Type Here to Get Search Results !

বিষাদ

 পাপু নীলম


প্ৰেমৰ সাগৰত মইয়ে 
প্ৰথমজন ডুবাৰো নহয়।
হয়তো মই তোমাৰ প্ৰথম
প্ৰেমিকও নহয়।
কিন্তু তোমাক হৃদয়জোৰায়
সচাঁ ভাল পোৱা হয়তো মইয়ে
প্ৰথম জন ।
কিন্তু কি কৰিম মইতো তোমাৰ
চকুত সদায় অৱহেলিত ... ।

তুমিয়েতো ভাল পাৱ শিকায়ছিলা
তোমাৰ হাতত ধৰিয়ে
প্ৰেমৰ জখলা বগালো।
তোমাৰ খং অভিমান বোৰে
তোমাক মোৰ আপোন কৰিছিল।
আৰু মই সপোন দেখিছিলো
তুমি মোৰ হোৱা আৰু মই
তোমাৰ হোৱাৰ জনম জনমলৈ...।

কিন্তু মোৰ সকলো আশাৰ অৱসান
ঘটায় তুমি আতৰি আহিলা।
সদায় কাষত থকাৰ প্ৰতিশ্ৰুতি দি,
প্ৰেমক অপমান কৰিলা।
মোক হৃদয়হীন যন্ত্ৰ সজালা
হয়তো তুমি প্ৰেম প্ৰিয়জনক
পাবলৈ নহয়।
প্ৰযোজন পোৰাবলৈহে কৰিছিলা... ।