গীতাঞ্জলি দেৱী
আটায়ে জানে ফুল চিঙাটো ভুল
সেউজীয়া অৰণ্যত জুই দিয়াটোও ভুল
হঠাতে উন্মাদ হোৱা হাবিয়াস এটা দমাব নোৱাৰি ফুলবোৰ চিঙি পেলোৱা হয়
জুই লগাই পুৰি পেলোৱা হয় সেউজীয়া অৰণ্যখন
তাৰ পাছত , তাৰপাছত এজাক চিঞৰ-বাখৰে পৰুৱাৰ দৰে লানি পাতে
সিহঁত গৈয়ে থাকে , গৈয়ে থাকে
শেষ হৈ যায় এটা ৰাতি ।
পুনৰ জনপদত মিলি যায় উন্মাদ হাবিয়াসটো
প্ৰেম দেখুন কলিজাত নিজিৰাই
ই হৈ পৰে অসংযত সংলাপৰ এক বাটৰ নাট
অনুভৱে-অনুভৱে শিপালেও
মোৰ পৰা তোমালৈ এতিয়া বহু যোজন বাট