Type Here to Get Search Results !

গ্ৰন্থাগাৰিক দিৱস

 মনস্বিনী শৰ্মা


            গ্ৰন্থাগাৰ হৈছে সামাজিক, সাংস্কৃতিক,শৈক্ষিক, আধ্যাত্মিক  তথা সামগ্ৰিক উন্নয়নৰ লগতে এক বিদ্যায়তনিক সম্পদ কেন্দ্ৰ।সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ জ্ঞান স্পৃহা পূৰণ কৰাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ উদ্দেশ্যসমূহ ফলপ্ৰসূ কৰাৰ হেতু গ্ৰন্থাগাৰিকজনৰো গ্ৰন্থাগাৰৰ সমান্তৰালকৈ দায়িত্ব আছে।গ্ৰন্থাগাৰৰ ইংৰাজী প্ৰতিশব্দ 'Library' শব্দটো লেটিন ভাষাৰ 'Libraria' আৰু ৰোমান ভাষাৰ 'Liber' শব্দৰ পৰা আহিছে।যাৰ অৰ্থ হ'ল গ্ৰন্থ বা কিতাপ।পণ্ডিত জৱাহৰলাল নেহৰুৱে কৈছিল "এই মহাবিশ্বৰ জ্ঞান সাগৰৰ পৰা জ্ঞান অৰ্জন কৰিব পৰা চাবিকাঠিয়েই হৈছে একোটা গ্ৰন্থাগাৰ।বিশ্বৰ প্ৰতিখন দেশৰে গ্ৰন্থাগাৰ প্ৰসাৰ,প্ৰচাৰৰ ক্ষেত্ৰত এক ইতিহাস আছে।আমাৰ ভাৰতৰো আছে গ্ৰন্থাগাৰ আন্দোলনৰ কাহিনী।লৰ্ড কাৰ্জন,মহাৰাজা চায়াঁজী গেইকৱাৰ্ড,মুনিন্দ্ৰ দেৱ ৰায়,খান বাহাদূৰ আদিয়ে ভাৰতৰ গ্ৰন্থাগাৰ আন্দোলনলৈ অৱদান আগবঢ়াইছিল।কিন্তু গ্ৰন্থাগাৰক এক উচ্চ স্তৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত,আধুনিক গ্ৰন্থাগাৰ প্ৰতিষ্ঠানৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ থকা ব্যক্তিজনেই হ'ল ড° ছিয়ালী ৰামমৃত ৰঙ্গনাথন।পৃথিৱীৰ গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞানৰ ক্ষেত্ৰত এখেত এক বিশাল অনুষ্ঠান।প্ৰায় ৬০ খন মৌলিক গ্ৰন্থ,২০০০ খন গৱেষণালব্ধ লেখনিৰে তেখেতে গ্ৰন্থাগাৰ বিজ্ঞানলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে। ৰঙ্গনাথনৰ জন্ম হৈছিল ১৮৯২ চনৰ ৯ আগষ্টত তামিলনাডুৰ তাঞ্জাবুৰ জিলাৰ ছিয়ালী নামৰ ঠাইত। তেখেতৰ পিতৃৰ নাম আছিল ৰামমৃত আয়াৰ আৰু মাতৃৰ নাম আছিল সীতালক্ষ্মী।পিতৃ এজন জমিদাৰ আছিল।ৰঙ্গনাথনে প্ৰথম শ্ৰেণীৰ পৰাই এচ.এম.হিন্দু হাইস্কুলত সদায় প্ৰথম হৈয়েই পৰীক্ষাত উত্তীৰ্ণ হৈছিল।১৯০৯ চনত মেট্ৰিক পৰীক্ষা পাছ কৰি ১৯১১ চনত মাদ্ৰাছ ক্ৰিষ্টিয়ান কলেজৰ পৰা আই.এ.পৰীক্ষাত উত্তীৰ্ণ হয়।মাদ্ৰাছ ক্ৰিষ্টিয়ান কলেজৰ পৰা ১৯১৩ চনত বি.এ. আৰু ১৯১৬ চনত এম.এ. ডিগ্ৰী গ্ৰহন কৰে।তেখেতৰ সন্মান বিষয় আছিল গণিত।মাঙ্গালোৰ আৰু কইম্বাটোৰ চৰকাৰী কলেজত পদাৰ্থ বিজ্ঞান আৰু গণিত শিকোৱা ৰঙ্গনাথনে ১৯২১ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত গণিতৰ অধ্যাপকৰ পদত নিযুক্তি পায়।১৯২৪ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ত ৰঙ্গনাথনে গ্ৰন্থাগাৰিক পদ লাভ কৰা পিছত তেখেতে বিলাতলৈ গ্ৰন্থাগাৰ বিজ্ঞানৰ শিক্ষা ল'বলৈ যায়।বিলাতত গৈ গ্ৰন্থাগাৰ বিজ্ঞান সম্পৰ্কে যথেষ্ঠ জ্ঞান অৰ্জন কৰি তেখেতে ভাৰতলৈ উভতি আহে।মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত তেখেতে দিনে-ৰাতিয়ে কাম কৰি পঢ়ুৱৈক আকৰ্ষিত কৰিব পৰাকৈ গ্ৰন্থাগাৰটো আটকধুনীয়া কৰি তুলিছিল।তেগেতে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থাগাৰ শিক্ষা প্ৰদান কৰিছিল।১৯৪৪ চনত তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদ ত্যাগ কৰি সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ অনুৰোধমৰ্মে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক পদ গ্ৰহন কৰে।ৰঙ্গনাথনে দিল্লী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ ওপৰত স্নাতকোত্তৰ আৰু ডক্টৰেট পাঠ্যক্ৰম আৰম্ভ কৰে।গ্ৰন্থাগাৰক শৈক্ষিক সমাজত প্ৰতিষ্ঠিত কৰিবলৈ তেখেতে পাঁচটা বিধি আগবঢ়াইছিল।এই পঞ্চ বিধি গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ বাবে এক অনবদ্য অৱদান ৰূপে পৰিগণিত হ'ল।এই পঞ্চবিধি কেইটা হ'লঃ- ১)গ্ৰন্থ ব্যৱহাৰৰ বাবে। ২)প্ৰতিজন পাঠকৰ বাবে  গ্ৰন্থ। ৩)প্ৰতিখন গ্ৰন্থৰ বাবে পাঠক। ৪)পাঠকৰ সময় বচোৱা। ৫)গ্ৰন্থাগাৰ বৰ্ধনশীল জীৱ। এই পঞ্চবিধিক তেখেতে এখন কিতাপৰ সহায়ত প্ৰকাশ কৰিছিল যাৰ নাম হৈছে ' গ্ৰন্থাগাৰ বিজ্ঞানৰ পঞ্চবিধি'।ইয়াৰোপৰি তেখেতৰ অন্যান্য গ্ৰন্থবোৰ এনেধৰণৰ- Colon Classification, Prolegomena to Library Classification, Classification and Communication ইত্যাদি।ভাৰতৰ গ্ৰন্থাগাৰ সংস্থা(ILA),ভাৰতৰ বিশেষ কাৰিকৰী গ্ৰন্থাগাৰ সংস্থা(IASLIC), আন্তজাৰ্তিক গ্ৰন্থাগাৰ সংস্থা(IFLA)ৰ সৈতে তেখেত ওত:প্ৰোতভাৱে জড়িত আছিল।১৯৬৪ চনত ৰঙ্গনাথন অসমলৈ আহি গ্ৰন্থাগাৰ বিধিৰ খচৰা প্ৰস্তুত কৰিছিল।১৯৩৬ চনত ব্ৰিটিছ চৰকাৰে তেখেতৰ কৰ্মৰাজিৰ বাবে 'ৰাওচাহিব' উপাধি প্ৰদান কৰিছিল।১৯৫৬ চনত ৰঙ্গনাথনে 'পদ্মশ্ৰী' আৰু পিছলৈ ' National Research Professor' উপাধি লাভ কৰিছিল।১৯৭২ চনৰ ২৭ চেপ্তেম্বৰত ৰঙ্গনাথনৰ দেহাৱসান ঘটে।
            আজীৱন গ্ৰন্থাগাৰ সেৱাৰ হকে কাম কৰা,গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ক নতুন মাত্ৰা প্ৰদান কৰা ৰঙ্গনাথনৰ ওপজা দিন ৯ আগষ্ট তামিল সম্প্ৰদায়ৰ গায়ত্ৰী মন্ত্ৰ জপ কৰাৰ দিন হোৱা বাবে ৰাষ্ট্ৰীয় নীতিৰ সংশোধন ঘটায় তেখেতৰ জন্মদিন ১২ আগষ্ট বুলি ধৰি ১২ আগষ্ট দিনটো সমগ্ৰ ভাৰতত 'গ্ৰন্থাগাৰিক দিৱস' হিচাপে উদ্‌যাপন কৰিবলৈ লোৱা হ'ল।ৰঙ্গনাথনক 'গ্ৰন্থাগাৰৰ পিতৃ' বুলি আখ্যা দিয়া হয়।       
              সম্প্ৰতি গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ে এক নতুন ৰূপত পৰিচয় লাভ কৰিলে।বিজ্ঞান-প্ৰযুক্তিৰ উৎকৰ্ষ সাধনে গ্ৰন্থাগাৰ ব্যৱস্থাটোক আধুনিক মাত্ৰা দিলে।শৈক্ষিক ক্ষেত্ৰখনত গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ে সুকীয়া স্থান লাভ কৰাৰ লগতে গৱেষণাৰ ক্ষেত্ৰখনতো আসন লাভ কৰিবলৈ সক্ষম হ'ল।সুখৰ বিষয় যে বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক মহলাৰ পাঠ্যক্ৰমত এবছৰৰ বাবে(দুটা ছমহীয়া ষাণ্মাসিকত) এক বাছনি বিষয় হিচাপে গ্ৰন্থাগাৰ বিজ্ঞান বিষয় সন্নিৱিষ্ট কৰা হৈছে।যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাৰ লগতে গ্ৰন্থাগাৰ বিজ্ঞান বিষয়ৰ দ্বাৰা এক নতুন বাটত খোজ ল'ব পাৰিব।শেষত,১২ আগষ্ট 'গ্ৰন্থাগাৰিক দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰি গ্ৰন্থাগাৰিকবৃন্দলৈ প্ৰণিপাত জনাই মোৰ কলমৰ সাঁফৰ মাৰিলো।

                স্নাতক চতুৰ্থ ষাণ্মাসিক
                শিৱসাগৰ ছোৱালী কলেজ।