খগেন গগৈ
তামোল পাণৰ শৰাই লৈ,
চতে আহি জনালেহি
মৌ সনা বহাগক
মিঠা নিমন্ত্ৰণ ।
আহ ঐ বহাগী বছৰৰ শেষ হল
পুৰনিৰ মলিনতা ধুই নিকা কৰি আহ জগাই অসমীয়া ৰ নতুন সপোন ।
ন-কুঁহিপাত মেলি
গছে সাজোন কাচিছে
ওখকৈ ডালতে কুলিয়ে গীত জুৰিছে নাহনে অ' কেতেকী বাই
মই কেতেকী পৰিচয়
কিয় জানো দিয়ে তই
কোনে তোৰ হেৰুৱালে জগতত চিনাকি মহান।
প্ৰেমৰ সুবাস লৈ সদায় আহিবি তই বহাগৰ বতৰত --এটি মিঠা গীত হৈ জুৰাবিহি আকুল পৰাণ।
বিহুটি চৰাইজনী কি দিম বিহুত বুলি কিয়নো সুধেহি বাৰে বাৰে।
কিনো বাৰু আছে তোৰ বিহুত দিবলৈ বুলি প্ৰাণৰ আবেগ ঢালি চেনেহৰ চুমা দুটি খাই যা-হি মনৰ জোখাৰে।
গীৰ গিৰালে ঢোলৰ মাতে,
তিহিটি পেপাৰ সুৰে,
বাজিল আকৌ তাতে-
ছন্দ ভৰা মোহনীয়া তাল।
পিৰ পিৰালে তেজৰ সোতে
বহাগ অহাৰ- বাতৰিতে
আনন্দতে গাভৰুৱে
লয়লাসে ভাঙিছে কঁকাল।
আকৌ আহিব এটি নতুন বছৰ
জাগিব নতুন আশা নতুন দিনৰ,
ঢোল পেঁপা গগনাৰে গাভৰুৰ নাচোনেৰে গৃহস্থৰ চোতালত
হুঁচৰিৰে কৰিব মুখৰ।
গুৱাপান দক্ষিনাৰে এখনি বস্ত্ৰ যাচি
সেৱা কৰি গৃহস্থই
খোজে আশীৰ্বাদ
ৰাইজ মোৰ ঐ---
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিবা-
গৃহস্থ কুশলে থাক।
----৹----
অভয়পুৰীয়া,খামুন
নামতি,শিৱসাগৰ