Type Here to Get Search Results !

আহোম ৰাজত্বৰ ৰজাঘৰৰ খাদ্যৰ বাবে ৰজাঘৰীয়া খেতি কৰা এখন ঐতিহাসিক পথাৰ জয় -খাম-ডাং খাত বা পথাৰ

 দীপজ্যোতি বৰগোহাঞি (মাদুৰি


১৬০৩ -১৬৩২ খ্ৰী:আহোম স্বৰ্গদেউ চুচেংফা বা বুঢ়া ৰজা ওৰফে প্ৰতাপসিংহৰ ৰাজত্ব কালতেই ঐতিহাসিক নাজিৰা নগৰৰ একেবাৰে দাঁতিতেই আহোম স্বৰ্গদেউসকলৰ ৰাজ পৃষ্ঠপোষকতাত শালি ধানৰ খেতি কৰিবৰ বাবে ব্যৱহাৰ কৰা বৃহৎ পথাৰ বা খাত খনেই ঐতিহাসিক জয় -খাম-ডাং খাত ৷আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰে পৰাই ৰজাঘৰীয়া খেতি কৰি পথাৰৰ ধান মজুত কৰি ৰাখিবলৈ ছ=অঁৰা ভঁৰালৰ সুব্যৱস্থা আছিল ৷যাৰ কথা বুৰঞ্জীৰ লগতে বুৰঞ্জী জনা বয়োজ্যেষ্ঠ সকলৰ মুখত এতিয়াও শুনা যায় ৷জয় =খাম -ডাং নামটোৰ তাৎপৰ্যৰ সম্পৰ্কে বহু কিম্বদন্তি বা জনশ্ৰুতি বা ৰূপ কথা এতিয়াও বয়োজ্যেষ্ঠ জনৰ মুখে মুখে শুনা যায় ৷জয় =হৈছে এজন নি:সন্তান ব্যক্তি বিশেষৰ নাম ;খাম ;সোণ ;কাপোৰ ভঁৰাল ডাং কাণ মাৰি বা টোপোলা কান্ধত কঢ়িয়াই লৈ যাব পৰা এডোখৰ মাৰি ৷আজিৰ তাৰিখত জয় -খাম - ডাং নিৰ্দিষ্ট পৰিমাণৰ চাৰিসীমাৰে আগুৰি থকা এডোখৰ খেতি ৰ মাটি বা পথাৰ ৷স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কাল অসম বুৰঞ্জীত প্ৰজাহিতকৰ কামৰ বাবে বিখ্যাত ৷তেখেতে ডেৰ গাঁৱৰ দেৱালয়ৰ লগতে বহু দ’ল বন্ধাইছিল ;ব্ৰাহ্মণ দৈৱজ্ঞক সোণ ৰূপৰ লগতে বিভিন দান আগবঢ়াইছিল ৷তেওঁৰ দিনতে দেবোত্তৰ আৰু ব্ৰহ্মত্তোৰ মাটি ভেটি দান দি উচ্ছৰ্গা কৰিছল ৷সেই বোৰৰ ভিতৰত জয় -খাম =ডাং খাত বা পথাৰ নিৰ্মাণ কৰোৱাও অন্যতম ৷তাৰ মাজতে বহু ব্যস্ততাৰ মাজতে ৰাজধানী গড়গাওঁলৈ আহি ৰাজকাৰেংৰ কাষত দিখৌ নদীৰ দক্ষিণ পাৰে ৰেৱতী গাঁৱৰ দাঁতিত এখন খাত বা পথাৰ নিৰ্মাণৰ মন মেলিছিল ৷জনশ্ৰুতিয়ে কয় যে ;সেই সময়ত সেই ওখ হাবিৰে ভৰা অঞ্চলটোত জয় নামৰ এজন নি:সন্তান লোকে পত্নীৰ সৈতে সুখেৰে বাস কৰিছিল ৷পথাৰ খনৰ সৰহ সংখ্যক মাটিয়েই জয়ৰ  দখলত আছিল বাবেই ৰজা ঘৰৰ ফালৰ পৰা ৰাজ আজ্ঞা বা আদেশ অনুসৰি জয়লৈ সেই মাটিৰ দখলি স্বৰ্ত এৰি দিৱলৈ কোৱা হৈছিল ৷কিন্ত জয়ে তেওঁৰ পুলিন পুথাওৰ সম্পতি এৰি আন ঠাইলৈ যাবলৈ অমান্তি হৈছিল ৷যদিও ৰাজ আদেশত ৰাজ সভাত স্বৰ্গদেউদেউৰ চৰণত ধৰি দীঘল দি পৰি কৈছিল ;স্বৰ্গদেউ ঈশ্বৰে বন্দীক কাটে বা মাৰেই যি কৰে মই কিন্ত মোৰ পুলিন পুথাঁওৰ সম্পতি এৰি কলেও নাযাওঁ ৷বা যাম কলৈ ?স্বৰ্গদেউৱে বহু বজাই বঢ়াই শেষত জয়ক কৈছিল জয় ;তই বিচাৰ তাকে দিও ;কেবল তই এই মাটি মোক দি আন ঠাইলৈ গুছি যা ৷বহু বুজনিৰ পাছত জয়ে কৈছিল ;স্বৰ্গদেউ ;যদিহে সত্য বুলিছে তেনেহলে ?এই মাটিৰ মুল্য হিচাবে ওজনৰ সমান সোণৰ মোহৰ মোক দিলেই হব ৷মই এই মাটি সম্পতি আপোনাক এৰি দি আন ঠাইলৈ গুছি যাম ৷জয়ৰ কথাত স্বৰ্গদেউ সন্মত হৈ ভঁৰালী বৰুৱাক মতাই আনি তুলাচনীত এফালে জয়ক বহুৱাই দি আনফালে তাৰ ওজনৰ জোখেৰে সোণৰ মোদৰ ৰাজকোষৰ পৰা  উলিয়াই দিয়াত জয়ে হৰ্ষচিতে (অতি আনন্দ মনে )কাপোৰেৰে মেৰিয়াই কান্ধত ডাং মাৰিৰে ভাৰ পাতি  আন ঠাইলৈ গুছি গৈছিল ৷সেই বাবেই পৰবৰ্তী সময়ত খাত বা পথাৰ খনৰ নাম জয় -খাম-ডাং হৈছিল ৷অন্য এটা জনশ্ৰুতিয়ে কয় যে ;জয় খাম ডাং এটা যুৰীয়া  আহোম শব্দ৷জয় ওখ বা টিলা খাম -সোণ ৰূপৰ ভঁৰাল আৰু কাপোৰ ডাং কাণ মাৰি ৷ইয়াৰ মুল অৰ্থ ওখ ঠাই বা টিলা খহাই খাত মৰা আৰু সেই খাতৰ উৎপাদিত শস্য ডাংৰে কঢ়িয়াই নি ভঁৰালত মজুত ৰখা ৷সেই বাবেই অঞ্চলটোৰ নাম জয়খাম ডাং হয় ৷জনশ্ৰুতি বা কিম্বদন্তিয়ে কয় যে ;এই খাত নিৰ্মাণ কৰাৰ আগতে এই অঞ্চলটো অটব্য অৰণ্যৰে ভৰা ;খাল বিল ;টিলা ডোঙা ;কোৰোকাতলি আৰু বিভিন্ন বন্যজন্তৰ আবাস ভুমি আছিল ৷লগতে খাত খনৰ উত্তৰ পুবে দিখৌ নদী আৰু দক্ষিণ দিশে নাফুক নদী  আদিয়ে তিনিওফালে আগুৰি থকা বাবে অঞ্চলটো জলাতক আছিল ৷অঞ্চলটোৰ মাটি উৰ্বৰা য’ত অপয্যাপ্ত পৰিমাণৰ শালী ধানৰ খেতিৰ শস্য উৎপাদন হৈছিল ৷ খাত খনে ৰজা ঘৰৰ সুস্বাদু খাদ্যৰ চাহিদা পুৰণ কৰিছিল আৰু অৰ্থনৈতিক দিশৰ এটা বুজন পৰিমাণৰ অভাব দুৰ কৰিছিল সাধাৰণ প্ৰজাৰ ৷লগতে খাত খনে প্ৰজাৰ যুগ যুগ ধৰি চাৰিও ফালৰ গাঁও সমুহত বসবাস কৰি অহা বিভিন্ন জনগোষ্ঠীৰ ধৰ্ম ভাষা সংস্কৃতিৰ লগতে সামাজিক বিকাশৰো ক্ষেত্ৰত পুৰণি কালৰে পৰা সাম্প্ৰতিক সময়লৈকে প্ৰভুত বৰঙণি যোগাই আহিছে ৷জয়- খাম -ডাং পথাৰৰ শস্যৰ ভাত যে আন ঠাইৰ মাটিতকৈ সুস্বাদু তেলেতীয়া সেই কথা তলৰ পুৰণি ফকৰাটোৰ পৰাও অনুমান কৰিব পাৰি ====""পেঙেৰাৰ চৰু ;দক্ষিণ এঙেৰাৰ গৰু ;বলমাৰ মাছ আৰু জয় খাম ডাংৰ ভাত ""সেয়ে ছাগে জয়খামডাং খাতৰ মাটিত উৎপাদিত শস্য স্বৰ্গদেউৰ ৰাজকাৰেংৰ চাংমাইশালৰ ভোজনৰ বাবে উৎকৃষ্ট আছিল ৷খাত খনৰ চাৰিসীমাৰ ঢাপবোৰ ঠায়ে ঠায়ে কিছু খহি গৈছে খেতিৰ পথাৰলৈ ৰুপান্তৰিত হলেও ভালেমান অংশৰ স্পষ্ট চিহ্ন এতিয়াও দেখিবলৈ পোৱা যায় ৷খাত খনৰ সোঁমাজত যোগ চিহ্নৰ দৰে পুৰণা ঢাপ বান্ধি সমজোখত চাৰিটা ভাগত বিভক্ত আছিল ৷সেই চাৰিটা ভাগৰ ভিতৰত উত্তৰ পশ্চিম অংশত ৰজাবাৰী নামেৰে এখন পুৰণি বাৰী আছে ৷বাৰী খনত স্বৰ্গদেউ চুক্লেংমুং ওৰফে গড়গঞা ৰজাৰ (খ্ৰী:১৫৫২ )বাস কৰিছিল ৷পুৰ্বতে বাৰী খনৰ মাটি কালি ৫০ বিঘা মান হব যদিও বাৰীখনৰ আয়তন নিৰীক্ষণ কৰিলে চৰকাৰী হিচাবতকৈ বহু বেছি হব ৷জনশ্ৰুতি বা কিম্বদন্তিয়ে কয় যে ;এই ৰজাবাৰীতে চ’অঁৰা (চৌবিশটা )মেটমৰা জয়খামডাং পথাৰৰ উৎপাদিত শালী ধানৰ ভঁৰাল আছিল ৷তাৰে ভিতৰত জয় :অক্ষয় ;বিজয় আৰু অজয় নামৰ প্ৰকাণ্ড চাৰিটা ভঁৰাল কাহানিও খালী নহৈছিল ৷স্বৰ্গদেউৰ পথাৰৰ উৎপাদিত লক্ষ্মী (ধান )সদায়ে বিৰাজ মান আছিল  ৷সেই শস্য ৰজাঘৰীয়া ভঁৰালত সংৰক্ষণ কৰি ৰখাৰ সু ব্যৱস্থা আছিল ৷প্ৰতি ভঁৰালত এহেজাৰ মোনৰ পৰা দহ হাজাৰ মোনতকৈ অধিক  ধান মজুত আছিল ৷বুৰঞ্জীবিদ গেইটৰ মতে ;"স্বৰগদেউ জয়ধৱজসিংহৰ দিনত মোগল সেনাপতি মিৰজুমলাই  আহোম ৰাজ্যৰ ৰাজধানী আক্ৰমণ কৰোতে গড়গাঁও অধিকাৰ কৰি ৮২ টা হাতী তিনি লাখ টকাৰ মুল্যৰ সোণ ৰূপ হস্তগত কৰিছিল ৷ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৰজাবাৰীত অৱস্থিত ছ’ অঁৰা ভঁৰাল মিৰজুমলাই হস্তগত কৰা ১৭০ টা ভঁৰালৰ অন্তগৰ্ত আছিল ৷স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত  মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল যদিও তেওঁ সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিছিল ৷স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা গৌৰীনাথ সিংহৰ ৰাজত্ব কাললৈকে এই সুদীৰ্ঘ সময়চোৱাত চলি থকা মোৱামৰীয়া বিদ্ৰোহ প্ৰবল আক্ৰমণত আহোম ৰাজ্য প্ৰায় উচন গৈছিলেই ৷সেই সময়চোৱাত ভালেমান প্ৰজাৰ প্ৰাণ হানি হোৱাৰ উপৰিও ৰাজ্যৰ অৰ্থনৈতিক মেৰুদণ্ড বেকা হৈ গৈছিল ৷যাৰ বাবে বিস্তৰ ধন ;জন ;সোণ বিস্তৰ ক্ষতি সাধন হৈছিল ৷মোৱামৰীয়াহতে খ্ৰী;১৭৮০ বহাগ মাহৰ ৰাতি শিঙৰি ঘৰত জুই দিয়াৰ লগতে স্বৰ্গদেউ আৰু ডা -ডাঙৰীয়া সকলৰ ঘৰ বাৰীল লগতে ভঁৰলা সমুহতো জুই দিছিল ৷কথিত আছে যে সেই জুই উমি উমি বহু দিনলৈ জ্বলিছিল ৷এতিয়াও জয়খামডাংৰ ৰজাবাৰী অঞ্চলত ডেৰ ফুট মান মাটি খান্দিলেই কলা ছাই আৰু পিঠা গুৰিৰ নিছিনা বগা মাতি তৰপে তৰপে ওলোৱা দেখা যায় ৷আজি অলপ দিনৰ আগলৈকে মাটি খান্দোতে ইটাৰ টোকোৰা ;শালকাঠৰ খুটাৰ টোকোৰা বোৰ ক্ৰমে থুকুৰা ;ধৰণী আদি কামত ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰিব পৰা যায় ৷জয়খাম ডাং খাতৰ নামৰ লগত জড়িত আন এটি অতি প্ৰাচীন কীৰ্তি চিহ্ন হ’ল সেই অঞ্চলৰ সোঁমাজতে স্বৰ্গদেউ জয়ধৱজ সিংহই খন্দোৱা(১৬৪৮-১৬৬৩খ্ৰী:) লখিমী পুখুৰী যাৰ নামেৰেই পৰবৰ্তী সময়ত অঞ্চলটোৰ নাম লখিমী পুখুৰী হয় ৷চৰকাৰী তথ্য মতে ইয়াৰ মাটি কালি পানীত ২০ বিঘা পাৰৰ সৈতে ৫০ বিঘাৰ কম নহব ৷এই  পুখুৰীৰ চকচকীয়া পানীত স্বৰ্গদেউ জয়ধৱজ সিংহৰ ৰাজত্ব কালতেই জয়খাম ডাং খাতত উৎপাদিত শস্য চপাই ছ ’অঁৰা ভঁৰালত ৰাখিবলৈ আনুষ্ঠানিক ভাৱে পুখুৰীৰ পানী তুলি আঁয়তী সকলৰ দ্বাৰা লখিমী আদৰি শুভ কাৰ্য  সম্পাদন কৰিবৰ বাবেই এই পুখুৰীটো খন্দোৱাইছিল ৷লখিমী তোলাৰ পৰাই পুখুৰীটোৰ নাম লখিমী পুখুৰী হ’ল ৷লগতে ৰজাবাৰীৰ ভিতৰতে কোৰ আৰু নাঙল ধোৱাৰ বাবে আন দুটা পুখূৰীও দেখা যায় যি বৰ্তমান পিতনি সদৃশ ৷পুখুৰী দুটা ঘাঁহ বন গজি অৱস্থা অতি সুচনীয় ৷আধাপোত গৈ পথাৰলৈ ৰুপান্তৰিত হৈছে ৷স্থানীয় লোকে পাৰ খহায় নিজৰ দখললৈ নিছে পুখুৰী দুটা ৰজাবাৰীৰ ভিতৰত ৰাজপৰিয়ালৰ লোক সকলেই ব্যবহাৰৰ বাবেই খন্দোৱাইছিল বুলি বিশ্বাস হয় ৷সৰ্ব শেষত ক’ব পাৰি যে ;নাজিৰা নগৰৰ গাতে লাগি থকা জয় খামডাং খাতে আজিও ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ বহু ইতিহাসৰ বহু  সোণোৱালী ইতিহাস বুকুত সযত্নে সাঁচি ৰাখিছে ৷যাৰ বুকু সঠিক ৰূপত খুছৰিলে উন্মোচিত হব  হ’ব বহু স্বৰ্ণময় অতীতৰ হেঁৰাই যোৱা স্মৃতিৰ সজল ৰেঙণি (দুখন আলোচনী “কাম জয় আৰু লখিমী পুখুৰী জয়খাম ডাং গাঁৱৰ বৰ নামঘৰৰ দ্বি -শত বৰ্ষ উপলক্ষে প্ৰকাশিত স্মৰণিকা "অন্তৰীক্ষ ত মই লিখি  প্ৰকাশ হোৱা যদিও এজন মোৰ শ্ৰদ্ধাৰ ককাইদেউ তথা মোৰ লেখা ৰ সু পাঠক ৰ আদেশত আকৌ লিখিলো )