সবিতা বৰুৱা
সন্ধিয়াৰ আইজাল চহৰ।লুংচিলাকামৰ পৰা সুন্দৰকৈ চহৰখন দেখি। ইতিমধ্যে চহৰৰ ঘৰ -দুৱাৰ,দোকান -পোহাৰৰ আটাইবোৰ লাইট জ্বলি উঠিছিল।শাৰী শাৰীকৈ শৃংখলাবদ্ধ ভাবে অহা যোৱা কৰা গাড়ীৰ হেডলাইটবোৰৰ পোহৰত চহৰখন দেখিবলৈ অতি মনোৰম হৈ পৰিছিল ।
আন্ধাৰ নিশা চুনাই নদীৰ কাষৰ লুংচিলাকাম চহৰ ।চাৰিও দিশে প্ৰকৃতিৰ গহীন নীজনতা। কীট পতংগৰ চিঁ-চিঞনি, পাহাৰৰ ওপৰৰ পৰা বৈ অহা নদীৰ পানীৰ কূল কূল শব্দ ।প্ৰকৃতিৰ এই মনোৰম পৰিৱেশত আমি দুয়ো - ইভা আৰু মই । ইভাৰ সোঁহাতখন মোৰ দুহাতৰ মাজত ।মূৰটো সামান্য হাওলাই মোৰ বাওঁ কান্ধত ভেজা দি আছে। দুয়োটাৰে দৃষ্টি দূৰ দিগন্তত ।কাৰো মুখত মাত নাই ।যেন যুগ যুগান্তৰ ধৰি থকা দুটা প্ৰেমৰ শিলা মূৰ্তিহে ।মৃদু বতাহ বলি আছে ।তাইৰ চুলি দুডালমান আহি বাৰে বাৰে মোৰ গালত স্পৰ্শ কৰিছেহি ।ইভাই হয়তো শিলটোৰ ওপৰত বহি বহি আমনি পাইছিল। লাহেকৈ তাই মূৰটো মোৰ উৰুৰ ওপৰত থৈ আকাশলৈ মুখ কৰি শুই দিলে । তাই হাতখন মোৰ হাতৰ পৰা আতৰাই মোৰ বাওঁ হাতখন তাইৰ দুহাতৰ মাজত ল'লে । এটা এটাকৈ তাই মোৰ হাতৰ আঙুলিবোৰ টানি টানি যাবলৈ ধৰিলে। মোৰ চকুযোৰ সেমেকি উঠিল ।কেনেকৈ বাৰু এই সময়বোৰ বুকুত বান্ধি ম ই ভৱিষ্যতৰ দিনবোৰ অতিবাহিত কৰিম এই কথা ভাবি ।
মনটো উৰা মাৰিছিল ইভাক প্রথম লগ পোৱা সময়খিনি লৈ ।ম ই বাংগালোৰৰ ইঞ্জিনিয়াৰিং কলেজৰ তৃতীয় বাষিকৰ ফাইনেল পৰীক্ষা দি ঘৰলৈ উভতিছোঁ। ট্রেইনতে প্রথম লগ পাওঁ ইভা আৰু তাইৰ মাক দেউতাকক । ভেলুৰৰপৰাউভতি আহিছিল ইভাহঁত । দীঘল চুলি কোচাৰে সৈতে গোল মুখৰ লাহী ছোৱালী জনীক প্রথম দেখাতেই মোৰ ভাল লাগি গৈছিল ।চিনাকী হৈছিলো তেওঁলোকৰ লগত ।দুই এটা কথা মত বিনিময় পাছত একেবাৰে সহজ আৰু আপোন যেন অনুভৱ হৈছিল সেই যাত্ৰা সময়খিনিতে। তাৰ ঠিক এবছৰ পিছত ম ই ইভাহতঁৰ ঘৰলৈ গৈছিলোঁ।
প্রথম বাৰৰ বাবে গৈছো ইভাহঁতৰ ঘৰলৈ ।মনত অজস্ৰ চিন্তা .... ,কি বা কয় তাই ? ম ই ইতিমধ্যেই তাইৰ অজানিতে তাইৰ প্ৰেমত পৰি গৈছো ।চিনাকী হোৱাৰ পাছতে আমাৰ মাজত চিঠি পত্ৰৰ আদান প্ৰদান হৈছিল মাত্ৰ বন্ধুত্ব পূণ ভাবেৰে। মোৰ মনৰ এই গোপন ভাববোৰ কেতিয়াও চিঠিত প্ৰকাশ কৰা নাছিলো।বহুত আশাৰে মনতে ভাবি আহিছোঁ ইভাক সন্মুখত কম বুলি কিন্ত্ত তাই বা কি বুলি কয় ! কম বা কি সাহসত ।কথাবোৰ চিন্তা কৰি কৰি উগুল থুগুল মন এটালৈ ইভাহঁতৰ ঘৰটো বিচাৰি উলিয়ালে। মোক দেখি তাই বৰ উৎফুল্লিত হৈ উঠিল ।মাক দেউতাকেও বৰ আনন্দিত হল ।
ইভাৰ মাক আইজাল চহৰৰ ওচৰৰে স্কুল এখনৰ শিক্ষয়ত্রী । দেউতাক বন বিভাগৰ কৰ্মচাৰী ।ইভা তেওঁলোকৰ একমাত্ৰ সন্তান ।ইভাহঁতৰ ঘৰলৈ অহা মোৰ উদ্দেশ্যটো কেনেকৈ প্ৰকাশ কৰো সেই কথাটোৱে মোক ভিতৰি ভিতৰি অস্হিৰ কৰি তুলিলে ।পাছৰ দিনা দুপৰীয়াৰ নিৰিবিলি এটা ক্ষণত ইভাক ভয়ে ভয়ে মোৰ প্ৰেমৰ প্ৰস্তাৱ দিলো। নাই, ম ই শংকা কৰাৰ দৰে একো ন'হল। ইভাৰো মোৰ প্ৰতি হৃদয়ত কিবা দুৰ্বলতা জন্মহৈছিল সম্ভৱ ।তাই পোনচাতেই মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ।সেই দিনটোৰ কথা মোৰ আজিও মনত পৰে ।কি যে প্ৰশান্তি ফুটি উঠিছিল মোৰ মুখত ।সেয়া আছিল মোৰ কল্পনাৰ নাৰী ওচৰত কৰা বাস্তৱ প্ৰেম আবেদনৰ সফলতা ।
এনেদৰে মোৰ ইভাহঁতৰ ঘৰলৈ অহা যোৱা চলি থাকিল ।ম ই প্ৰায়ে মন কৰিছিলো ইভাৰ গহীন মুখমণ্ডলত যেন
কিবা অপ্ৰকাশিত বিষাদ বেদনাৰ ডাৱৰ থুপ খাই আছে ।তাইৰ শূণ্য দৃষ্টি, উদাস উদাস ভাব মোৰ বাবে কিবা এটা সাঁথৰ যেন অনুভৱ হ'ল। এদিন আবেলি আমি দুয়ো ফুৰিবলৈ ওলাই গ'লো ।গৈগৈ আমি চহৰৰ শেষ প্ৰান্তত থকা এটা জুৰিৰ কাষত ডাঙৰ শিলৰ পাহাৰ এটাৰওচৰতব বহিলোহি। সন্ধিয়াৰ সময়। মানুহৰ আহ যাহ সেই সময়ত সেই ফালে প্রায় নাছিল। বহুত সময় আমি দুয়ো মৌন হৈ চাই আছিলোৰান্ধনি বেলিৰ শেষৰ ৰশ্মি খিনি । ইভাই লাহে লাহে উদাস দৃষ্টিৰে ৰাতিৰ আন্ধাৰত ডুব যোৱা বেলিটোলৈ চাই চাই কৈ গ'ল তাই জীৱনৰ কথা ।
জানা মৃন্ময়, সৰুৰে পৰা মা-দেউতাৰ সীমাহীন মৰমত ম ই ডাঙৰ হৈছো ।অভাৱ কি বস্তু বুজি নাপালো ।প্রথম শ্ৰেণীৰপৰা নৱম শ্ৰেণীলৈকে মই জীৱনৰ সোণালী বেলিৰসতে, মোৰ সোণোৱালী শৈশৱ আৰু প্রাক যৌৱনৰ দিনবোৰ পাৰ কৰিলো। ঠিক দশম শ্ৰেণীলৈউত্তীৰ্ণ হোৱাৰ ছয় মাহৰ পাছতেই মোৰ শৰীৰত এক জটিল ৰোগে দেখা দিলে ।বহুত চিকিৎসা চলিল মোৰ শৰীৰত ।এলপেঠিক, আয়ুবেদিক, সুমিওপেথিক, গাঁৱলীয়া দৰৱ ইত্যাদি ।কিন্তু আজি পৰ্য্যন্ত ম ই একো দৰবৰ পৰা আৰোগ্য হবলৈ সমথ নহলো ।সৌ সিদিনা তোমাৰ লগত ট্ৰেইনেৰে মুম্বাইৰ পৰা উভতি আহি থাকোঁতে হঠাৎ তোমাক লগ পাই মোৰ যে মনটো কিমান আনন্দ লাগিছিল সেই কথা বুজাব নোৱাৰো। ম ই জানো মোৰ মৃত্যু সমাগত তথাপি এই পৃথিৱী এৰি যোৱাৰ আগতে তোমাৰ দৰে এজন বন্ধুক পাই মোৰ জীৱনটো যেন ধন্য হ'ল। সেই বাবে ম ই তোমাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলো উৎফুল্লিত হৈ। জীয়াই থকা এই দিন কেইটা অন্ততঃ অলপ হলেও ৰঙীন হ ওঁ। ডাক্টৰে মোৰ অজানিতে মা আৰু দেউতাক মোৰ জীৱনৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে। মা -দেউতাই মোৰপৰা কথাবোৰ গোপনে ৰাখিছে, কিন্তু ম ই মোৰ শৰীৰৰ যন্ত্ৰণাৰ পৰা অনুমান আৰু অনুভৱ কৰিছো মৃন্ময় !ম ই আৰু মাত্ৰ কেইটামান দিনহে জীয়াই থাকিম ... মাত্ৰ জীয়াই থকা দিন কেইটাত মা আৰু দেউতাক
ম ই অকনমান হাঁহি দি সুখী কৰি ৰাখিবৰ বাবেই তোমাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিলো। ম ই হাঁহি থাকিলেই তেওঁলোকে ভাৱে কিজানি মোৰ বেমাৰটো ভাল পাইছোঁ। হাঁহিবলৈ ম ই বহুত চেষ্টা কৰো কিন্তু নোৱাৰো। জীৱনটোৰ প্ৰতি মোৰ মোহ নাইকিয়া হৈ পৰিছে। এটা সময়ত দেখা ৰঙীন সপোন বোৰে মোক বৰ অসহায় কৰি তোলে .....। তোমাক লগ পোৱাৰ পিছত এতিয়া তোমাৰ কথাই মোক শৰীৰৰ যন্ত্ৰণা পাহৰাই হহুৱাই ।ম ই হাঁহি হাঁহি মৰিব বিচাৰো মৃন্ময় ।
কথাবোৰ কৈ কৈ ইভা মোৰ বুকুত সোমাই উচুপি কান্দি উঠিল। ম ই সম্পূৰ্ণৰুপে মৌন হৈ পৰিলো ।ইভাক কিবা উত্তৰ দিবলৈ বা সান্তনা দিবলৈ কোনো ভাষাই বিচাৰি নাপালো। কিছুসময় পাছত তাই মূৰ তুলি শূণ্য দৃষ্টিৰে ,বৰ
কাতৰেৰে মোৰ ফালে চাই ক'লে -----
মৃন্ময়, মোৰ বিশ্বাস মোৰ জীৱনৰ আৰু কেইটামান দিন তোমাৰ প্রেমেৰে জীপাল কৰি ৰাখা ।মোক তোমাৰ কোলাত শেষ নিশ্বাস পেলাবলৈ দিয়া । ইভাৰ দুগালেদি তপত অশ্ৰু বৈ গল... ম ই, মোৰ বুকুৰ ভিতৰেদি অহা দুখৰ
ধুমুহা জাকক গভীৰ নিশ্বাসেৰে হেঁচি ধৰি ইভাৰ দুগালেদি বৈ অহা দুচকুৰ লোতক মুচি দিলো। তাই দুয়োখন হাতত ধৰি ম ই তাইক আশ্বাস দিলো জীৱনৰ অন্তিম ক্ষণলৈকে মোৰ সহাৰি। তাই বাবে যেন সেইয়াই আছিল নিঃসহায়,
অনিশ্চিত জীৱনৰ একমাত্ৰ প্রেম আৰু প্রেৰণাৰ আশ্ৰয় স্থলী ।
*************সমাপ্ত
সি়ংহদ্বাৰ, শিৱসাগৰ