মালবিকা শৰ্মা
ফকৰা যোজনা হৈছে অসমীয়া ভাষাত অতীজৰে পৰা প্ৰবাদৰূপে ব্যৱহাৰ হৈ অহা সাধাৰণ জ্ঞানৰ শিক্ষা। দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰা এই ফকৰা যোজনাবোৰ সাধাৰণ ৰাইজে বুজিব পৰাকৈ সহজ-সৰল ভাষাত ছন্দ আৰু প্ৰতীক ব্যৱহাৰ কৰি প্ৰকাশ কৰা হয়। সহজ অথচ আকৰ্ষণীয় এই প্ৰবাদবোৰ অসমীয়া মানুহৰ জীৱনবোধৰ সুন্দৰ প্ৰকাশ। পুৰনা দিনৰ পৰা চলি অহা ফকৰা যোজনাবোৰৰ প্ৰাসংগিকতা আজিও ভালদৰে অক্ষুন্ন আছে। কথা কওঁতে বা লিখাৰ সময়ত সঠিক ফকৰা যোজনাৰ ব্যৱহাৰে ভাষাটো বেছি উন্নত তথা আকৰ্ষণীয় কৰি তোলে। ফকৰা যোজনাই ভাষা চহকী কৰাৰ লগতে সৌন্দৰ্য্যও বৃদ্ধি কৰে। ফকৰা যোজনাবোৰৰ প্ৰত্যেকৰে একোটা সুকীয়া অৰ্থ থাকে বাবে ইহতৰ অৰ্থ আৰু ভাব জানিহে ব্যৱহাৰ কৰাটো অতি দৰকাৰী।
অসমীয়া ভাষাত প্ৰায়েই ব্যৱহাৰ হোৱা কেইটামান ফকৰা যোজনাৰ উদাহৰন আৰু তাৰ অৰ্থ তলত দিলো:-
১)অধিক মাছত বগলী কণা: বগলী মাছ ধৰাত পাৰ্গত হ’লেও কেতিয়াবা বহুত মাছ দেখি কোনটো ধৰোঁ কোনটো নধৰোঁ বুলি দোমোজাত পৰে। সেইদৰে মানুহৰ ক্ষেত্ৰতো অত্যধিক বিকল্পৰ বাবে খেলিমেলি হৈ বাছনিত ভুল নকৰিবলৈ এই যোজনাৰ দ্বাৰা সতৰ্ক কৰা হৈছে।
২)আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা: আদা খোৱাটো শৰীৰৰ পক্ষে উপকাৰী বাবে নানা ধৰনে আদাক খোৱা হয়। কিন্তু দেখাত একে জাতীয় হ’লেও কেতুঁৰি অভক্ষ্য আৰু কোনো কামত নালাগে। সেইদৰে এনে কিছুমান মানুহ আছে যিবোৰে নিজকে জহাই ফুৰিলেও প্ৰকৃততে কোনো কামৰে যোগ্য নহয়। এনেবোৰ লোকক সংগ নকৰাই ভাল।
৩)উপকাৰীক অজগৰে খায়: সাপক যিমানে গাখীৰ খুওৱা নহওক, সুবিধা পালে সি দংশন কৰিবই। শত্ৰুৰ যিমানে উপকাৰ নকৰা কিয় সদায় সি শত্ৰুতা কৰাৰ সুযোগতে থাকিব। সেয়ে দুষ্ট অথবা শত্ৰু লোকৰ উপকাৰৰ চিন্তা নকৰি এনে লোকৰপৰা আতৰত থাকিব লাগে।
৪)উলুৰ লগত বগৰী পোৰা: উলুৱনিৰ মাজত বগৰী গছ থকা প্ৰায়ে দেখা যায়। খেতিৰ বাবে মাটি মুকলি কৰাৰ সময়ত উলুৱনিত জুই দি পুৰি পেলাওতে বগৰীও পুৰি নাশ হৈ যায়। সেইদৰে অসৎ সঙ্গত থাকিলে ভাল লোকো বহুত সময়ত বিপদত পৰে। সেয়ে অসৎ সঙ্গৰপৰা সদায় আঁতৰত থকাই মংগল।
৫)এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: নাতিনীবোৰ সাধাৰণতে আইতাকবোৰৰ বৰ আদৰৰ হয়। নাতিনীৰ বিয়াৰ সময়ত বুঢ়ী মাকবোৰৰ আনন্দৰ সীমা নোহোৱা হয়। তাতে যদি বুঢ়ী মাকজনী ধেমেলীয়া ধৰনৰ হয়, তেতিয়া হ’লেতো কথাই নাই। এই প্ৰবাদৰ দ্বাৰা বুজোৱা হৈছে আনন্দৰ মাজতে যদি আৰু বেছি সুখ সোমাই পৰে তেন্তে মানুহ আনন্দত আত্মহাৰা হৈ পৰে।
ভুবনেশ্বৰ