পবিত্ৰ প্ৰজ্ঞান
ক'লা ডাৱৰে আৱৰি
ধৰিছে আকাশখন,
লাহে লাহে পৃথিৱী বুকুলৈ
নামি আহিছে এজাক বৰষুণ।
আৰু জীপাল কৰি পেলাইছে
নৈ , খাল, বিল, পথাৰখন ।।
বৰষুণ ৰ টোপাল বিলাক
আকাশৰ পৰা পৰি থকা
চাই চাই এক ৰোমান্টিক হৈ পৰিলোঁ
মনত পৰিল তাহানিৰ সেই দিনবোৰলৈ
তুমি চুলি কোচা মেলি
বৰষুণত তিতি তিতি
নাচি ভাল পাইছিলা।
আনন্দত আত্মাহাৰা হৈছিলা
মই ৰ লাগি চাই আছিলোঁ তোমাৰলৈ।
হাতত ধৰি টানি নিছিলা মোক
আৰু তোমাৰ সৈতে একেলগে
বৰষুণত তিতিব কৈছিলা ।
ভাল লাগিছিল মোৰ ও বৰষুণ ।।
মনত পৰিছে আজি বহুত তোমাৰলৈ,
এবাৰ চাবলৈ,একেলগে বৰষুণ ত তিতিবলৈ,,,,,
কিন্ত ,,, এতিয়া জানো সম্ভৱ হবনে
লগ পোৱা ,,,তোমাক দেখা পোৱা,,,
....তুমি তো এতিয়া বহুত দূৰত গলাগৈ
এক অজান দেশত,,,,
মাথোঁ মোৰ হৃদয়ত থাকি গলা,,,
তোমাৰ স্মৃতি সাঁচি ৰাখিছোঁ আজিও মোৰ হৃদয়ৰ গভীৰ কোনত।
আজীৱন থাকিবা তুমি আৰু তুমি ।।
ৰজাপুল নাজিৰা
শিৱসাগৰ