুৱাই নিজে পত্নীক হত্যা কৰিছে। সেই কথা নিজেই পুলিচক কৈছে। পত্নীৰ শৱদেহ মৰোণোত্তৰ পৰীক্ষা কৰিবলৈ নিয়াৰ লগতে বৰুৱাই নিজে পুলিচৰ লগত থানালৈ আহিছে।
ওচৰ চুবুৰীয়াৰ সৈতে আত্মীয় স্বজন সকলো আচৰিত । কাৰণ হঠাৎ নিলয়ৰ পত্নী জিনাৰ মৃত্যু সকলোৰে বাবে এক ৰহস্য। পিছত যেতিয়া নিলয় সকলোৰে উপস্থিতিতে পুলিচ মাতি স্বীকাৰোক্ত দিলে তেতিয়া আৰু বেছি ৰহস্যলৈ ঠেলি দিলে সকলোকে।
"চাৰ মই সকলো সঁচা কথা কম। হয় মইয়ে মোৰ পত্নীক হত্যা কৰিছো। এই হত্যাৰ পৰিকল্পনা এদিন দুদিনৰ নহয় বহুদিনৰ । আমাৰ ঘৰত মা দেউতা আৰু মই বৰ সুখৰ জীৱন কটাইছিলো। তাৰ পিছত এদিন এটা দুৰ্ঘটনাত দেউতাৰ বন্ধু আৰু তেখেতৰ পত্নীৰ মৃত্যু ঘটে । অকল দুই বছৰীয়া সন্তানটিহে কোনোমতে বাচি থাকিল। কেও কিছু নোহোৱা ঘাট মাউৰা ল'ৰাটোক মোৰ মা দেউতাই ডাঙৰ কৰিলে। মোতকৈও তাক বেছি মৰম কৰিলে। সেই ল'ৰাটোৱে অজয় মোৰ বৰ্তমান সৰু ভাই আৰু তাৰ বাবেই মই মোৰ পত্নীক হত্যা কৰিছো।"
"কি ??? কি কৈছে এইবোৰ? ইয়াত আকৌ আপোনাৰ সৰু ভায়েকৰ কি সম্পৰ্ক?"
"চাৰ মোৰ কথাবোৰ এতিয়াও শেষ হোৱা নাই শুনি যাওঁক। মোৰ বিয়াৰ বয়স হোৱাৰ লগে লগে মা দেউতাই তেওঁলোকৰ পচন্দ মতেই মোক বিয়া পাতি দিলে। ইয়ালৈ ঠিকেই আছিল। মোৰ বিয়াৰ এবছৰমান পিছত মই মন কৰিলো মোৰ পত্নী মোতকৈ অজয়ক বেছি গুৰুত্ব দিয়ে। সি ও পঢ়া শুনা শেষ কৰি ঘৰতে ব্যৱসায় আৰম্ভ কৰিলে। ভাল লাগিল তাৰ কাম দেখি। অন্তত: সি স্বাবলম্বী হ'বলৈ শিকিছে। ঘৰৰ চোতালতে শিল বালি জমা কৰি বিক্ৰী কৰে । কিছুদিন পিছত সি কোম্পানী এটাত চাকৰিও পালে। অফিচত থকা সময়খিনি সি বাহিৰত থাকে বাকী সময় মোৰ পত্নীৰ সৈতে কটায়। মাজে মাজে ফুৰিবলৈ যায়। সিহঁতৰ এই সম্পৰ্কত মোৰ শহুৰৰ ঘৰখনেও উদগণি দিলে। ঘৰলৈ জিনাক মোৰ লগত নহয় অজয়ৰ লগত যাব কয় যেন সি তেওঁলোকৰ জোঁৱাই। ভাল নালাগে এইবোৰ । তথাপি একো কোৱা নাই কাৰণ মাহঁতে ইতিমধ্যে তাৰো বিয়াৰ কথা পাতিছে। মোৰ ল'ৰাটোৰ পাঁচ মাহ চলি থাকোতে তাৰ বিয়া হৈ গ'ল। সি ও
বিয়া কৰালে কিন্তু সমাজক দেখুৱাবলৈহে। বিয়াৰ পিছতো তাৰ মোৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক চলি থাকিল। "
"আপোনাৰ ভাইবোৱাৰী একো কোৱা নাছিল নে?"
"কেনেকৈ ক'ব বোৱাৰীকো মৰমৰ জালেৰে বান্ধি লৈছিল জিনাই। তাইক ইমান মৰম কৰিছিল ইমান মৰম কৰিছিল যেন তাইৰ ডাঙৰ বায়েকহে। এইবোৰৰ মাজত কিবা যে চলনা থাকিব পাৰে তাই নহয় স্বয়ং ভগৱানেও বুজি নাপায়। সেয়ে তাইও নিজৰ মানুহজনক অবাধ স্বাধীনতা দিছিলে মোৰ পত্নীৰ সৈতে। "
টেবুলখনত থকা খালী গিলাচটো হাতেৰে লৈ "চাৰ পানী এগিলাচ পাম নে খাবলৈ?"
"নিশ্চয় পাব আপুনি মাথোঁ সঁচা কথাবোৰ স্পষ্টকৈ কৈ যাওঁক। "
"হয় চাৰ "।
পানীগিলাচ গো গ্ৰাসে গিলি কৈ গ'ল...
..." ল'ৰাটোকো মোৰ পৰা আঁতৰাই
নিলে। মই ও মানুহ চাৰ , মোৰো ইচ্ছা আছে আশা আছে । মোৰো মন এটা আছে নিজৰ পত্নীৰ সৈতে ফুৰিবলৈ , সুখ দুখৰ কথা পাতিবলৈ মোৰো মন যায় কিন্তু মই জানো মোৰ পত্নীক পাওঁ মোৰ কাষত !!! নাই নাপাও সকলো সি আত্মসাৎ কৰি পেলালে । মোৰ সন্তান মোৰ পত্নী মোৰ শহুৰৰ ঘৰ সকলো।
মাজে মাজে মই সৰু সৰু কথাতে মোৰ পত্নীৰ সৈতে কাজিয়া লাগো তাইক মাৰ পিত কৰোঁ ; কিয় জানেনে ? মই অলপ সময়ৰ বাবে মোৰ পৰিবাৰৰ লগত পতি-পত্নী হৈ ভালদৰে সুখ দুখৰ কথা পাতিব বিচাৰো। সিহঁতৰ সৈতে ফুৰিবলৈ যাব বিচাৰো কিন্তু তাই বা ভাইটীয়ে মোক মোৰ অধিকাৰবোৰৰ পৰা বঞ্চিত কৰে চাৰ , সেইবাবেই তাইক মাৰো। আৰু চুবুৰীয়াই মোকে আকৌ মদাহী বুলি কয়। মই সময় দিব নোৱাৰিলো বুলি তাই পৰ পুৰুষৰ লগত হলি গলি কৰি ফুৰিব মই কেনেকৈ সহ্য কৰোঁ? মোৰ সন্তানটিকো মানুহে এতিয়া তাৰেই সন্তান বুলি কয়। মোক কোনো পত্নী আৰু সন্তানৰ সৈতে চিনি নাপায়। আনকি মোৰ শহুৰৰ ফালৰ মানুহেও তাকে চিনি পায়। "
"কিন্তু আপুনি ভুল কৰিলে। আপুনি এতিয়া অপৰাধী এজন হত্যাকাৰী। আপোনাক আইনে কঠোৰ শাস্তি দিবই। "
"চাৰ! মই শাস্তিক ভয় নকৰো বাবেইটো সঁচা কথা কৈ দিলো মই মোৰ পত্নীক হত্যা কৰা বুলি। ভাবিছিলো তাকে হত্যা কৰোঁ কিন্তু মোৰ মনে মোক সেইটো কৰিবলৈ বাধা দিলে। মই মোৰ নিৰ্বোধ বোৱাৰীজনীক বগা সাঁজ পিন্ধাবলৈ নিবিচাৰো। দোষ মোৰ পত্নী কৰিছে। এগৰাকী নাৰীয়ে আসৈ নিদিলে হয়তো এজন পুৰুষে আগবাঢ়িব নোৱাৰিলে হয় । এইটোও হয় এখন হাতেৰে চাপৰি বজাব নোৱাৰি দোষ দুয়োৰে। কিন্তু মই মোৰ পত্নীক এই পৃথীৱীৰ পৰা আঁতৰাই পঠালো এই কাৰণেই যে মই এজন পুৰুষ । মই মোৰ পত্নীৰ বিয়োগৰ এমাহ পিছতে আন এজনী চপাই ল'ব পাৰিম কিন্তু মোৰ ভাই বোৱাৰীজনীৰ বগা সাঁজত ৰং চতিয়াই দিওতে বহু ঘাত প্ৰতিঘাত নেওচিব লাগিব চাৰ। এতিয়া আপোনালোকে মোক যি শাস্তি দিয়ে দিয়ক মোৰ কোনো আপত্তি নাই। মাথোঁ মোৰ লগত মোৰ ল'ৰাটোকো ইয়াতে ৰাখিবলৈ সুবিধা কৰি দিয়ক। নহ'লে মোৰ ল'ৰাটোক লৈও এখন নতুন নাটক আৰম্ভ হ'ব।"
" ঠিক আছে আপোনাৰ ল'ৰাৰ দায়িত্ব আমি লম। "
নিজে অপৰাধ স্বীকাৰ কৰা বাবে নিলয় বৰুৱাৰ শাস্তি বহু পৰিমানে কম হ'ল।
সাত বছৰ জেল হোৱাৰ পিছত ল'ৰাটোৰ সৈতে সুখেৰে দিন কটালে নিলয় বৰুৱাই। তেওঁৰ জীৱনত পত্নীৰ উপস্থিতিৰ দুখ কষ্টবোৰ নাইকিয়া হ'ল ঠিকেই কিন্তু হত্যা যে এটি ডাঙৰ অপৰাধ সেইটোৱে তেওঁক কৰবাত আঘাত হানে। ****