Type Here to Get Search Results !

এনেদৰে ৰান্ধক কঁঠাল গুটি আৰু ৰঙালাও আগৰ সৈতে কল খাৰ

ভাৰতী পাটৰ বৰগোহাঁই


অসমীয়াৰ খাদ্য সম্ভাৰৰ তালিকাত কঁঠাল গুটিৰ জনপ্ৰিয়তা অতীজৰে পৰা আছে। সেয়েহে হয়তো কঁঠাল গুটি খায় বেয়া পোৱা মানুহৰ সংখ্যা খুব কম। অৱশ্যে কঁঠাল গুটিত আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় বিভিন্ন উপাদানো পোৱা যায়। ঠিক সেইদৰে ৰঙালাও হৈছে এনে এক পাচলি যিবিধ পাচলিৰ বাকলি, গুটি, ফুল আৰু আগ আমি খাদ্য হিচাপে খাব পাৰো বা খাওঁ । কঁঠাল গুটিৰ দৰেই ৰঙালাও আগ সকলোৰে প্ৰায় প্ৰিয় বুলি কলেও নিশ্চয় ভূল কোৱা নহব। ৰঙালাও আগ খাবলৈ যিমানেই ভাল সিমানেই আমাৰ স্বাস্থ্যৰ বাবেও বৰ উপকাৰী ।  
       ২০২০ বৰ্ষৰ এই সময়ছোৱাতেই যে বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা কৰোণা মহামাৰীক প্ৰতিৰোধ কৰিব পৰা বিভিন্ন গুণ কঁঠাল গুটিত আছে বুলি হঠাৎ চৰ্চালৈ আহিছিল। সেই কথা বাৰু আপোনালোকৰ  মনত আছে নে ? হয়তো আপুনিও সেই কথা গম পাই পূৰ্বৰ তুলনাত অলপ বেছিকৈ কঁঠাল গুটি খোৱাৰ অভ্যাস কৰিছিল। মইও বাৰু কঁঠাল গুটি খোৱাৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাছিলো। সি যি কি নহওঁক কঁঠাল গুটি খাবলৈ যিমান ভাল ঠিক সেইদৰে ই আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। এতিয়া যিহেতু কঁঠালবোৰ পকিছে আপোনালোকেও নিশ্চয় পৰা কঁঠাল খাই গুটিবোৰ থৈ দিছে কচুলতি, ৰঙালাও আগ, দাইল আদিৰ লগত ৰান্ধি খাবলৈ । গতিকে মই আজি আপোনালোকৰ বাবে কঁঠাল গুটি আৰু ৰঙা লাও আগৰ এটা টেষ্টি আৰু স্বাস্থ্যকৰ ৰেচেপিৰ লৈ আহিছো। যিটো তিৱা জনগোষ্ঠীৰ লোক সকলৰ পৰম্পৰাগত খাদ্য বুলিবও পাৰি। কিয়নো তিৱা জনগোষ্ঠীৰ লোক সকলো এই সময়ছোৱাতে এই তৰাকীৰটো বনাই খাইয়েই। তেন্তে আহকচোন পলম নকৰি মোৰ এই ৰেচেপিটোৰ বিষয়ে জানো। 
 
🔸ভিডিঅ'টো চাবলৈ লিংকটো ক্লিক কৰক🔸https://youtu.be/7Ka7CTeZ47s

       এই ৰেচেপিটোৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী /উপকৰণ কেইবিধ হৈছে - - 

উপকৰণ - 
* কঁঠাল গুটি, 
* ৰঙা লাও আগ, 
* কল খাৰ, 
* পিঠা গুৰি , 
* জালুক, 
* আদা - নহৰু, 
* জলকীয়া, 
* নিমখ - হালধী ।

প্ৰণালী -  
      প্ৰথমে কঁঠাল গুটি কেইটা  বাকলি গুচাই ঠাণ্ডা পানীত কিছু সময় তিয়াই থব আৰু ৰঙা লাও আগ খিনিও মিহি মিহি কৈ কাটি ল'ব। তাৰ পিছত এখন কেৰাহীত তেল নিদিয়াকৈ কাটি থোৱা ৰঙা লাও আগ আৰু কঁঠাল গুটি খিনি দি দিব আৰু লগতে অলপ মান নিমখো দি দিব। কিছু সময় ভজাৰ পিছত কুহুমীয়া গৰম পানী  অলপমান দি দিব আৰু কল খাৰ দুই - তিনি চামুচ মানো দি কঁঠাল গুটি খিনি সিজা লৈকে উতলাই থাকিব। অলপ সিজিবলৈ আৰম্ভ কৰিলে আদা - নহৰু, হালধী আৰু জালুকৰ গুৰি পানী দি ভাল দৰে মিলাই দি আকৌ ঢাকন দি সিজিবলৈ থৈ দিব। কঁঠাল গুটি খিনি ভাল দৰে সিজিলে পিঠা গুৰি কেইচামুচ মান পানী দি ভালদৰে মিলাই দি দিব আৰু জলকীয়া এটা কাটি দিব দিব। এতিয়া  কিছু সময় ভাল দৰে লৰাই জুইৰ পৰা নমাই দি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব। 

      আপুনি বাৰু আগতে এনেদৰে কঁঠাল গুটি আৰু ৰঙালাও আগৰ তৰকাৰী ৰান্ধি খাইনে ?  যদি নাই খোৱা তেন্তে এদিন এনেদৰে ৰান্ধি খাবচোন। এনেদৰে ৰান্ধিলে খাবলৈ বহুত টেষ্টি হয় আৰু লগতে শৰীৰৰো  যথেষ্ট উপকাৰ ‌সাধন কৰে । যদিহে মই বনোৱা প্ৰণালীটো চাব বিচাৰে তেন্ত লিংকটো ক্লিক কৰি ভিডিঅ'টো চাই লব পাৰিব। ভিডিঅ'ৰ লিংকটো হৈছে https://youtu.be/7Ka7CTeZ47s
       
       মই যে বাৰে বাৰে আমাৰ স্বাস্থ্যৰ বাবে এই তৰকাৰী বৰ উপকাৰী উপকাৰী কৈ আছো, আপোনাৰো নিশ্চয় মনত প্ৰশ্নৰ উদয় হৈছে যে কঁঠালৰ গুটি আৰু ৰঙালাও আগ এনেদৰে খালে নো আমাৰ শৰীৰত কি কি উপকাৰ হয় । সেয়েহে মই তলত চমুকৈ মোৰ সীমিত জ্ঞানেৰে কঁঠাল গুটি আৰু ৰঙালাও আগৰ গুণাগুণ কেইটামান দাঙি ধৰিলো। আশা কৰোঁ অভিজ্ঞ জনে থাকি থোৱা গুণা গুণবোৰ আঙুলিয়াই দি উপকৃত কৰিব। 
        ৰঙালাওৰ আগত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে, সেয়েহে ৰঙালাও আগ খালে আমাৰ দৃষ্টি শক্তি বৃদ্ধি হয় আৰু আমাৰ চকুযুৰিও সুৰক্ষিত হৈ থাকে।  ঠিক সেইদৰে ৰঙালাওৰ আগত থকা ভিটামিন - C য়ে আমাৰ দাঁত, হাড়, ছালৰ গঠন মজবুত কৰি ৰখাৰ লগতে নিৰোগী কৰি ৰাখে। ৰঙালাওৰ আগ মধুমেহ ৰোগী সকলৰ বাবে অতি উত্তম। ৰঙালাও আগত থকা আইৰণে আমাৰ শৰীৰত বিশেষকৈ বৃদ্ধ আৰু শিশু সকলৰ ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহায় কৰে। তদুপৰি ৰঙালাও আগে আমাৰ  শৰীৰৰ ওজন হ্ৰাস কৰাত আৰু হজম শক্তি বৃদ্ধি কৰাতো যথেষ্ট পৰিমাণে সহায় কৰা দেখা যায় ।

       ঠিক সেইদৰে কঁঠাল গুটিতো বহু পৰিমাণে ঔষধি গুণ আছে। ভিটামিন ' এণ্টি অক্মিডেণ্ট আদি  উপাদান থকাৰ বাবে কঁঠাল গুটি খালে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত  যথেষ্ট পৰিমাণে কৰে সহায় কৰে । কঁঠাল গুটিত থকা কেলছিয়াম ', মেগনেছিয়াম আদি উপাদান বোৰে  আমাৰ হাড়ৰ গঠন মজবুত কৰে আৰু লগতে মাংস পেশী সবল কৰাতো সহায় কৰে । কঁঠাল গুটিত থকা  ভিটামিন A দৃষ্টি শক্তি উন্নত কৰাৰ লগতে কুকুৰী কণা ৰোগ আৰু লগতে চকুৰ ছানি পৰা ৰোগ প্ৰতিৰোধ কৰে। কঁঠাল গুটি চুলিৰ বাবেও অতি উপকাৰী। ইয়াত থকা আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ  গঠন মজবুত কৰে । তদুপৰি কঁঠাল গুটিয়ে আমাৰ মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে বুলি প্ৰমাণিত হৈছে । 
    

       আলোচনী খনত প্ৰথমবাৰ লিখনি প্ৰকাশ কৰিছো, ভূল - ক্ৰুটি ৰৈ যোৱাতো স্বাভাবিক। আশা কৰোঁ আপোনালোকে মোৰ ৰৈ যোৱা ভূল- ক্ৰুটিবোৰ আঙুলিয়াই দিব। এই খিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে মোৰ Bharati’s Kitchen বুলি এটা নিচেই চালুকীয়া ইউটিউব চেনেল আছে । লিংকটো লিখনিটো মাজত দিছো। আশা কৰো আপোনালোকৰ সঁহাৰি পাম। শেষত 'সমলয়' আলোচনীৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, মোৰ এই সৰু লিখনিটো প্ৰকাশ কৰাৰ বাবে। ধন্যবাদ।