Type Here to Get Search Results !

বিষাদ

 ৰীমা শইকীয়া বৰা


মই তোমাৰ হৃদয়ত মোক নিজকে
হেৰুৱাই পেলাইছোঁ
তুমি জানো জানা

তুমি নজনাকৈয়ে মই 
মোৰ হৃদয় সঁপিলোঁ
তোমাৰ হৃদয়ত।।

তুমি কোৱা মৰমসনা
কঁহুৱা কোমল কথাবোৰে
মোৰ হৃদয়ত প্ৰেমৰ ঢৌ তোলে
ভালপোৱা বোৰে আবেগৰ কুঁৱলী ফালি 
তোমাৰ বুকুলৈ যেন ঢাপলি মেলিছে

কিন্তু হঠাৎ মোৰ ভালপোৱা বোৰ
শিলৰ বুকুত ঠেকা খাই
উভতি আহি মোক কলে,,,,

তুমি বোলে কাৰোবাৰ বাবে হে অপেক্ষা কৰিছা
আৰু মোৰ বাবে সাজিছা এখন 
গভীৰ প্ৰেমৰ চিতা।
        

হাবিয়াল গাঁও,গোলাঘাট