Type Here to Get Search Results !

অসফলতা সাময়িকহে,চিৰস্থায়ী নহয়

 সঞ্জীৱ কুমাৰ মহন্ত


খেলুৱৈজন আমাৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ,তেওঁ আন্তঃৰাষ্ট্ৰীয় অভিশেষ ঘটিছিল ভাৰতৰ বিৰুদ্ধে ১৯৯০ চনতেই ।

চণ্ডীগড়ত হোৱা টেষ্টমেচখনৰ দুয়োটা ইনিংছত ০ আৰু ০ ৰাণতেই আউত হ'ল তেওঁ । ফলত দলে বাদ দিলে । তেওঁ ঘৰুৱা ক্ৰিকেটত মনোনিবেশ কৰিলে । তাত ভাল প্ৰদৰ্শন কৰাৰ ফলত প্ৰায় ১৭ মাহৰ পিছত অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে খেলিবলৈ তেওঁ ছিলেক্ত হ'ল , তাতো তেওঁ খেলা টেষ্ট মেচখনত প্ৰথম ইনিংছত কৰিলে ০ আৰু ২য় ইনিংছত ১ ৰাণ (তাকো লেগ বাইহে আছিল,আম্পায়াৰে ভুলবশতঃ ৰাণ দিলে তেওঁৰ নামত) । 


পুনৰ বাদ পৰিল দ'লৰ পৰা । আকৌ ঘৰুৱা ক্ৰিকেট লীগবোৰ খেলিলে ,তাত ভাল প্ৰদৰ্শন কৰি দললৈ আহিল আৰু এইবাৰো খেলিবলৈ পোৱা একমাত্ৰ টেষ্ট খনৰ দুয়োটা ইনিংছতে ৰাণ কৰিলে '০' আৰু কেৱল '০' । জীৱনৰ প্ৰথম ৬ টা ইনিংছ ,ৰাণ মাথো কেৱল ১ ।  দেশৰ সকলো সমালোচকে ক'লে এওঁ আন্তঃৰাষ্ট্ৰীয় খেল খেলাৰ যোগ্যই নহয় ।  ফলত বাদ পৰিল  । কিন্তু তেওঁ ঘৰুৱা ক্ৰিকেট খেলিবলৈ নেৰিলে ,ঘৰুৱা ক্ৰিকেট যথেষ্ট সময় দিলে,ভাল ভাল ইনিংছ খেলি পুনৰ ২ বছৰৰ পিছত দললৈ উভতিল ।  এইবাৰ খেলিবলৈ পালে নিউজিলেণ্ডত । তাতো তেওঁ দুটা ইনিংছত কৰিলে মাথোঁ ২২ ৰাণ আৰু ২৫ ৰাণ । কিন্তু সেইসময়ৰ কিৱিৰ দুৰ্দান্ত বলিং লাইন আপৰ বিৰুদ্ধে টিকি থকাৰ যি দৃঢ়তা দেখুৱালে তাত মুগ্ধ হৈছিল  #ৰাণাতুংগা__জয়সূৰ্য__আৰু__অৰবিন্দ_দি_ছিলভা ।
তাৰ পিছতো ৪ টামান ইনিংছত ৪০  ৰাণৰো অধিক কৰিব নোৱাৰিলে । সেইসময়ত তেওঁক খুব  চাপৰ্ট কৰিছিল উপৰত উল্লেখিত খেলুৱৈ ৩জনে ।

 তেওঁলোকৰ অনুৰোধতে  (ব্যৰ্থতা সত্বেও )  টিম  মেনেজমেন্টে  কেইমাহমানৰ পাছত ভাৰত অভিমুখী শ্ৰীলংকাৰ দ'লত পুনৰ সুযোগ  দিলে খেলুৱৈগৰাকীক ।

#তাৰ পাছত  দ'ললৈ প্ৰত্যাৱৰ্তনৰ পাছত 

প্ৰথমখন_টেষ্টতে_এক_দুৰ্দান্ত_শতৰাণ । ১৪ টাকৈ বাউণ্ডেৰীৰে চাৰিওফালে কোবাই খেলিলে এই খেলুৱৈজনে । গোটেই ছিৰিজটোতে ধুনীয়া খেলি ৪ টা ইনিংছত সংগ্ৰহ কৰিলে ২৬৮ ৰাণ ।  তাৰ পিছত আৰু তেওঁ পিছলৈ উভতি চাব লগা নহ'ল । 

#জীৱনৰ প্ৰথম ছটা ইনিংছৰ মাথোঁ ১ ৰাণ কৰা শ্ৰীলংকাৰ খেলুৱৈজনে টেষ্ট কেৰিয়াৰত গোটালে ৬ টাকৈ দ্বিশতক সহ মুঠ ১৬ টা শতকেৰে সৰ্বমুঠ ৫৫০০ ৰাণ । গড় ৰাণ ৩৮ ৰো অধিক ।

আনহাতে এদিনীয়া ক্ৰিকেটতো তেওঁ পিছ পৰি নাথাকিল ,২৬৮ খন এদিনীয়া খেল খেলি  ৩৭ ৰো অধিক গড় ৰাণেৰে মুঠ ৮৫০০ ৰো অধিক ৰাণ কৰিলে । শতৰাণ মুঠ এঘাৰটা । দলৰ কঠিন সময়ত কেইবছৰমানৰ বাবে তেওঁ দলৰ অধিনায়কৰো দায়িত্ব পালন কৰিলে ,তাতো তেওঁ সফলত‍া অৰ্জন কৰিছিল ।

খেলুৱৈ জীৱনৰ প্ৰথম_মেচবোৰ_আৰু_ #ইনিংছকেইটাত_চুড়ান্তভাৱে_ব্যৰ্থ_হোৱা_সত্বেও_হাৰ নামানি,নিজৰ কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে কেৱল শ্ৰীলংকাৰেই নহয় সমগ্ৰ বিশ্বৰে এজন অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰলৈ পৰিগণিত হোৱা এই খেলুৱৈজনেই আছিল ##মাৰভান__আট্টাপাটু...#নামটো_নিশ্চয়_মনত থাকিব,ক্ৰীড়াপ্ৰেমীসকলৰ ॥

(বিঃদ্ৰঃ   বিখ্যাত কমেন্তেটৰ হৰ্ষা_ভোগলে দেৱৰ এটা ইন্টাৰভিউত শুনা কথাৰ সহায়লৈ )


চকীমুখ