Type Here to Get Search Results !

ঘৰ

 জীনামণি বৰগোহাঁই দুৱৰা





ইটা বালি চিমেণ্টৰ সমাহাৰে
এটি ঘৰ জানো সম্পূৰ্ণ হয়-
যদিহে অভাৱ হয় তাত মানৱতা,
দয়া,মমতা আৰু সদ্‌ভাৱৰ গুণ?
আজিৰ মানুহৰ তৎপৰতা
কংক্ৰীটৰ এটি ঘৰ বনোৱাৰ
ল'ৰা-ছোৱালীক লৈ পৃথকে থকাৰ পৰিকল্পনা
কেনেকৈ আঁতৰিব পাৰি পৰিয়ালৰ লোকৰ পৰা
চেষ্টাৰ যেন অন্ত নাইকিয়া।
ভোগ-বিলাসৰ লালসাত পাহৰি যায়
নিজ মাতৃৰ মমতা,পিতৃৰ ত্যাগৰ গুৰুত্বতাক
 সন্তানক ৰক্তেৰে  গঢ়ে নিজ গৰ্ভত
অথচ বৃদ্ধ বয়সত মাতৃৰ স্থান অজান বৃদ্ধাশ্ৰমত।
নীতিশিক্ষাৰ পাঠ যে আজি ধোৱাচাঙত
তেন্তে ইমান ডিগ্ৰীৰ জানো আছে প্ৰয়োজন 
এই সংসাৰত---?