Type Here to Get Search Results !

বলিউডত দেশপ্ৰেম

 অভিজিত শেনচোৱা


১৯৪৭ চনৰ ১৫  আগষ্টৰ দিনা ভাৰত ইংৰাজৰ শাসনৰ পৰা স্বাধীন হয় । ইয়াৰ পৰৱৰ্তী সময়ত স্বাধীন দেশ হিচাপে পৰিচিত ভাৰতৰ অখণ্ডতাৰ বাবে আমাৰ দেশ অৱতীৰ্ণ হবলগা হয় আন কেইবাখনো যুদ্ধত । আৰু প্ৰতিবাৰেই জয় হৈছিল ভাৰতীয় দেশপ্ৰেমৰ ।  ১৯১৩ চনত প্ৰথম ভাৰতীয় চলচ্চিত্ৰ _ৰাজা হৰিচন্দ্ৰ_ মুক্তিৰ দিনৰ পৰা আজিৰ দিনলৈকে দেশপ্ৰেমক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মিত হৈ আহিছে অনেক বোলছবি । ১৯৬২ চনত হোৱা ভাৰত-চীন যুদ্ধৰ ভীত্তিত নিৰ্মিত ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত 'হকীকত' অন্যতম দেশপ্ৰেমমূলক চলচ্চিত্ৰ । ১৯৭৩ চনত মুক্তিপ্ৰাপ্ত চলচিত্ৰ 'হিন্দুস্তান কী কসম' আছিল১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ অপাৰেচন কেকটাছ লিলিৰ ওপৰত নিৰ্মিত চলচিত্ৰ । এইখনৰ পৰিচালক আছিল চেতন আনন্দ । ১৯৮১ চনত মুক্তি দিয়া মনোজ কুমাৰৰ চিনেমা 'ক্ৰান্তি' দেশপ্ৰেমৰ ওপৰত নিৰ্মিত আন এখন ব্লকবাষ্টাৰ চলচ্চিত্ৰ । স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা এগৰাকী শিক্ষক দীনননাথৰ ত্যাগ আৰু দেশপ্ৰেমৰ ওপৰত নিৰ্মিত হৈছিল ১৯৮২ চনত মুক্তি লাভ কৰা মনমোহন দেশাইৰ চলচিত্ৰ 'দেশপ্ৰেমী' য'ত অমিতাভ বচ্চনে মাষ্টৰ দীননাথৰ চৰিত্ৰত অভিনয় কৰিছিল । ১৯৭১ চনৰ যুদ্ধৰ ওপৰত নিৰ্মিত শশী কাপুৰৰ চিনেমা 'বিজেতা' মুক্তি পাইছিল ১৯৮২ চনত । সেইদৰে ১৯৯১ চনত নিৰ্মিত নানা পাটেকাৰৰ নিজা প্ৰযোজনা আৰু পৰিচালনাৰ চলচ্চিত্ৰ 'প্ৰহাৰ'  আছিল এইক্ষেত্ৰত সমান্তৰাল ছবি । ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত জে পি দত্তৰ 'বৰ্ডাৰ'  আছিল এইক্ষেত্ৰত অতুলনীয়, মৰ্মস্পৰ্শী আৰু অল টাইম ব্লকবাষ্টাৰ চলচ্চিত্ৰ, যি নিৰ্মাণ হৈছিল ১৯৭১ চনৰ যুদ্ধৰ এক সত্য ঘটনাৰ ওপৰত । সেইদৰে 'নয়া দৌৰ' (১৯৫৭), 'ৰৌজা' (১৯৯২), 'সাত হিন্দুস্তানী'(১৯৬৯), 'মাদাৰ ইণ্ডিয়া'(১৯৫৭), 'অব তুমহাৰে হাৱালে ৱতন সাথিয়ো' (২০০৪), 'ত্রিৰঙ্গা' (১৯৯৩) 'সূৰ্য' (২০০৮), 'ছৰফ'ৰুচ' (১৯৯৯), 'ৰুষ্টম'(১৯৮২,২০১৬), নীৰজা (২০১৬), গড্ডাৰ:এক প্ৰেম কথা (২০০১), পৰমাণু (২০১৮), মিছন মঙ্গল(২০১৯), গল্ড (২০১৮), দঙ্গল(২০১৬), লগান(২০০১), চক দে ইণ্ডিয়া (২০০৭), কেশ্বৰী(২০১৯), চিত্তনগঞ্জ(২০১২), মণিকাৰণিকা(২০১৯), মঙ্গল পাণ্ডে (২০০৫), ভগৎ সিং (২০০২), ৰং দে বাসন্তী(২০০৬), এ ৱেদনেছডে(২০০৮), দীৱাৰ(২০০৪), টেনগ' চাৰ্লি(২০০৫), এয়াৰলিফ্ট(২০১৬), মিছন কাশ্মীৰ(২০০০), দ্যা ঘাঝি এটেক (২০১৭), লক্ষ্য(২০০৪), এল অ' চি কাৰ্গিল (২০০৩), উৰী (২০১৯), ১৯৭১, মাদ্ৰাজ কেফে(২০১৩), বেবী(২০১৫), ৰাজী(২০১৮), ইত্যাদিৰ মূল বাৰ্তা আছিল দেশৰ প্ৰতি ভালপোৱা ।।

লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল, শিৱসাগৰ