Type Here to Get Search Results !

ভাষাহীন প্ৰেম

 গীতাঞ্জলি দেৱী


শব্দবোৰ সজাবলৈ 
ভাষাবোৰ প্ৰকাশিবলৈ 
বুকুত সাজোন-কাচোন
এজাক আবেগ ।

সজল চাৱনিত 
হাঁহিময় দুটি ওঁঠত 
ভাষাহীন হয় 
তল-বল প্ৰেম ।

দুটোপাল চকুলোত
পাৰ ভঙা অভিমান 
মৰমে কামনা কৰে
মধুময় ক্ষণ ।