Type Here to Get Search Results !

বাণীৰ সাধনা

 দীপালী শইকীয়া গগৈ


কোনে বাৰু ক্ষণিকৰ বাবে হ’লেও
ফাকুগুৰিৰ ৰঙা,নীলা,হালধীয়া

অনেক ৰঙৰ সমাহাৰেৰে
মন চিত্ত ৰঞ্জিত কৰাৰ
আকুল তৃষ্ণা
আন্দোলিত হোৱা নাই ৷
অনুভূতিৰ মহাসিন্ধুত 
অৱগাহন কৰি অনুক্ষণ
হাবিয়াস ক্ৰমাৎ তীব্ৰৰ পৰা
তীব্ৰতৰ হৈ আাছে
নৱৰসৰ বিমল আস্বাদ লভাৰ ৷
চিনাকী বাঁহীৰ নিত্য নৱ সুৰৰ
অমল সংযোজনে ঐশ্বৰ্যময়
আৰু আলোকময় কৰি তোলাৰ
ব্যাকুল বিহ্বল আকাংখ্যাৰ
ময়ুৰপংখী উৰি থাকক
উৰিয়েই থাকক
চাতকীৰ বিমূৰ্ত ৰূপত ৷
সৃষ্টি জীপাল আৰু অনুপম অনুভৱৰ
লাৱণ্যময়ী সুৰ সংগমত
ভাস্বত হওক নিৰন্তৰ
বাণীৰ অমোঘ সাধনা ৷

আমগুৰি